মাঘৰ বিহুৰ মেজিৰ জুইয়ে গ্ৰাস কৰক অসুয়া – অপ্ৰীতি – শতাব্দী শৰ্মা 

Pc Instagram ( GuwahatiPlus)

মাঘৰ বিহুৰ মেজিৰ জুইয়ে গ্ৰাস কৰক অসুয়া – অপ্ৰীতি

 শতাব্দী শৰ্মা 

আমোলাপট্টি, নগাঁও 
চাওঁতে চাওঁতে নতুন বছৰৰ লগে লগে অসমীয়াৰ বাপতিসাহোন ভোগালী বিহু পালেহি। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত কোনেও নভবা এটা বেয়া খবৰে সমগ্ৰ অসমকে শোক সাগৰত নিমজ্জিত কৰিলে। এতিয়া ভোগালী সন্ধিয়া কোনোবা লাইভ অনুষ্ঠানত গীত গাবলৈও জুবিন দা নাহে আৰু কোনোবা ব’হাগী বিদায়ৰ নিশা নতুবা বসন্ত উৎসৱতো তেখেতে গীতেৰে মনোৰঞ্জন দিবলৈ ঘূৰি নাহে। সঁচাই ২০২৫ যেন এক অভিশপ্ত বছৰ। কিন্তু এই নতুন বছৰৰ আৰম্ভণি সুন্দৰ হওক। সমাজৰ পৰা বেয়াবোৰ নোহোৱা হওক। হত্যা, হিংসা , ধৰ্ষণ , ঠগ এই আটাইবোৰ নোহোৱা হওক। কোনো নিৰপৰাধ যুৱকৰ বহিঃৰাজ্যত পঢ়িবলৈ যোৱাই কাল নহওক , কোনো কষ্টসাধ্য যত্নৰে লালন – পালন কৰা বনাঞ্চলত জুই লাগি ধ্বংস নহওক ,কোনো মানসিক বিকাৰগ্ৰস্ত যুৱতী কামনাৰ বলি নহওক , কোনো নিঃসহায় মানুহ সুবিধাবাদীৰ জালত নপৰক ,তাকেই কামনা কৰিলোঁ। এই নতুন বছৰটো সম্ভাৱনা আৰু আশাৰ বছৰ হওক। মানুহবোৰৰ জীৱনলৈ অনাবিল সুখ আৰু সফলতা ঘূৰি আহক। মাঘৰ বিহুৰ আগমণে বিষাদগধূৰ মনবোৰ উৎফুল্লিত কৰি তোলক। মেজিৰ জুইত জাহ যাওঁক নেতিবাচকতা, অনৈতিকতা, বিশৃংখল পৰিস্থিতি। মেজিৰ জুইত জাহ যাওঁক লুণ্ঠন , অত্যাচাৰ , অবিচাৰৰ কাহিনী। নতুন পৃষ্ঠাত পঞ্জীভূত হওঁক উদ্দীপনাৰ নৱ সম্ভাৰ। অসমবাসীৰ মংগল হওক।