মাক সুঁৱৰি একলম
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
শ্ৰদ্ধেয়া
মা,
প্ৰথমতে তোমালৈ সেৱা জনাইছোঁ।
নাজানো তুমি কেনে আছা , আশা কৰোঁ
ভগৱানে তোমাক বৈকুণ্ঠ লাভ কৰাইছে।
কিছু মুহূৰ্তৰ বাবে চকুৰ আঁৰ হ’লেই
গোটেই ঘৰখনেই মা…মা …কৈ চিঞৰি
মূৰত দাঙি লোৱা ছোৱালীজনী
আজি পাঁচটা মাহ ‘মা’-ৰ অবিহনে
অতিক্ৰম কৰিলে । কিছু যেন শিকিছে
জীৱনটো যে অভিনয়ৰ বিশাল ৰংগমঞ্চ ।
মৃত্যু শাশ্বত, জানিও
মায়া জালত আবদ্ধ হৈ দুখৰ অমৃত পান
কৰি থাকে সকলোৱেই বিনাদ্বিধাই
ক্ষন্তেকীয়া এই পৃথিৱীত ।
প্ৰতিটো ক্ষণ ওঁঠ চেপি , দাঁত কামুৰি
অশ্ৰুধাৰাৰ গতি কোনোমতে স্তব্ধ কৰি
জীয়াই আছে, শত-সহস্র স্মৃতিৰ
দলিচাত পৰি…
জানা মা, আজিকালি ঘৰলৈ গৈ শান্তি নাপাওঁ,
এক অবুজ বেদনাত ছটফটীয়াই থাকোঁ প্রতিটো ক্ষণ ।
পদূলিৰ দূবৰিবনৰ পৰা আদি কৰি
ঘৰখনৰ প্রতিটো বস্তুতেই তুমি তুমি গোন্ধ পাওঁ,
অন্তৰখনে চিঞৰি উঠে…
তোমাৰ এষাৰ মাত শুনিবলৈ,
চাৰিওফালে যেতিয়া আনে মা…মা …কৈ মাতে
তেতিয়া উচুপি উঠো , হিয়াখন উজাৰি
দীৰ্ঘাশ্বাসে মা… বুলি তোমাক মাতিবলৈ মন যায়,
কাণত এতিয়াও প্রতিধ্বনি বাজি উঠে, সেইদিনবোৰৰ
তোমাৰ মৰম , আকলুৱা গালি পৰা শব্দবোৰ
যেন আছিল মৌসনা স্নেহৰ বাণী…
ঘৰলৈ গৈয়ে তোমাৰ ফটোখন আলমাৰিৰ পৰা
উলিয়াই বুকুত গুঁজি লওঁ
কাৰণ এতিয়া ঘৰলৈ গ’লে গেটৰ পৰাই
বুকুত সাৱটি ভিতৰলৈ লৈ যোৱাৰ বাবে
তুমি ৰৈ নাথাকা…!
আৰু ওভতাৰ সময়ত আকৌ
আলমাৰিত ভৰাই থৈ আহোঁ,
কিয়নো দেউতাই সহ্য কৰিব নোৱাৰে
তুমি এনেকৈ ফটোৰ ফ্রেমত স্থান লোৱাটো ।
সেয়ে দেউতাৰ দৃষ্টিগোচৰ নোহোৱাকৈ ৰাখি থওঁ,
জানা মা, তুমি ৰোৱা অমিতা গছজোপা
লমা-লমে অমিতা লাগিছে,
সেই যে চৰিয়াত ৰোৱা আদাবোৰ
নৱবধুৰ দৰে সাজি-কাচি ওৰণিখন
আঁৰি লৈছে, কিন্তু সিহঁতেও তোমাৰ হাতৰ পৰশ পাবলৈ
চকু চলচলীয়া হৈ ৰৈ থাকে…
আৰু বাল্টিত ৰোৱা উৰহীজোপা বগাই
মোৰ জেতুকা গছজোপা মেৰিয়াই পেলাইছে,
কোনে ক’ব দেউতাক,
‘যোৱা উৰহীকেইটা , অমিতাকেইটা পাৰি
ছোৱালীজনীক দি আহাগৈ’…!
অ’ মা জানা, লাহে লাহে দেউতাই তুমি হৈ উঠিছে ,
সেই যে বাৰিষাকালতে তুমি ভোলৰ গুটি লগাইছিলা
কঁঠাল গছৰ গুৰিত , গোটেই গছ টিনৰ চাল বগাই
আগুৰি পেলাইছে , শুকাই যোৱা ভোলকেইটা
দেউতাই পাৰি মোনাত ভৰাই থৈ দিছে
ছোৱালী দুজনীক দিবলৈ গা ঘঁহিবলৈ।
আমলখি, শিলিখাবোৰ চালত দি
শুকুৱাই থৈ দিয়ে, জানেই জাঙৰজনী আহিলেই
এইবোৰ লাগিব, তুমি হৈ উঠিছে দেউতা…!
জানা , মাঘৰ বিহুত তোমাৰ হাতৰ পিঠা নাপাই,
এটা পিঠাও মুখত নিদিলে দেউতাই।
নাই মা, দেউতাৰ মুখৰ সেই স্বতঃস্ফূৰ্ত হাঁহি
শেঁতা পৰি থাকে মুখখন,
তুমিহীনতাত নিস্তেজ হৈ পৰিছে জীৱন ;
ৰঙীন সপোনবোৰ উকা পৃষ্ঠা হৈ পৰিছে !
অ’ মা তুমি জানানে? জানুৱাৰীৰ ২২ তাৰিখে অযোধ্যাত
ভগৱান ৰামচন্দ্রৰ প্রাণ প্ৰতিষ্ঠা কৰা হৈছে
সুদীর্ঘ ৫০০ বছৰৰ অধীৰ অপেক্ষাৰ অন্তত
সত্যৰ জয় প্রতিষ্ঠা হৈছে,
ইমান বছৰে যেন বনবাসী ৰাম নিজ গৃহত প্ৰৱেশ কৰিছে।
ভগৱানলৈ মোৰ এটাই কাতৰ প্রার্থনা তোমাক যাতে ভালে ৰাখে,
তোমাৰ আত্মাৰ মোক্ষপ্ৰাপ্তি দিয়ে
ভালে থাকা মা, আৰ্শীবাদ কৰিবা
তোমাৰ দুজনী কলিজাক, যাতে ধৈর্যৰ সীমনা স্থিৰ হয় ।
জানা মা, ঠিক তোমাৰ-দেউতাৰ দৰে স্নেহৰ
আকাশ হৈ দাদা এজন জীৱনলৈ আহিছে
যিয়ে তুমিহীনতাৰ যন্ত্ৰণা – বেদনাৰ পৰা
তুলি আনি ভ্ৰাতৃত্বৰ এনাজৰীৰে জীয়াই থকাৰ
এক পথ প্ৰশস্ত কৰি দিছে…
আজিলৈ সামৰিছোঁ মা, অশ্ৰুসিক্ত নয়নে
আৰু ধৈৰ্য ধৰিব পৰা নাই,
তিয়াই পেলাইছে মোৰ ডায়েৰীৰ পৃষ্ঠা,
বিশাল হিম পর্বতটো বুকুত গুঁজি
ওঁঠত বাধ্যতামূলক হাঁহি এটি বিৰিঙাই
জীয়াই থাকিম মা তোমাৰ অবিহনে…
পৰজনমত তোমাৰ কোলাত আকৌ
জন্ম গ্ৰহণ কৰাৰ পৰম বাঞ্ছাৰে
সামৰিছোঁ মা…
ইতি,
তোমাৰ চকুৰ মণি
সুনু, গোৰেশ্বৰ