মাক আৰু সন্তান
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি
:কেতিয়াবা সন্তানৰ কাৰণে কিছুমান সিদ্ধান্ত লওতে পলম হয় কিন্তু শেষত সঠিক সিদ্ধান্তই উঠি অহা কণ কণ শিশুৰ ভৱিষ্যত সুৰক্ষিত কৰে তেনে এক কাহিনী।
বিষাদৰ বৰষুণ জাকে আজিও বৰকৈ কঁপালে । চৌপাশ সেমেকি আছে তথাপিও তাই জুহালৰ ফালে খোজ আগবঢ়াবলৈ বিছনাৰ পৰা উঠি আহিল কিন্তু দেহাটো জঠৰ হৈ একেঠাইতে ৰৈ গ’ল । অকণমান শক্তি নাই নোৱাৰে তাই উঠিব তথাপিও সন্তানৰ কাৰণে যেন মনৰ শক্তিৰ লগত যুঁজ কৰিছে। গোহালিত গৰু কেইটাক দানা পানী দি থৈ আহিল। সন্ধিয়া হৈছে গাটো তিয়াই গোসাঁই থাপনাত চাকি গছি জ্বলাই দিলে ।মুখেৰে হৰিপদ এফাকি গালে —-
কিমতে ভকতি কৰিব তোমাক হৰি হে
মই মূঢ়মতি নাজানোঁ তাৰ উপায়।
:মা,ভাত আছে নে?
:নাই অ সোণ,অকণমান অপেক্ষা কৰ মই বনাম পাচলি খিনি কাটি লওঁ।
:আজিও তাই চাৰিওফালে চকু ফুৰাই চালে ,মদৰ বটলটো ইকাতি হৈ পৰি আছে ।সি নাই কৰবাত ওলাই গৈছে তাই আৰু একো ভাবিব পৰা নাই পিঠিত বিষ থাকিলেও তাই আজি অকণমান শান্তি পাইছে। তাঁত শালৰ কাপোৰ বেছি পোৱা টকা খিনি তাই ৰক্ষা কৰিব পাৰিলে । চৰুত ভাত মুঠি বহাই দি হেতা খনৰে লৰাই থাকোঁতে আঙুলিতো পুৰিলে।চাদৰৰ আচলেৰে চকুপানী খিনি মচি ল’ৰাটোক ভাত খাব মাতিলে।সোণ আহ ভাত দিছোঁ–
:অ গৈছোঁ মা।
:সোণ,এটা কথা ভাবিছোঁ তোক কোৱা নাই অহাকালি আমি এইখন ঘৰ এৰি গুচি যাম। মোৰ পিতাই দিয়া পথাৰৰ আলিৰ কাষৰ ঠাইত এটা খেৰিঘৰ আছে তাতে থাকিম ।তইতো জান-! মদাহী দেউতাৰৰ মহাভাৰত তোৰ সদায়ে পঢ়াত অসুবিধা তাতকৈ আমি দুয়ো অকলে মোমায়েৰ হঁতৰ গাঁওৰ খেৰিঘৰত শান্তিৰ থাকিব পাৰিম তয়ো ভালদৰে পঢ়িব পাৰিবি ।
: হ’ব দে মা,মই সদায় তোমাৰ লগতে থাকিম । তোমাৰ সিদ্ধান্তত ময়ো একমত।কাৰণ এনেকৈ থাকিলে তুমি এদিন শেষ হৈ যাবা !তোমাক মই হেৰুৱাব নোৱাৰোঁ ।তাৰ চকুজুৰি চলচলিয়া হ’ল ,মাকক জোৰকৈ সাবটি ধৰিলে।
:তাইৰ মনতো ফৰকাল লাগিল।এই সিদ্ধান্ত কেতিয়াবাই ল’ব লাগিছিল,পিঠিখন ক’লা নপৰিলে হেতেন কিন্তু মা-পিতাই বিয়া দিওঁতে কোৱা কথাষাৰৰ কাৰণে–“মাইতো আজিৰ পৰা সেইখন ঘৰ নিজৰ বুলি ভাবিবি স্বামীক ভগৱানৰ দৰে অন্তৰত স্থান দিবি” ।সেয়াই তাইৰ ডাঙৰ ভুল হ’ল ।যি নহওক ৰাতিপুৱালে গাঁওবুঢ়া ৰাইজক মাতি সকলো কথা জনাই গুছি যাব ।পিছত যাতে কোনেও তাইক দোষ দিব নোৱাৰে।এতিয়া তাইৰ শাহুৱেকলৈ মনত পৰিল ইমান সাদৰি মহিলা আছিল ।তেখেত থকা হ’লে তাইৰ এই অৱস্থা নহ’লহেতেন। চুইছ টিপা মোবাইলতো হাতত লৈ ককায়েকক ফোন কৰিলৈ।তাইৰ কথাবোৰ শুনি সিহঁতেও আহিবলৈ ক’লে কিন্তু এটা কথা স্পষ্ট কৰি দিলে ককায়েকে তাই নিজৰ জন্মগত ঘৰখনত থাকিব লাগিব ,অকলে পোনাতিক লৈ খেৰিঘৰত থাকিব নালাগে।ককায়েকৰ কথা শুনি তাইৰ মনতো প্ৰশান্তিৰে ভৰি পৰিল ,ইশ্বৰক ধন্যবাদ দিলে তাইৰ কাৰণে এখন দুৱাৰ বন্ধ হ’লেও আনখন দুৱাৰ খুলি থৈছে—।
:মা,কি ভাবি আছা ? ব’লা সকলোৱে অপেক্ষা কৰি আছে।
:তাইও সকলোৰে পৰা অনুমতি লৈ গুছি আহিল,অহাৰ পৰত গৰু কেইটাৰ দায়িত্ব কাষৰে ৰমলা পেহীয়েকক দি থৈ আহিল ।গিৰিয়েকৰ ফালে এবাৰো নাচালে। ককায়েকৰ ঘৰত বৌৱেকক সকলো কামতে সহায় কৰি দিয়ে তাঁত শালত বহে যিখিনি সময় পাই,উদ্দেশ্য এটাই ল’ৰা টোক মানুহ কৰাৰ । ভাগ্য সুপ্ৰসন্ন হ’ল তাইৰ অঙ্গণ বাৰী কেন্দ্ৰৰ শিক্ষয়িত্ৰী চাকৰিটো পালে ।ল’ৰাটো পঢ়াত ভাল প্ৰত্যেক শ্ৰেণীত প্ৰথম হৈ গৈ থাকিল। এটা সময়ত ইউ পি এছি পৰীক্ষা সুকলমে উত্তীৰ্ণ হৈ জিলা পৰিদৰ্শক
হিচাপে নিযুক্তি লাভ কৰিলে । কিন্তু ল’ৰাটোক অনাথ আশ্ৰমৰ পৰা এগৰাকী বিদ্যান ছোৱালী বিয়া পাতি দিলে, বোৱাৰী গৰাকীক নিজৰ জীয়েকৰ দৰে মৰমেৰে তাই গ্ৰহণ কৰিলে । পুতেকে তাইৰ পিতাকে দিয়া জুপুৰি ঘৰটোত ধুনীয়াকৈ আসাম টাইপৰ ঘৰ বান্ধিলে ।ককায়েকৰ ঘৰৰ পৰা গুছি আহিল। আনফালে গিৰিয়েকে মদ খাই খাই বিছনাত পৰিল শেষত ল’ৰাটোই চোৱাচিতা কৰি ভাল কৰিলে ।