চুটিগল্প-
মাউৰাৰ দুখ
ৰুমী কলিতা দত্ত,
কেন্দুগুৰি
মাউৰা ল’ৰা-ছোৱালীকেইটি ককাদেউতাৰ হিয়াৰ আমঠু হৈ পৰিছে । ৰন্ধা-বঢ়াৰ লগতে ককাদেউতাকৰ শুশ্ৰুষা কৰিবলৈ সিহঁতে কুণ্ঠাবোধ নকৰে । মাজে-মাজে সিহঁতৰ খোৱা-কামোৰাবোৰ ককাকে অৱশ্যে চম্ভালিব নোৱাৰা হয় ।
আজিকালি সৰু হ’লেও জয়াৰ ভনীয়েকে ৰন্ধাহে ককাদেউতাকে গ্ৰহণ কৰে। কিন্তু কেতিয়াবা.
:”ঐ ভন্তি, তইনো আজি দাইলখনত ইমান নিমখ কিয় দিলি ? “
আঠ বছৰীয়া ভনীয়েকক জয়াই ধমক মাৰি কোৱা দেখি ককাদেউতাকে মাত লগালে —
: “নাপাই অ’ আই ৰান্ধনীয়ে
যেনেকৈ দিয়ে তেনেকৈ খাব লাগে ।”
“হয়নে ককা ?” বুলি তাই মনে মনে থাকিল ।
সিহঁত তিনিটি সন্তানে মাক ঢুকোৱাৰ পিছৰে পৰা ককাদেউতাকৰ বুকুৰ উমেৰে ডাঙৰ হৈছে । মাকে দেউতাকৰ শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ বলি হৈ সিহঁতক দলনিত মেলি থৈ গ’ল । দেউতাকেও নতুন সংসাৰৰ স’তে ব্যস্ত হৈ পৰিল । এদিন ষষ্ঠ শ্ৰেণীত পঢ়ি থকা ভায়েকটোৱে কলগছ জোপাৰ তলতে ভুমুকা-ভুমুক কৰি থকা দেখি জয়াই মনে মনে ওচৰলৈ গৈ চালেগৈ । তাই দেখিলে যে ভায়েকে চিগাৰেট হুপি আছে। তাই লৰালৰিকৈ আহি কথাটো ককাকক ক’লেহি
: “ককাদেউতা ভাইটিয়ে চিগাৰেট হুপিছে। “
ককাকে ধমক মাৰি ক’লে
:”হেই তই মিছা কথা নকবি !
মোৰ সোণে তেনে কাম
নকৰে। “
তাই মনে মনে থাকিল ।
ককাদেউতাকৰ লগত এসাঁজ খাই এসাঁজ নাখাই গতিশীল সময়বোৰৰ সৈতে যুঁজ দিব নোৱাৰি সিহঁত চিন্তিত হৈ পৰিল । কথাটো দেউতাকে কেনেবাকৈ গম পাই জয়া আৰু ভায়েকক লৈ গ’লহি । ককাদেউতাকৰ ৰান্ধনি হ’বলৈ বুলি ভনীয়েকক তাতে থৈ গ’ল ।
জয়াক লৈ গৈ দেউতাকে তেখেতৰ সমন্ধীয় দদায়েকৰ ঘৰত থ’লেগৈ , কাৰণ খুৰীয়েক অসুখীয়া । সেয়ে আল-পৈচান ধৰিবলৈ মানুহ লাগে । তেনেদৰে ভায়েককো নি এঠাইত থ’লেগৈ য’ত ভায়েকে বায়েক-ভনীয়য়েক কিম্বা সমন্ধীয় কাকো দেখা পোৱা নাছিল। তাৰ পিছত দেউতাকে সিহঁতৰ ফালে ঘূৰি চাবলৈ আৰু সময় পোৱা নাছিল ।
সময় বাগৰিল । জয়াই দেউতাকৰ সমন্ধীয় দদায়েকৰ ঘৰতে গাভৰু হ’ল । পঢ়া-শুনা কৰাৰ পৰা তাইক আঁতৰাই ৰাখিলে । তাইক সকলোৱে ভাল পাইছিল যদিও ৰুগীয়া গাভৰু আইতাকৰ ( দেউতাকৰ খুৰীয়েক) আলপৈচান ধৰাৰ ওপৰিও সিহঁতৰ ৬/৪ বছৰীয়া দুয়োটি সন্তানৰ দায়িত্বভাৰো ল’বলগীয়া হৈছিল ।
এদিন হঠাৎ সমন্ধীয় আইতাকৰ মৃত্যু হ’ল, আৰু ককাক অকলশৰীয়া হৈ পৰিল। তাই আৰু তাত থকাৰ কথা নাভাবিলে । নিজৰ ককাদেউতাকৰ ওচৰলৈ এদিন অকলেই তাই গুচি আহিল ।
কিন্তু ককাদেউতাকে এজনী গাভৰু ছোৱালীৰ দায়িত্ব ল’বলৈ শক্তি হেৰুৱাই পেলাইছিল , সেয়ে তাইক জেঠায়েকৰ ঘৰলৈ নি বিয়া দিয়াৰ কথা ভাবিলে ।
কিন্তু জেঠায়েকৰ ঘৰৰ মানুহবোৰ এই কথাত মান্তি নহ’ল ,কাৰণ ফুলকুমলীয়া ছোৱালী এজনী …
জেঠায়েক-জেঠুৱেকে আলোচনা কৰি সিদ্ধান্ত ল’লে যে , জয়া তাতে থাকিব আৰু সৰু জীয়েকৰ কিতাপবোৰকে তাই পঢ়িব ।
ককাদেউতাকক জেঠায়েকে কথাটো বুজাই দিলে । তেতিয়া ককাদেউতাক গুছি আহিল নিজ গাঁৱলৈ ।
জয়াই তাতে থাকি ঘৰুৱা কাম-কাজৰ লগতে পঢ়া-শুনাত মন দিলে ,তাকে দেখি জেঠায়েকৰ সৰু ল’ৰাৰ পৰা পইছা দুটামান লৈ তাইক গাঁৱৰ বিদ্যালয়ত নৱম শ্ৰেণীত নামভৰ্তি কৰিবলৈ পঠাই দিলে । সেইমতে এনিশা ককাদেউতাক আৰু ভনীয়েকৰ লগত থাকি নামভৰ্তি কৰি থৈ গ’ল।
বছৰ বাগৰিল । ভায়েকৰ লগত কাৰোৰে দেখাদেখি নহ’ল । তায়ো মেট্ৰিকত উত্তীৰ্ণ হৈ অৰ্থৰ অভাৱৰ বাবে পঢ়া-শুনা সামৰি, নিজৰ ইচ্ছা-অনিচ্ছা বিসৰ্জন দি বিবাহপাশত আৱদ্ধ হ’ল ।
তেনেতে এদিন বিচাৰি বিচাৰি গ’ম পালে যে ভায়েকে সৰু-সুৰা কাম এটা কৰি বিয়া-বাৰু কৰালে । খবৰ পাই ল’ৰালৰিকৈ তাৰ ওচৰ পালেগৈ আৰু দেখিলে সি ঠিকেই চলিব পাৰিছে । জয়াই এটি হুমুনিয়াহ কাঢ়িলে ।
কিন্তু কিছুদিনৰ পিছত জানিবলৈ পালে যে ভায়েকে মদৰ ৰাগীত আপোন-পৰ চিনি নোপোৱা হ’ল । টকাবোৰ তাচপাতৰ স’তে মিলাব পৰা হ’ল ।
তাই মাকলৈ মনত পেলাই এসোঁতা চকুলো বোৱালে –“মা তুমি জীয়াই থকা হ’লে আমাৰ এনে অৱস্থা নহ’লহেঁতেন চাগৈ !” বুলি মনে মনে ভাবিলে।
তাই হুকহুকাই কান্দি উঠিল । তাই আহি ককাদেউতাকক কথাবোৰ বিৱৰি ক’লে লগতে আৰু ক’লে , ” ককাদেউতা , সৰুতে ভাইটিয়ে চিগাৰেট খাওঁতে তাক আপুনি একো বুজনি নিদিলে , দিয়াহ’লে হয়তো ….?
আৰু দেউতাইয়ো নতুনকৈ সংসাৰ নকৰি আমাৰকেইটাকে যদি সাবটি মানুহ হিচাপে গঢ় দিলেহেঁতেন . . . বেয়া অভ্যাসবোৰ তাৰ কাষলৈ নাহিলহেঁতেন চাগৈ !”
তাই আকাশখনলৈ চাই মাকক ক’লে – ” মা’ তুমি আমাৰ মুখলৈ চাই জীয়াই থাকিব নোৱাৰিলা নে ? আমাৰ কি ভুল আছিল ? তুমি জীয়াই থকা হ’লে এনেবোৰ দৃশ্য দেখিবলীয়া কেতিয়াও নহ’লহেঁতেন চাগৈ । “