“মাইকুচুমফাই” – ৰশ্মি ৰেখা দুৱৰা

মাইকুচুমফাই

ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়

টাই জনগোষ্ঠীৰ লোকসকলে পালন কৰা এক উৎসৱ “মাইকুচুমফাই”।এই উৎসৱ মাঘ মাহৰ পূৰ্ণিমা তিথি,অৰ্থাৎ মাঘী পূৰ্ণিমাত পালন কৰা হয়।টাই খামটি,টাই ফাকে,টাই আইতন,টাই টুৰুং আৰু টাই খাময়াং সকলে “মাইকুচুমফাই” উলহ-মালহেৰে উদযাপন কৰে।”মাইকুচুমফাই” মানে হৈছে-“মাই” মানে খৰি,”কু” মানে জাপি থোৱা দম,”চুম” মানে সংযোগ কৰা আৰু “ফাই” মানে জুই।অৰ্থাৎ দম কৰি জাপি থোৱা খৰিত অগ্নি সংযোগ কৰা।যাক আমি মেজি বুলি কওঁ।টাই ডেকাসকলে কেইবাদিনৰ আগৰ পৰা খৰি কাটি অলপ অলপকৈ সাজি মেজিটো সম্পূৰ্ণ কৰে উৰুকা দিনা।অৰ্থাৎ মাঘী পূৰ্ণিমাৰ আগদিনা।আৰু মাঘী পূৰ্ণিমাৰ দিনা ৰাতিপুৱাই মেজিত অগ্নিসংযোগ কৰি আশীৰ্বাদ লয়।কিন্তু ডিব্ৰুগড় জিলাৰ নামফাকেত ফাকে সকলে উৰুকা দিনা সকলো গাঁওবাসী একেলগহৈ মেজি বনোৱাৰ স্থানত সন্ধিয়া সময়ত উপস্থিত হৈ ভাণ্টে বাবালৈ অপেক্ষা কৰে।ভাণ্টে বাবা উপস্থিত হোৱাৰ লগে লগে প্ৰায় ১ ঘণ্টামান পূজা কৰা হয়।পূজা কৰাৰ পাছতেই পোনপ্ৰথমে মেজিটোৰ একেবাৰে ওপৰৰ অংশত অগ্নিসংযোগ কৰা হয়।তাৰপাছতহে তলৰ অংশত অগ্নি সংযোগ কৰা হয়।মেজিত বয়োজ্যেষ্ঠ লোকসকলে আখৈ আৰু ফুল ছটিয়াই নিজৰ লগতে সকলোৰে মংগল কামনা কৰে।টাই জনগোষ্ঠী সকলে নদীৰ কাষৰ বালিত মেজি সাজে।মেজিটোৰ চাৰিওফালে মম জ্বলাবলৈ সুবিধা কৰি দিয়া ঠাইবোৰত দুদিনমানৰ আগৰে পৰাই গাভৰুসকলে মম জ্বলাই পৰিৱেশটো পোহৰাই তোলে।পিছদিনা অৰ্থাৎ মাঘী পূৰ্ণিমাৰ দিনা সকলোৱে পুৱা ৬/৭ বজাত বৌদ্ধ মন্দিৰত গৈ প্ৰাৰ্থনা কৰে আৰু ভাণ্টে বাবাৰ আশীৰ্বাদ লয়।তাৰপাছত সকলোৱে মিলি নদীৰ কাষতে বালিত ৰান্ধি সকলোৱে ভোজভাত খায়।টাই জনগোষ্ঠীৰ বৰ হেঁপাহৰ “মাইকুচুমফাই”।এই বিহুত টাইসকলে নানা ধৰণৰ পিঠা তৈয়াৰ কৰে।যেনে-খাওঁপোক,(বৰা চাউলৰ লগত তিল দি বনোৱা হয়।খাওঁতেক,(আখৈৰ সৈতে গুড় দি বনোৱা লাড়ু)পেংচট,(কলপাতত দিয়া পিঠা)আদি।অসমীয়াৰ যেনেদৰে “মাঘবিহু” বৰ আদৰৰ,টাই জনগোষ্ঠীৰো “মাইকুচুমফাই” বৰ আদৰৰ।