মহৰমৰ আছুৰা : বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ এটি শোকৰ দিৱস
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
ইছলামিক বৰ্ষপঞ্জীৰ প্ৰথম মাহ মহৰমৰ ১০ তাৰিখে পালন কৰা আশ্বুৰা দিৱসটো হ’ল সমগ্ৰ বিশ্বৰ মুছলমান লোক সকলৰ এটি শোকৰ দিৱস, যিটো দিনত ইছলাম ধৰ্মৰ প্ৰচাৰক তথা শেষ নবী হজৰত মহম্মদৰ (ছঃ) নাতি হাছান আৰু হুছেইনে ছিৰিয়াৰ অত্যাচাৰী শাসক মাবিয়া আৰু তেওঁৰ পুত্ৰ এজিদৰ ষড়যন্ত্ৰৰ বলি হৈ শ্বহীদ বৰণ কৰিছিল। এই ঐতিহাসিক মহৰম পৰ্বৰ লগত বিজড়িত কৰুণ কাহিনীটো হ’ল , সংক্ষেপে এনে ধৰণৰ
আমাৰ প্ৰিয় নবী হজৰত মহম্মদৰ ( ছঃ) কণিষ্ঠা কন্যা ফাতেমাৰ সৈতে হজৰত আলীৰ বিবাহ সম্পন্ন হৈছিল। তেওঁৰ দুটি পুত্ৰ –হাছান আৰু হুছেইন । হজৰত আলীয়ে মুছলমান ধৰ্ম জগতৰ খলিফা ( শাসন কৰ্তা) পদত অধিষ্ঠিত হোৱাটো ছিৰিয়াৰ শাসন কৰ্তা মাবিয়াই অতিশয় ঈৰ্ষান্বিত হৈ ষড়যন্ত্ৰত লিপ্ত হয়। যাৰ ফলত, হজৰত আলীয়ে ছিৰিয়াৰ ৰাজধানী কুফা নগৰলৈ যাত্ৰা ভ্ৰমণ কৰোঁতে গুপ্তঘাতকৰ হাতত মৃত্যু বৰণ কৰে। তেওঁৰ মৃত্যুৰ পিছত জ্যেষ্ঠ পুত্ৰ হাছানে ৰাইজৰ আশীষ লৈ খলিফা পদ লাভ কৰে। মাবিয়াই মদিনাৰ খলিফা পদ লাভ কৰিব নোৱাৰি হাছানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰে। হাছানে ইছলাম বিশ্বৰ শান্তি বজাই ৰখাৰ স্বাৰ্থত মাবিয়াৰ সৈতে শান্তিচুক্তি স্বাক্ষৰ কৰে। শান্তি চুক্তিৰ চৰ্ত মতে হাছানে খলিফা পদ ত্যাগ কৰি মাবিয়াক খলিফা পদত অধিষ্ঠিত কৰে যদিও মাবিয়াৰ মৃত্যুৰ পিছত হাছানৰ কণিষ্ঠ ভাতৃ হুছেইনক খলিফা বুলি স্বীকৃতি দিব লাগিব বুলি কোৱা হৈছিল। কিন্তু মাবিয়াৰ মহা অত্যাচাৰী, মদপী, বিধৰ্মী পুত্ৰ এজিদে সকলো শান্তিচুক্তি ভঙ্গ কৰি হাছান-হুছেইনক হত্যা কৰি মদিনাৰ খলিফা পদত অধিষ্ঠিত হোৱাৰ বাবে উঠি পৰি লাগিল।
তেওঁ ষড়যন্ত্ৰ কৰি হাছানক বিহ খুৱাই হত্যা কৰে। তেতিয়া এজিদৰ লগত হুছেইনৰ তীব্ৰ বিৰোধ সৃষ্টি হৈ দুয়ো যুদ্ধত প্ৰবৃত্ত হয় । কিন্তু দুৰ্দম আৰু নৃশংস এজিদক কোনো মতেই পৰাস্ত কৰিব নোৱাৰিলে। ইফালে এজিদৰ অত্যাচাৰত অতিষ্ঠ হৈ কুফা বাসীয়ে হুছেইনৰ সাহায্য ভিক্ষা কৰে।হুছেইনে সৈন্য-সামন্ত লৈ সপৰিয়ালে কুফালৈ যাত্ৰা কৰিলে যদিও ইৰাকৰ ইউফ্ৰুটিছ নৈৰ পশ্চিম পাৰে কাৰবালা মৰুভূমি প্ৰান্তত উপস্থিত হোৱাৰ লগে লগে কুফা নগৰত থকা এজিদৰ গৱৰ্ণৰ নিষ্ঠুৰ নৰপিশাচ ওবায়দুল্যাই কাৰবালা মৰুপ্ৰান্তত বিশাল সৈন্য বাহিনীৰ সমাবেশ ঘটাই ইউফ্ৰুটিছ নৈৰ পাৰ আৱদ্ধ কৰিলে। এফালে উত্তপ্ত,মৰুপথৰ ক্লান্তি, আনফালে সূৰ্যৰ ডেইপুৰি নিয়া ৰ’দ। তৃষ্ণাত হোছেইনৰ পৰিয়াল, বন্ধু-বান্ধৱ, সৈন্য-সামন্ত জৰ্জৰিত। তেওঁলোকে মক্কালৈ উভতি যোৱাৰ পথো ৰুদ্ধ । উপায়ন্তৰ হৈ নিচেই তাকৰীয়া সৈন্যৰে এজিদৰ বিশাল বাহিনীৰ লগত যুঁজি যুঁজি শ্বহীদ হ’ল। ল’ৰা -ছোৱালী, তিৰোতাৰ ভোক আৰু পিয়াহত কাতৰ ক্ৰন্দনে কাৰবালা মৰুপ্ৰান্তত হাহাকাৰ সৃষ্টি কৰিলে। কাষতে অজস্ৰ জলৰাশিৰে ইউফ্ৰুটিছ নৈ , কিন্তু এটোপা পানীৰ অভাৱত তৃষ্ণাত বহুতে প্ৰাণ এৰিলে। হুছেইনৰ কেঁচুৱা পুত্ৰটিৰো পিয়াহত প্ৰাণ যায় যায়। মুমূৰ্ষু সন্তানটিক কোলাত লৈ হুছেইনে ইউফ্ৰুটিছ নৈৰ পাৰত গৈ সন্তানটিৰ বাবে এচৰু পানী বিচাৰিলে । পৰিৱৰ্তে শত্ৰু সৈন্যৰ বিষাক্ত কাঢ়ে সন্তানটিৰ প্ৰাণ কাঢ়ি নিলে। দুখ আৰু অনুতাপত দগ্ধ হৈ হুছেইনে দুই হাত তুলি আল্লাহৰ সহায় ভিক্ষা কৰা অৱস্থাত এজিদৰ পাষাণ সেনাপতি শ্বেমৰে তেওঁৰ শিৰোচ্ছেদ কৰে । এই কৰুণ ঘটনাটি ঘটে ৬৮০ খৃষ্টাব্দত আৰু আৰবী বছৰ ৬০ হিজৰীৰ মহৰম মাহৰ ১০ তাৰিখে।
এইদৰে মহৰম মাহৰ দহ তাৰিখে কাৰবালাৰ বুকুত নিৰীহ,নিৰপৰাধী আৰু ধৰ্মপ্ৰাণ মানুহৰ ৰক্তেৰে যি ইতিহাস ৰচিত হ’ল তাৰ দৃষ্টান্ত কোনো কালে কোনো যুগে বিচাৰি পোৱা নাযায়। সেয়েহে, বিশ্ব ইতিহাসৰ এই কৰুণতম মৰ্মস্পৰ্শী কাহিনীটো স্মৰণ কৰি মহৰম মাহৰ ১০ তাৰিখে অৰ্থাৎ আশ্বুৰা দিৱসটো বিশ্বৰ মুছলমান লোক সকলে উদযাপন কৰি আহিছে।
নিঃসন্দেহে, আশ্বুৰা হৈছে ইছলামিক পৰম্পৰাৰ এক গুৰুত্বপূৰ্ণ দিন। এই দিনটো হৈছে প্ৰতিফলন, স্মৰণ আৰু আধ্যাত্মিক বিকাশৰ দিন। যি প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈ ন্যায়, ত্যাগ আৰু স্থিতিস্থাপকতাৰ দৰে মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ই মুছলমান সকলক নবী আৰু শ্বহীদ সকলৰ সাহস, ধৈৰ্য আৰু বিশ্বাস অনুকৰণ কৰিবলৈ অনুপ্ৰেৰণা দান কৰে আৰু তেওঁলোকৰ দৈনন্দিন জীৱনত এই মূল্যবোধবোৰ মানি চলিবলৈ উৎসাহিত কৰে।
অত্যাচাৰৰ বিৰুদ্ধে থিয় হোৱা ভৱিষ্যৎবক্তা আৰু শ্বহীদসকলক সন্মান জনাই মুছলমান সকলে তেওঁলোকৰ সাহস ধৈৰ্য আৰু বিশ্বাস অনুকৰণ কৰিবলৈ অনুপ্ৰেৰণা পায় । তেওঁলোকে নিজৰ জীৱনত আৰু তেওঁলোকৰ চাৰিওফালে ইতিবাচক প্ৰভাৱ পেলাবলৈ চেষ্টা কৰে।
ছিয়া মুছলমানসকলৰ বাবে আশ্বুৰাই সাম্প্ৰদায়িক পৰিচয় আৰু সামূহিক স্মৃতিশক্তি কঢ়িয়াই আনে,একতা আৰু স্থিতিস্থাপকতাৰ অনুভূতি বৃদ্ধি কৰে। চুন্নী মুছলমান সকলৰ বাবে এই দিনটোৱে ভৱিষ্যৎবাণীমূলক পৰম্পৰাৰ ধাৰাবাহিকতা ধৰ্মপৰায়ণতা আৰু প্ৰায়শ্চিত্তৰ গুৰুত্বক সূচায়। আশ্বুৰা দিৱস হৈছে গভীৰ ধৰ্মীয় আৰু সাংস্কৃতিক প্ৰভাৱ থকা বহুমুখী উদযাপন, মুছলমান সকলক স্মৃতি আৰু চিন্তা-চৰ্চাৰ ক্ষেত্ৰত একত্ৰিত কৰাৰ লগতে ইছলামিক পৰম্পৰাৰ ভিতৰৰ বৈচিত্ৰ্য আৰু বিশ্বাসৰ ওপৰতো আলোকপাত কৰে।
মূলতঃ এই আশ্বুৰা দিৱসটি ছিয়া মুছলমানসকলে বিভিন্ন সাংস্কৃতিক ঐতিহ্যৰ ভিত্তিত বাৰে-বৰণীয়া ৰূপে এই কৰুণ মৰ্মান্তিক শোকাৱহ ঘটনাটি সংঘটিত হোৱাৰ পিছৰ বছৰৰ পৰা (আৰবী বছৰ ৬০ হিজৰীৰ মহৰম মাহৰ দহ তাৰিখে) প্ৰতি বছৰে এতিয়ালৈকে বিভিন্ন শোকৰ অনুষ্ঠানৰ জৰিয়তে শোক দিৱস ৰূপে পালন কৰি আহিছে। এই বছৰো এই আশ্বুৰা দিৱসটি উদযাপন কৰা হ’ব জুলাই মাহৰ পাঁচ আৰু ছয় তাৰিখে।
ছিয়া মুছলমানসকলে আশ্বুৰা দিৱসটিত উদযাপন কৰা এই বিভিন্ন শোক অনুষ্ঠানসমূহ অতি সংক্ষেপে তলত উল্লেখ কৰা হ’ল —
মজলিছ:- কাৰবালাৰ মৰুভূমি প্ৰান্তত হুছেইনৰ ত্যাগ, ধৈৰ্য আৰু শোকৰ কৰুণ কাহিনীক কেন্দ্ৰ কৰি ছিয়া মুছলমানসকলে গীত আৰু কাহিনী বৰ্ণনা কৰে। আৰু সকলোৱে চকুলো টুকি টুকি শোকত ভাগি পৰে।
লাতমিয়াহ:- হুছেইনৰ দুখ কষ্টৰ প্ৰতি শোক, সংহতি আৰু সহমৰ্মিতা প্ৰকাশ কৰিবলৈ শোকাভিভুত মুছলমান সকলে বুকুত ধকিয়াই ধকিয়াই শোকৰ গীত পৰিৱেশন কৰে।
শোভাযাত্ৰা :- ছিয়া মুছলমানসকলে বাটে-পথে হাজাৰ হাজাৰ মানুহৰ সমাবেশ ঘটাই ৰাজহুৱা শোভাযাত্ৰা উলিয়ায়। শোকৰ দিৱস উপলক্ষে সকলোৱে ক’লা ৰঙৰ কাপোৰ পিন্ধি কাৰবালাৰ যুদ্ধৰ পুনৰাবৃত্তি কৰে ; য’ত অংশগ্ৰহণকাৰী সকলে শোক আৰু সংহতিৰ প্ৰকাৰ হিচাপে আত্ম-প্ৰহাৰতো ( তাতবীৰ) লিপ্ত হয়।
দৰগাহ ভ্ৰমণ:- ইৰাকৰ কাৰবালাত থকা হুছেইনৰ দৰগাহলৈ কৰা তীৰ্থযাত্ৰা আশ্বুৰাৰ সময়ত এক উল্লেখযোগ্য ভক্তিৰ কাৰ্য বুলি বিবেচনা কৰি লাখ লাখ লোকে শ্ৰদ্ধাঞ্জলি জনাবলৈ আৰু হুছেইনৰ আদৰ্শৰ প্ৰতি নিজৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰিবলৈ একত্ৰিত হয়।
দান – বৰঙণি:- হুছেইনৰ ত্যাগ, পৰিয়াল আৰু অনুগামীসকলে সহ্য কৰা কষ্টৰ স্মৃতিত খাদ্য সামগ্ৰী বিতৰণ আৰু দান-বৰঙণি আগবঢ়োৱা হয়।
ভাৰতীয় ছিয়া মুছলমানসকল যিহেতু ধৰ্মান্তৰিত মুছলমান, সেয়ে তেওঁলোকে উদযাপন কৰা আশ্বুৰা দিৱসটিত ভাৰতীয় পৰম্পৰা আৰু সংস্কৃতিৰ সংমিশ্ৰণ ঘটা দেখা যায়।
উদাহৰণ স্বৰূপে, ভাৰতীয় ছিয়া সকলে আশ্বুৰা পালনৰ এটি উল্লেখযোগ্য অনন্য উপাদান হৈছে ইমাম হুছেইনৰ ৰওজা অৰ্থাৎ সমাধিস্থলীৰ প্ৰতীক তাজিয়া। মহৰমৰ আশ্বুৰাত এই তাজিয়া ৰঙীন কাগজ ,কাঠ আৰু মাইকাৰে শিল্পীসকলে নিজস্ব কল্পনাৰে তৈয়াৰ কৰে। প্ৰতিটো তাজিয়াত একোটাকৈ গম্বুজ থাকে ; যিয়ে ইয়াৰ পবিত্ৰ তাৎপৰ্য বহন কৰে।
হিন্দু পৰম্পৰাৰ শ্ৰাদ্ধৰ দৰে মহৰম স্মৃতি আৰু শোকৰ দিৱস। সেয়ে, ইমাম হুছেইনৰ প্ৰতি অপৰিসীম প্ৰেম থকাৰ বাবেই মহৰম মাহৰ ১ তাৰিখৰ পৰা ১০ তাৰিখ লৈকে ছিয়া বা চুন্নি মুছলমানসকলে নতুন কাপোৰ, ব্যৱহাৰ্য বিলাসী বস্তু-সামগ্ৰী বা আ-অলঙ্কাৰ নিকিনে। কাৰবালাৰ শ্বহীদ সকলৰ স্মৃতিত শোভাযাত্ৰাত টাৰ্বেট অৰ্থাৎ কবৰ প্ৰদৰ্শন কৰা হয়। ইমাম হুছেইনৰ প্ৰতীক হিচাপে ৰঙা ৰং আৰু ইমাম হাছানৰ প্ৰতীক হিচাপে সেউজীয়া ৰং। ৰঙা ৰঙে ইমাম হুছেইনৰ শ্বহীদ হোৱাৰ মৰ্মান্তিক শোকাৱহ পৰিস্থিতিক প্ৰতিফলিত কৰে ; য’ত তেওঁক চিজদা ( নামাজৰ সময়ত নত হোৱা) দি থকা অৱস্থাত হত্যা কৰা হৈছিল আৰু তেওঁৰ সৰ্বশৰীৰ ৰঙা তেজেৰে ৰাঙলী হৈ পৰিছিল। ইমাম হাছানক বিহ খুওৱাই হত্যা কৰাৰ প্ৰতীক হিচাপে সেউজীয়া ৰং ব্যৱহাৰ কৰা হয়।
মহৰমৰ শোভাযাত্ৰা বহু হৃদয়স্পৰ্শী উপাদানেৰে পৰিপূৰ্ণ। এই শোভাযাত্ৰাত এখন ‘দোলনা ‘ প্ৰদৰ্শন কৰা হয় ; যিখনে ইমাম হুছেইনৰ ছমহীয়া সন্তান আজগৰে শত্ৰু সৈন্যৰ বিষাক্ত তীৰৰ আঘাতত মৃত্যু মুখত পৰাৰ শোকগাথা সোঁৱৰাই দিয়ে।
মহৰমৰ শোভাযাত্ৰাত ‘ মেহেন্দিৰ পাত্ৰ’ কঢ়িয়াই লোৱা হয়। এই ‘মেহেন্দিৰ পাত্ৰ’ টোৱে মহৰমৰ ১০ তাৰিখৰ আগৰ নিশা শোকৰ মাজতো হাছানৰ পুত্ৰ কাছিমৰ সৈতে হুছেইনৰ কন্যা চাকিনাৰ বিবাহ কাৰ্য্য সমাধান কৰাৰ আনন্দৰ প্ৰতীক হিচাপে গণ্য কৰা হয় যদিও ঐতিহাসিক ভাৱে এই শুভ বিবাহ সম্পন্ন হোৱাৰ কোনো তথ্য পোৱা নাযায়। যি কি নহওঁক,তাৰ পিছদিনাই ইমাম হুছেইনৰ সোঁহাত-স্বৰূপ এজন সাহসী যোদ্ধা আব্বাছৰ সৈতে ইমাম হাছানৰ পুত্ৰ কাছিমো শ্বহীদ বৰণ কৰে।
ইয়াৰ উপৰিও শোভাযাত্ৰাত ‘ আম্মাৰীও’ প্ৰদৰ্শন কৰা হয়। কাৰবালাৰ যুদ্ধত অৱতীৰ্ণ হোৱা মহিলাসকলৰ স্মৃতিত মহৰম মাহৰ আঠ তাৰিখে ইয়াক সমাৰোহমূলক ভাৱে উলিওৱা হয়।
শোভাযাত্ৰাত বাঁহেৰে তৈয়াৰ কৰা ” আলুম” নামৰ ডাঙৰ পতাকাখন কেইবাজন শোভাযাত্ৰাকাৰীয়ে কঢ়িয়াই ফুৰে। আনহাতে কেইবাখনো সৰু আকৃতিৰ ‘ আলুম’ এজন এজনকৈ কঢ়িয়ায়। ডাঙৰ লেম্প এখন লৈ শোভাযাত্ৰাত নেতৃত্ব প্ৰদান কৰা হয়।
আত্মাক আলোড়িত কৰি তোলা এই শোভাযাত্ৰাত যথেষ্ট গুৰুত্ব বহন কৰে এটি সুসজ্জিত ঘোঁৰাই। এই ঘোঁৰাটিক ইমাম হুছেইনৰ দুলদুল ঘোঁৰাৰ প্ৰতীক হিচাপে গণ্য কৰা হয়।
মহৰমৰ শোভাযাত্ৰাবোৰ আবেগেৰে ভৰি পৰে। শোভাযাত্ৰা কৰি থাকোঁতে সকলোৱে কাৰবালাৰ শোকাৱহ দৃশ্যবোৰ মন আৰু হৃদয়ত পুনৰ ৰোমন্থন কৰি কৰি বুকুত চপৰিয়াই চপৰিয়াই চকুলো টুকি টুকি ‘ মৰ্চিয়া’ আৰু ‘নৌহে’ নামৰ শোকৰ গীতসমূহ আবৃত্তি কৰে। আৰু মনৰ দুখত ” ইয়া হুছেইন, ইয়া হুছেইন” বুলি চিঞৰি চিঞৰি ধ্বনি দি আৰাৱ কৰে।
ৰীতি-নীতিৰ ক্ষেত্ৰত পাৰ্থক্য থকাৰ পিছতো হিন্দু ধৰ্মাৱলম্বী লোক সকলেও মহৰমৰ আশ্বুৰা দিৱসৰ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে আৰু তাজিয়াক সন্মান প্ৰদৰ্শন কৰে। তেওঁলোকে মহৰমত বিতৰণ কৰা তাবাৰুখ ( পবিত্ৰ খাদ্য) অতি শ্ৰদ্ধাৰে গ্ৰহণ কৰে।
গোটেই অসমতো মহৰমৰ দহ তাৰিখে তাজিয়া উলিয়াই শোভাযাত্ৰা কৰে আৰু দলৱদ্ধ ভাৱে জাৰী গীতবোৰ ( শোকৰ গীত) পৰিৱেশন কৰে।
পশ্চিম অসমৰ দেশী জনগোষ্ঠীৰ মুছলমান সকলেও মহৰমৰ সময়ত জাৰী গোৱা,দুফৰি মাত্তাম গোৱা ( ইমাম হাছান-হুছেইনক সুঁৱৰি গোৱা কৰুণ বিননিমূলক গীত), সমূহীয়া মিলাদ আৰু ‘ জোৰ মুৰ্গীৰ ছিন্নী’ কৰা তাজিয়া লৈ শোভাযাত্ৰা ‘ বাহী মেলা ‘ বহোৱা ‘ লাঠি খেল আদি ধৰ্মীয় তথা সামাজিক অনুষ্ঠান আদি পালন কৰে। ধৰ্মীয় গোড়ামীৰ চাপত পৰি এইবোৰ এতিয়া বিলুপ্তিৰ পথত।
চুন্নী মুছলমান সকলৰ মহৰমৰ আশ্বুৰা দিৱসটি উদযাপন কৰাৰ পদ্ধতি সম্পূৰ্ণ ভিন্ন। তেওঁলোকে মহৰম মাহৰ দহ তাৰিখে ৰোজা ৰাখে আৰু গোটেই ৰাতি বিশেষ নামাজ আদায় কৰে, কোৰান পাঠ কৰে আৰু সমবেত ভাৱে ইমাম হাছান-হুছেইনৰ মৰ্মান্তিক শোকাৱহ কাহিনী বৰ্ণনা কৰে আৰু মিলাদ পঢ়ে ।
এয়েই হ’ল মহৰমৰ আশ্বুৰা : বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ এটি শোকৰ দিৱস।