মহৎ কাম-ৰাজলক্ষ্মী বৰঠাকুৰ

মহৎ কাম

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও

বিতু জিতু আৰু মানু ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ সিহঁত তিনিওটা নলে -গলা লগা বন্ধু । সিহঁতৰ মাজত বহুতো ভাল‌ সম্পৰ্ক আছে।সিহঁতি পঢ়া -শুণাৰ লগতে সকলো দিশতে আগৰণুৱা সেই‌য়ে সিহঁতক গাঁৱত সকলোৱে ভাল পাই।বাতৰি কাকত আৰু টিভি দেখি বিতুহতে বানপানীৰ ভয়াবহতাৰ কথা গভীৰ ভাবে অনুভৱ কৰিছে।এদিন সিহঁতি‌ স্কুলৰ পৰা আহি থাকোতেই বিতুৱে জিতু‌ আৰু মানুক কলে তহতে দেখিছনে আমি এনেদৰে স্কুল‌ আহিছো‌ আমাৰ লগৰ কিছুমান ল’ৰা -ছোৱালী বানপানীৰ কাৰণে কি গতি হৈছে স্কুল‌ যোৱাটো‌ দূৰৰে কথা ভালদৰে এসাঁজ খাবলৈও পোৱা নাই। বানপানীত সিহঁতৰ ঘৰ- দুৱাৰ কিতাপ -পত্ৰ সকলো উটি গৈছে । বহুতে‌ নিজৰ পিতৃ-মাতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰিছে অলপ হ’লেও তাহাতৰ কাৰণে কিবা এটা কৰিব নোৱাৰো‌ নে‌। জিতুৱে কলে মনটো আছে কিবা‌ এটা কৰা আমিনো কেনেকৈ কি কৰিম কচোন আমিটো সৰু ল’ৰা-ছোৱালী।মানুৱে সিহঁতৰ কথাবোৰ মনে‌ মনে‌ শুণি আছিল মোৰ‌ ওচৰত এটা উপাই আছে আমাৰ দেউতাই এই ক্ষেত্ৰত আমাক সহায় কৰিব পাৰিব । বিতুৱে কলে বল‌ তেনেহলে তহতৰ ঘৰলৈকে যাওঁ। সিহঁতি আহি মানু‌ৰ দেউতাকৰ আগত সকলোখিনি কথা বুজাই কলেহি।মানু‌ৰ দেউতাকে সিহঁতৰ কথাখিনি শুণি বৰ‌ ভাল‌ পালে কাৰণ সিহঁতৰ নিচিনা সৰু ল’ৰা -ছোৱালী কেতাই ইমান‌ ডাঙৰ কথা এটা চিন্তা কৰিছে। চোৱা তোমালোক সৰু ল’ৰা-ছোৱালী অকলে‌ এই কামত আগবাঢ়িব নোৱাৰিবা সেইয়ে তোমালোকৰ লগৰ ল’ৰা -ছোৱালী খিনিৰ লগত আলোচনা কৰি অভিভাৱক সকলৰ লগত লগ লাগি এই কামত আগবাঢ়া‌‌ আৰু তোমালোকে লগ লাগি নিজৰ পুৰণি কিতাপ-পত্ৰ, কাপোৰ-কানি আৰু লগতে বৰঙণি অলপ গোটোৱা । পাঁচশ টকাৰ বৰঙণিৰে প্ৰথমে মানুৰ দেউতাকে সিহঁতক সঁহাৰি জনালে। সিহঁতি উৎসাহিত হৈ নিজৰ কামত আগবাঢ়িলে। আবেলি পৰত বিতুহতৰ ঘৰলৈ সিহঁতৰ লগৰীয়া সকলোকে মাতিলে।মাতি সিহঁতক সকলোখিনি কথা বুজাই কলে। সিহঁতি কথাবোৰ শুণি বৰ ভাল‌ পালে‌ আৰু সহায়‌ আগবঢ়াম বুলি ক’লে । সকলোৱে মিলি -জুলি কাপোৰ-কানি আৰু কিতাপ -পত্ৰ গোটালে আৰু ঘৰে ঘৰে গৈ বৰঙণি তুলিলে। সকলোৱে এই ক্ষেত্ৰত যেনেকৈ পাৰে সহায় কৰিলে। সকলোখিনি গোট খোৱাৰ পিছত এটা নিদিষ্ট দিন ঠিক কৰি অভিভাৱক আৰু স্হানীয় যুৱক সকলৰ লগত লগ লাগি বানপানী পিড়িত ঠাইৰ শিবিৰ লৈ গৈ ল’ৰা -ছোৱালী সকলৰ মাজত এই সকলোবোৰ বিতৰণ কৰিলে । সিহঁতৰ এই মহৎ‌ কাযত সকলোৱে ভূয়সী প্ৰশংসা কৰিলে ।সৰু ল’ৰা ছোৱালী হ’লেও ইমান এটা ডাঙৰ চিন্তা কৰিব পাৰিলে তাৰ কাৰণে সিহঁতক সকলোৱে ধন্যবাদ জনালে। সিহঁতৰ এই মহৎ কামৰ কথা বাতৰিৰ যোগেদি সকলোৱে জানিব পাৰিলে।