মহুৰামুখ বংকোৱালৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

মহুৰামুখ বংকোৱালৰ মথাউৰি পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

মৃদুস্মিতা শৰ্মা ,বোকাখাত,ৰঙিলী বাৰ্ত্তাসেৱা-  আজি অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গোলাঘাট জিলাৰ নুমলীগড়ৰ সমীপৰ মহুৰামুখ বংকোৱালত পুৱা মথাউৰি ছিঙাৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে জলমগ্ন কৰা অঞ্চল পৰিদৰ্শন কৰি সামগ্ৰিক পৰিস্থিতি বুজ লোৱাৰ লগতে স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰি ক্ষয়-ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে লাইফবোটৰ সহায়ত মথাউৰিৰ ছিঙা অংশৰ সমীপত উপস্থিত হৈ সেই স্থান পৰিদৰ্শন কৰে আৰু জলসম্পদ বিভাগক জৰুৰীকালীন ব্যৱস্থা গ্ৰহণ কৰি মথাউৰিটোৰ মেৰামতিৰ কাম আৰম্ভ কৰিবলৈ নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি মথাউৰিৰ স্পৰ্শকাতৰ অঞ্চলসমূহতো প্ৰতিৰোধৰ কাম হাতত লোৱা হ’ব বুলি প্ৰকাশ কৰে।