মহিলা বিশ্বকাপৰ খিতাপ দখল ভাৰতৰ
ৰঙিলী বাৰ্ত্তাসেৱা- নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ ৰ ফাইনেল খেলখন ইতিহাস ৰচনা কৰিলে ভাৰতৰ মহিলা ক্ৰিকেট দলে। ফাইনেলত দক্ষিণ আফ্রিকাক ৫২ ৰানত পৰাজিত কৰে ভাৰতে। ইয়াৰ লগে লগে মহিলা ক্রিকেটত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ আধিপত্যৰ অৱসান ঘটে। ২০০৫ আৰু ২০১৭ চনৰ ফাইনেলত পৰাজিত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়ন হ’ল ভাৰত কন্যা। টছত পৰাজিত হৈ বেটিঙৰ আমন্ত্রণ লাভ কৰা ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই সংগ্ৰহ কৰে ২৯৮ ৰান। প্রত্যুত্তৰত ৪৫.৩ অভাৰতে ২৪৬ ৰান কৰি ইনিংছ সামৰে দক্ষিণ আফ্রিকাই। বেটে-বলে দৃষ্টি আকর্ষণ কৰে ছেফালি বাৰ্মা আৰু দীপ্তি শৰ্মাই। এই দুগৰাকী ক্রিকেটাৰৰ দৰ্শনীয় প্ৰদৰ্শনৰ বাবেই ট্ৰফী জয় কৰে হৰমনপ্রিত বাহিনীয়ে। ফাইনেলৰ পূৰ্বে হোৱা বৰষুণৰ বাবে দুঘণ্টা পলমকৈ মেচখন আৰম্ভ হয়। টছত জয়লাভ কৰি দক্ষিণ আফ্রিকাই প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। ভাৰতৰ অ’পেনাৰদ্বয় স্মৃতি মান্ধানা আৰু ছেফালি বার্মাই লাহে লাহে ৰানৰ গতি বৃদ্ধি কৰে। ১৮ অভাৰৰ ভিতৰতে ১০০ ৰানৰ যুটি বান্ধে বেটাৰ দুগৰাকীয়ে। অৱশ্যে অর্ধশতৰানৰ পৰা ৫ বান দূৰত থকা সময়তে স্মৃতি আউট হয়। ছেফালিয়ে ৭৮টা বলত ছেফালিয়ে ৮৭ ৰানৰ এটি দর্শনীয় ইনিংছেৰে ভাৰতৰ ভেটি মজবুত কৰে। ছেফালি আউট হোৱাৰ পিছতে অলৰাউণ্ডাৰ দীপ্তি শর্মাই দৃঢ়তাপূর্ণ বেটিঙেৰে অর্ধশতৰান কৰে। আনহাতে, জেমিমা ৰড্ৰিগেছে ২৪ ৰাণ, হৰমনপ্ৰীত কৌৰে ২০ ৰাণ আৰু ৰিচা ঘোষে ২৪ টা বলত ৩৪ ৰাণৰ অৱদান আগবঢ়ায় ৷ আফ্ৰিকাৰ হৈ সৰ্বাধিক ৩ টা উইকেট দখল কৰে আয়াবংগা খাকাই ।দক্ষিণ আফ্ৰিকাৰ অপেনাৰ লাৰা উলভার্টে শতৰান কৰি দলৰ বিজয়ৰ আশা সজীৱ কৰি ৰাখিছিল যদিও তেওঁৰ বিদায়ৰ পিছতে আশা নির্বাপিত হয়। বেটিং-বলিং উভয়তে দর্শনীয় প্রদর্শন কৰা ছেফালিয়ে মেন অব দ্য মেচৰ সন্মান লাভ কৰে। আনহাতে দীপ্তি শৰ্মাই প্রতিযোগিতাৰ শ্রেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে।
