মহিলা প্ৰিমিয়াৰ লীগত আৰচিবিৰ অধিনায়ক হিচাপে স্মৃতি মান্ধানাক নিযুক্তি

Pc The Indian Express

মহিলা প্ৰিমিয়াৰ লীগত আৰচিবিৰ অধিনায়ক হিচাপে স্মৃতি মান্ধানাক নিযুক্তি

ৰঙিলী বাৰ্ত্তাসেৱ-  ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে (আৰচিবি) উদ্বোধনী মহিলা প্ৰিমিয়াৰ লীগ (ডব্লিউপিএল) ২০২৩-ৰ আগতে তাৰকা ভাৰতীয় অপেনাৰ স্মৃতি মান্ধানাক মহিলা দলৰ অধিনায়ক হিচাপে ঘোষণা কৰে। বাওঁহাতৰ ভাৰতৰ বেটাৰ স্মৃতি মান্ধানাক শেহতীয়াকৈ মুম্বাইত অনুষ্ঠিত নিলামত ৩.৪০ কোটি টকাত স্বাক্ষৰ কৰা হৈছে, যি হৈছে ডব্লিউপিএল নিলামত এজন খেলুৱৈৰ বাবে সৰ্বাধিক মূল্য।