মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ যুঁজত আজি ভাৰত-দক্ষিণ আফ্ৰিকা
ৰঙিলী বাৰ্ত্তাসেৱা- আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ মহাৰণ। মাজতে মাথোঁ কেইটামান ঘণ্টা। নতুন চেম্পিয়নক আদৰিবলৈ সাজু হৈছে বিশ্ববাসী। প্রায় এমাহ ধৰি চলা আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল মেচখন আজি নৱী মুম্বাইৰ ডি বাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। দিনৰ ৩ বজাৰ পৰা আৰম্ভ হ’ব ফাইনেল মেচখন। প্ৰথমবাৰৰ বাবে মহিলাৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব ভাৰত আৰু দক্ষিণ আফ্রিকা। ইয়াৰ পূৰ্বে ভাৰতীয় মহিলা দলটোৱে দুবাৰ ফাইনেলত প্ৰৱেশ কৰিছিল যদিও দুয়োবাৰে ৰানাৰ্ছ আপতে সন্তুষ্ট থাকিবলগীয়া হৈছিল। বিপৰীতে দক্ষিণ আফ্রিকাই প্রথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে। এতিয়া দুয়ো দলৰ লক্ষ্য হ’ল ইতিহাস গঢ়াৰ। দক্ষিণ আফ্রিকাই প্ৰথমবাৰৰ বাবে আইচিচিৰ সম্মানীয় প্রতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰি ইতিহাস গঢ়িছে। গুৱাহাটীত অনুষ্ঠিত প্ৰথমখন ছেমিফাইনেলত দক্ষিণ আফ্রিকাই ৪ বাৰৰ চেম্পিয়ন ইংলেণ্ডক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে ঘৰুৱা দল ভাৰতে দ্বিতীয়খন ছেমিত ডিফেণ্ডিং তথা সাতবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াক পৰাস্ত কৰি খিতাপ যুঁজলৈ উন্নীত হয়। অষ্ট্ৰেলিয়াই জয়ৰ বাবে বান্ধি দিয়া অভিলেখসংখ্যক ৰানৰ লক্ষ্য অতিক্রম কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰিছিল। ভাৰতৰ এই জয়ৰ মূলতে আছিল জেমিমা ৰ’ড্রিগুৱেজৰ বিস্ফোৰক অপৰাজিত শতক। আজিৰ মেচখনৰ সন্দৰ্ভত দলটোৰ অধিনায়িকা হৰমনপ্রীতি কৌৰে কয় যে শক্তিশালী অষ্ট্ৰেলিয়াক ছেমিফাইনেলত পৰাস্ত কৰি দলটোৰ সতীৰ্থসকলৰ মনোবল যথেষ্টখিনি বৃদ্ধি পাইছে। আশা ৰাখিছে ফাইনেল মেচখনতো সতীর্থসকলে দক্ষিণ আফ্ৰিকাৰ সকলো প্ৰত্যাহ্বান ওফৰাই ভাৰতক চেম্পিয়নৰ সোৱাদ দিব পাৰিব বুলি মই আত্মবিশ্বাসী। প্রতিযোগিতাখনত প্রটিয়াজ বাহিনীয়ে উন্নত প্ৰদৰ্শন দাঙি ধৰি আহিছে। লীগ মেচত আমি তেওঁলোকৰ হাতত পৰাস্ত হৈছোঁ। গতিকে কাইলৈ খিতাপ যুঁজৰ মেচখনত আমি বিশেষ ৰণনীতিৰে নমাৰ পৰিকল্পনা লৈছোঁ। নিঃসন্দেহ কাইলৈৰ মেচখন আকর্ষণীয় হ’ব। গতিকে আমি প্ৰথমৰ পৰাও পৰিকল্পনা অনুসৰি খেলপথাৰত নামিব লাগিব।
