মহিলাৰ ৰজোনিবৃতি আৰু স্বাস্থ্য
মাতৃগৰ্ভৰ স্থিতি হোৱাৰ পৰা জীৱনৰ শেষ সময়লৈকে মানৱ জীৱন পৰিক্ৰমা বহুতো স্তৰৰ সমষ্টি মানুহৰ জীৱনৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত প্ৰত্যেক স্তৰৰে নিজস্ব বিশেষত্ব আৰু প্ৰয়োজনীয়তা আছে।
পুৰুষ আৰু মহিলা উভয়ৰে স্তৰ অনুযায়ী বিশেষত্ব আৰু প্ৰয়োজনীয়তা বহু বেলেগ হয়।
মহিলাসকলৰ ক্ষেত্ৰত কুমাৰী অৱস্থাৰ পৰা পুষ্পিতা হোৱা আৰু জীৱনৰ মধ্যম কালত হোৱা ৰজোনিবৃতি এক প্ৰাকৃতিক নিয়ম। জীৱনৰ মধ্যমকালত হোৱা এই ৰজোনিবৃতিৰ সময়ছোৱাত মহিলাৰ প্ৰজনন ক্ষমতা সমাপ্ত হয়। এগৰাকী মহিলাৰ যেতিয়া একেৰাহে এবছৰলৈ ঋতুস্ৰাৱ বন্ধ হৈ থাকে তেতিয়া ৰজোনিবৃতি হোৱা বুলি ধৰা হয়। ভাৰতীয় মহিলাসকলৰ ক্ষেত্ৰত মচৰাচৰ ৪০ বছৰৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰত ৰজোনিবৃত্তি হোৱা দেখা যায়।
বৰ্তমান সময়ত মহিলাৰ স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ গৰ্ভাৱস্থা আৰু প্ৰজনন ক্ষমতা থকা সময়ছোৱাক যথেষ্ট গুৰুত্ব আৰোপ কৰা দেখা যায়। সেই অনুপাতে ৰজোনিবৃতিৰ পিছৰ সময়ছোৱাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ সংবেদনশীল নহয়। দেখা গৈছে যে ৰজোনবৃতিৰ পিছৰ সময়ছোৱাও মহিলা সকলৰ বাবে গুৰুত্বপূৰ্ণ আৰু এই সময়তে মহিলাৰ স্বাস্থ্যৰ বিশেষ কিছু সমস্যাও আছে
পিছে এই সময়ছোৱাত স্বাস্থ্যৰ যতন অলপ হলেও অৱহেলিত হৈ আছে আৰু এতিয়াও বহুতে এই বিষয়ে বিশেষ সচেতন নহয়।
আধুনিক চিকিৎসাবিজ্ঞানৰ উন্নতিৰ লগে লগে মহিলাসকলৰ গড় আয়ুসো যিহেতু বৃদ্ধি পাইছে সেয়েহে বুজন সংখ্যক মহিলাই ৰজোনবৃতিৰ পিছতো দীৰ্ঘ জীৱন অতিবাহিত কৰে। তদুপৰি পাশ্চাত্য দেশসমূহৰ তুলনাত ভাৰতীয় মহিলাসকলে কম বয়সতে এইতো স্তৰ পায়। গতিকে এই সময়ছোৱাত মহিলাসকল স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাতো প্ৰয়োজন।
মহিলাসকলৰ ডিম্বাশয়ৰ পৰা ইষ্ট’জেন আৰু প্ৰজেষ্টেৰপ্ন নামৰ দুবিধ হৰম’ন নিংসৰিত হয়। এই হৰম’ন দুবিধে মহিলাগৰাকীক প্ৰজনন ক্ষমতাৰ অধিকাৰী কৰে। ৰজোনিবৃতিৰ সময়ছোৱাত এই হৰম’ন দুবিধৰ তাৰতম্য ঘটে। গতিকে প্ৰজনন ক্ষমতা হ্ৰাস হোৱাৰ লগতে ৰজোনিবৃতিৰ লগত জড়িত বিভিন্ন ৰোগৰ লক্ষণসমূহো দেখা দিবলৈ আৰম্ভ কৰে। সৰ্তকতা আৰু সজাগতাৰ জৰিয়তে এই সময়ছোৱাত মহিলাসকলে ভালেমান ৰোগৰ পৰা আঁতৰি থাকি এক সুশৃংখল জীৱন-যাপন কৰিব পাৰি।
শৰীৰৰ কোনো অংশ হঠাৎ গৰম অনুভৱ হোৱাটো ৰজোনিবৃতিৰ পিছৰ পয্যায়ৰ এক সধাৰণ লক্ষণ, বহুসংখক মহিলাৰ ক্ষেত্ৰতেই এই লক্ষণ দেখিবলৈ পোৱা যায়। সাধাৰণতে মুখমণ্ডল বা শী১১১ ওপৰৰ যিকোনো অংশত গৰম [হট ফ্লাচ] অনুভব হয়। এই অনুভব যিকোনো সময়তে হব পাৰে। ৰাতিৰ ভাগত হলে টোপনিত ব্যাঘাত জন্মে। গতিকে নিদ্ৰাহীনতা হয়, খিংখিঙিয়া হব পাৰে। এই সমস্যাৰ পৰিত্ৰানৰ বাবে জিৰণিৰ দৰকাৰ। যোগ, ধ্যান আদিৰ দ্বাৰা মন সংযত কৰিব পাৰে। মচলাযুক্ত আহাৰ, চাহ, কফি আদি পৰিহাৰ কৰা, লগতে চিগাৰেত বা সুৰাও বৰ্জন কৰা[যদিহে অভ্যাস আছে] প্ৰয়োজন সাপেক্ষে চিকিৎসকৰ পৰামৰ্শ লব লাগে।
মেদ বহলতা এই সময়ছোৱাৰ মহিলাসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সমস্য। সাধাৰণতে পৰিয়াল সম্পূৰ্ণ হোৱাৰ পিছৰ পয্যায়ত বেছিভাগ মহিলাৰে শৰীৰৰ ওজন বাঢ়িবলৈ ধৰে। বহু মহিলাৰ ক্ষেত্ৰত শৰীৰৰ বাকী অংশৰ তুলনাত পেটৰ অংশতে মাত্ৰাধিক চৰ্বি জমা হয়, যিটো বেছি বিপদজনক। বেছিভাগ মহিলাই আজৰি সময়খিনি টিভি, মোবাইল, বাতৰিকাকত আলোচনী আদিৰ মাজেৰেই পাৰ কৰে ফলত শৰীৰৰ সক্ৰিয়তা কমে, লগতে অত্যাধিক তেলযুক্ত আহাৰ গ্ৰহণ কৰাৰ ফলত শৰীৰৰ মেদ বৃদ্ধি পায়। ফলৰূপে পিছৰ পয্যায়ত উচ্চৰক্ত চাপ, মধুমেয়, হাৰ্টৰ ৰোগ আদিয়ে গা কৰি উঠে, সেয়েহে ৰাতিপুৱা, গধুলি খোজকঢ়া[খৰকৈ কমেও আধাঘন্টা সময়] অভ্যাস কৰিলে ভাল, শাৰীৰিক ব্যায়াম ফুলনি বাগিছাৰ কাম, ঘৰৰ অত্যাৱশ্যকীয় কাম আদিয়েও মহিলাগৰাকীক সতেজ কৰি ৰখাত সহায় কৰে।
যিহেতু বয়সৰ লগে লগে মানুহৰ পাচন শক্তিও কমি আহে সেয়েহে খোৱা ক্ষেত্ৰতো সাৱধান হোৱাপ্ৰয়োজন। খোৱা আহাৰ বিশেষকৈ শৰ্কৰাজাতীয় আহাৰ[মূল আহাৰ] এক নিৰ্দ্দিষ্ট সময়ৰ ব্যৱধানত কম পৰিমাণে খোৱা বাঞ্চনীয়। ৰাতিৰ আহাৰ শোৱাৰ দুঘন্টামান আগতেই গ্ৰহণ কৰিব লাগে। চালাদ, দৈ আদি দৈনিক খাদ্য তালিকাত অভুক্ত কৰাটো ভাল। বতৰৰ ফলমূলো পাৰ্য্যমানে খোৱা ভাল।
ৰজোনবৃতিৰ পিছৰ মহিলাসকলৰ হাড়ৰ মজ্জা দুৰ্বল হয় শৰীৰত কেলচিয়াম আৰু ফচফৰাছৰ অভাৱত হাড়সমূহ দূৰ্বল হৈ পৰে। সাধাৰণতে ৩৫ বছৰমান বয়সৰপৰাই মহিলাসকলৰ হাড়ৰ ঘনত্ব কমিবলৈ আৰম্ভ কৰে, ফলস্বৰূপে এটা সময়ত প্ৰায়ভাগ মহিলাই অষ্টিওপ’ৰছিছ ৰোগৰ দ্বাৰা আক্ৰান্ত হয় আৰু এই ৰোগৰ বাবেই সহজতে হাড়ভঙা পয্যন্ত পয্যায় পায়গৈ। সেইবাবে যুৱতী অৱস্থাৰ পৰাই কেলচিয়াম আৰু ফচফৰাচযুক্ত আহাৰ যেনে- মাছ, মাংস গাখীৰ, দুগ্দ্ধজাত সামগ্ৰী, তিলৰ তেল, বাদাম, বাদামৰ তেল আদি খোৱা প্ৰয়োজন, বহুকেইটা সমীক্ষাৰ পৰা পোৱা গৈছে যে ওপৰোক্ত খাদ্যসমূহ নিয়মিত ভাবে গ্ৰহণ কৰা মহিলাসকলৰ হাড়ৰ ঘনত্ব প্ৰায় স্বাভাৱিক মাত্ৰাত থাকে, শৰীৰত কেলচিয়াম শোষণৰ বাবে খাদ্যপ্ৰাণ ডি ১ প্ৰয়োজন হয়। দিনৰ ভাগত সূৰ্য্যৰ পোহৰৰ দ্বাৰা মানৱ দেহে সক্ৰিয় খাদ্যপ্ৰাণ ডি প্ৰস্তুত কৰি লব পাৰে। খাদ্যপ্ৰাণ ডি থকা খাদ্যসমূহ বিশেষকৈ গাখীৰ আৰু দুগ্দ্ধজাত খাদ্য যেনে চিজ, মাখন, আদি লগতে তেলজাতীয় খাদ্যতো ভিটামিন ডি থাকে। গতিকে এনে আহাৰ গ্ৰহণ কৰা উচিত।
ৰজোনিবৃতিৰ পিছৰ সময়ত বহুতো মহিলাৰ নিদ্ৰাহীনতাত ভোগে আৰু ব্যাঘাত টোপনিও হয়।
দুগ্দ্ধজাত সামগ্ৰীসমূহে নিদ্ৰাৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। গাখীৰত উপলদ্ধ গ্লাইচিন নামৰ এমিনো এচিডবিধে স্বাভাৱিক নিদ্ৰাত সহায় কৰে। কিছু মহিলাৰ ক্ষেত্ৰত ৪৫বছৰ বয়সৰ আগতে ৰজোনিবৃতি হোৱাৰ পৰা প্ৰতিহত কৰাত সহায় কৰে।
চয়াবিন, বাদাম, আদিত থকা ফাহ’ট’ ইষ্ট’জেন নামৰ উপাদান বিধে মত্ৰাধিক গৰম প্ৰতিৰোধ কৰাত সহায় কৰে। ওমেগা-3-ফেটিএচিডযুক্ত খাদ্যসমূহো এই ক্ষেত্ৰত উপকাৰী।
ৰজোনিবৃতিৰ পিচৰ সময়ছোৱাত মহিলাৰ চডিয়াম আৰু পটেছিয়াম নিৰ্দ্ধাৰিত মাত্ৰাত থকাতো অতি প্ৰয়োজনীয়। এই সময়ছোৱাত মহিলাক পটেছিয়ামৰ বিশেষ প্ৰয়োজন হয়। তিয়হ, ক’ল, আঙুৰ, কমলা, বেঙেনা, ৰঙালাও, সেউজীয়া শাক-পাচলি আদিত পটেছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায়। মহিলাসকলে চডিয়ামৰ পৰিমাণ সাধাৰণ মাত্ৰাত ৰাখিবৰ বাবে যথেষ্ট পৰিমাণে পানী সেৱন কৰিব লাগে। বিভিন্ন অসংক্ৰমৰোগ যেনে উচ্চৰক্ত চাপ, মধুমেয়, হাওফাওৰ বিভিন্ন ৰোগ আদিৰ উপৰিও এই বয়সৰ মহিলাই বিভিন্ন ধৰণৰ কৰ্কটৰোগৰ দ্বাৰা আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি।
শাকপাচলি,ফলমূল আদিত ভিটামিন আৰু মিনাৰেলৰ লগতে যথেষ্ট মাত্ৰাত এন্টিঅক্সিজেন থাকে। আঙুৰ, জাম, ষ্ট্ৰবেৰী, আদিয়ে ৰক্তচাপ স্বাভাবিক মাত্ৰাত ৰখাত সহায় কৰে। স্তনৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত এই খাদ্যবোৰৰ অৱদান আছে।
ৰজোনিবৃতিৰ পিচৰ বয়সৰ মহিলাসকলৰ মাংসপেশীৰ প্ৰট্ৰিনৰ পৰিমাণ কৰে। সেয়েহে এই সময়ত প্ৰটিনযুক্ত খাদ্য গ্ৰহণ কৰাটো অত্যাৱশ্যকীয়। মাছ, মাংস, কণী, মাহজাতীয় শস্যত আদিত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে।
এই সময়ছোৱাত বহু মহিলাই ভোগা আন এটা গুৰুত্বপূৰ্ণ উপসৰ্গ হল উদাসীনতা। এই ক্ষেত্ৰত পৰিয়ালৰ সহযোগিতাৰ বহুত প্ৰয়োজন আছে। ওমেগা-3-ফেটি এচিডযুক্ত খাদ্য যেনে গাখীৰেৰে তৈয়াৰী সামগ্ৰী, মাছ, মাছৰ তেল, সেউজীয়া শাক-পাচলি, ছয়াবিন আদিয়ে হতাশাগ্ৰস্ততা প্ৰতিৰোধত সহায় কৰে।
সচৰাচৰ বজাৰত কিনিবলৈ পোৱা চিপচ, ভূজিয়া, চানাচুৰ আদিৰ অত্যাধিক তেলেতীয়া খাদ্য আদিবোৰ জুতি লগা হলেও ইয়াত মাত্ৰাধিক চডিয়াম আৰু কৃত্ৰিম ৰং আদি থাকে যিবোৰ স্বাস্থ্যৰ বাবে হানিকাৰক এইবোৰ খাদ্যৰ পৰা মেদবহুলতাৰ লগতে হৃদপিণ্ডৰ নানান ধৰণৰ বেমাৰো হব পাৰে। লগতে এই মচলাযুক্ত খাদ্যবোৰে শৰীৰত অধিক গৰম উৎপন্ন কৰিব পাৰে। সেয়েহে পৰাপক্ষত এই খাদ্যবোৰ পৰিহাৰ কৰাই শ্ৰেয়।
চাহ, কফি আদি মাত্ৰাধিক পৰিমাণত গ্ৰহণ কৰা অনুচিত তেনেদৰে ৰাগিয়াল বস্তু যেনে চিগাৰেট, বিড়ি ধপাত, সুৰা আদি বৰ্জন কৰা উচিত। এই সময়ত সুষম খাদ্যৰ অতি আৱশ্যকতা আছে। দৈনিক অতি কমেও দুই লিটাৰ পানী খাব লাগে।
খাদ্যাভাসে জীৱনৰ এই জটিল সন্ধিক্ষণৰ সময়ত মানুহৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলায়। তদুপৰি বয়সৰ লগে লগে মানুহৰ ৰোগ প্ৰতিৰোধৰ ক্ষমতও কমি আহে। গতিকে এই সময়ত বহুতো মহিলাৰ বিভিন্ন ৰোগ হব পাৰে। গতিকে এক নিৰ্দ্দিষ্ট সময়ৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰি থকা দৰকাৰ। যি সকলে ইতিমধ্যে বিভিন্ন বেমাৰৰ বাবে ঔষধ খাই আছে তেঁওলোকক চিকিৎসকৰ পৰামৰ্শ মতে চলি ভৱিষ্যতে বিপদৰ সন্মুখীন নহবলগীয়া হব।
সুশৃংখল জীৱন যাপন স্বাস্থ্য সন্মত খাদ্য ব্যায়াম, যোগ আদিৰ দ্বাৰা শৰীৰটো যথেষ্ট পৰিমাণে নিৰোগী কৰি ৰাখিব পাৰি, তেতিয়া নিজৰ জীৱনটো সুন্দৰ আৰু সুখৰ হোৱাৰ লগতে পৰিয়ালৰ সকলো মানুহৰ লগতে শাৰীৰিক আৰু মানসিক আনন্দেৰে দিন কটাব পাৰি।
ডাঃ যুতিকা ওজা
অধ্যাপিকা, কমিউনিতি মেডিচিন বিভাগ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়