মহিলাসকলৰ মাহৰ বিশেষ দিন কেইটা – নাচিমা য়াচমিন

মহিলাসকলৰ মাহৰ বিশেষ দিন কেইটা

 নাচিমা য়াচমিন ,বিশ্বনাথ চাৰিআলি

গোটেই মাহজুৰি প্ৰিয় পুৰুষজনৰ ক্লান্ত মনক আশ্ৰয় দিয়া মহিলগৰাকীয়ে কেৱল মাহৰ বিশেষ দিন কেইটাত অলপ মৰম বিচাৰে , যত্ন বিচাৰে, আদৰ বিচাৰে, সান্নিধ্য বিচাৰে। কিন্তু সকলো পুৰুষে এই কথা বুজি পায় জানো? আধা সংখ্যক পুৰুষে সুন্দৰকৈ বুজি পায় যদিও আধা সংখ্যকে গুৰুত্ব নিদি চকু মুদি থাকে।
অকল নাৰীয়েহে অনুভৱ কৰিব পাৰে এই যন্ত্ৰণা।শিলা দি ধৰা তল পেটৰ বিষ। সামান্যৰ পৰা তীব্ৰ জ্বৰৰ উত্তাপ। এই দুই তিনিটা দিনত নাৰী এগৰাকীয়ে নৰক যন্ত্ৰণা ভোগ কৰি উভতে বুলি ক’লেও চাগে ভুল কোৱা নহ’ব। সৃষ্টিকৰ্তাৰ এই প্ৰাকৃতিক প্ৰক্ৰিয়াটো আমি সলনি কৰিব নোৱাৰোঁ হয়, কিন্তু এই যন্ত্ৰণা অলপ প্ৰশমিত হ’বলৈ আমি কাষ চাপি যাওঁ প্ৰিয় জনৰ ওচৰলৈ। কিন্তু প্ৰায়সকলে অৱহেলিত হৈ উভতি আহি ছটফটাই কেৰেলোঁৱাটোৰ দৰে কুচি মূ্চি হৈ বিছনাৰ এটা কোণত পৰি ৰও।
অধিক সংখ্যক পুৰুষেই অনুভৱ কৰিবলৈও চেষ্টা নকৰে এই প্ৰাকৃতিক অসুস্থতাৰ আঁৰৰ কষ্ট। ব্যস্ততাৰ নাম দি কেৱল আঁতৰি যায়।
বাকী দিনতকৈ এইকেইটা দিনত নাৰী এগৰাকী বহুত বেছি আৱেগিক হৈ পৰে। সেই অনুসৰি অলপ মান মৰম, ভালপোৱা উপহাৰ দিলে নাৰী গৰাকীৰ কষ্ট অলপ হ’লেও লাঘৱ হয়।  গাৰো তিতা চকু পানী খিনি মচিবলৈ শক্তি বিচাৰি পাই শান্তিৰ এঘুমটি মাৰিব পাৰে। এইয়াই সৰু সৰু সুখ। নাৰীৰ হৃদয়ৰ প্ৰিয় পুৰুষজন হিচাপে ৰাজ কৰাৰ কৌশল।