মহিলাসকলৰ এনিমিয়া প্ৰতিৰোধৰ উপায়
ডাঃ বিজিতা চুতীয়া
নেচনেল ফেমিলী হেল্থ ছার্ভে (NFHS) ২০১৬ৰ সমীক্ষা মতে ভাৰতবৰ্ষৰ প্ৰায় ৫১ শতাংশ মহিলা এনিমিয়াত আক্রান্ত। এনিমিয়াই বহু মিলিয়ন মহিলা আৰু কিশোৰীৰ স্বাস্থ্যৰ অৱনতি ঘটোৱাৰ উপৰি আহিবলগীয়া প্ৰজন্মৰো বৃদ্ধি আৰু বিকাশত কুপ্ৰভাৱ পেলায়। আমাৰ শৰীৰৰ তেজত যেতিয়া হিম’গ্লবিনৰ পৰিমাণ কমি যায় তেতিয়াই এনিমিয়া বা ৰক্তহীনতাই দেখা দিয়ে। পুৰুষ, মহিলা উভয়ে এনিমিয়াত আক্রান্ত হয় যদিও বিশেষকৈ কিশোৰ-কিশোৰীসকল, গৰ্ভৱতী মহিলা, দুগ্ধপান মাতৃ, কেঁচুৱা তথা শিশুসকল, পুষ্টিহীনতাত ভোগাসকল বেছিকৈ এনিমিয়াত আক্রান্ত হয়।
মহিলাসকলে নিজৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়া অতি আৱশ্যক। কিয়নো ৫০ শতাংশৰো অধিক মহিলা গৰ্ভৱতী হোৱাৰ আগৰ পৰাই এনিমিয়াত আক্রান্ত হয়। সেয়ে এনিমিয়াৰ কুপ্ৰভাৱ আৰু ইয়াৰ প্ৰতিৰোধ সম্পৰ্কে মহিলা আৰু কিশোৰীসকল অৱগত হোৱাটো অতি জৰুৰী।
এনিমিয়া বিভিন্ন ধৰণৰ হ’ব পাৰে; যেনে-
(১) আইৰনৰ অভাৱত হোৱা এনিমিয়া (Iron Deficiency Anaemia)
(২) এপ্লাষ্টিক এনিমিয়া (Aplastic Anaemia)
(৩) মেগাল’ব্লাষ্টিক এনিমিয়া (Megaloblastic Anaemia)
এনিমিয়াৰ কাৰণসমূহ :
(১) খোৱা খাদ্যত আইৰন বা লৌহযুক্ত তত্ত্বৰ অভাৱ।
(২) ভিটামিন B12আৰু ফলেটৰ অভাৱ।
(৩) শৰীৰত উপযুক্ত পৰিমাণে আইৰনৰ অৱশোষণ নোহোৱাৰ ফলত।
(৪) দুৰ্ঘটনাৰ ফলত শৰীৰৰ কোনো স্থানৰ পৰা অতিমাত্ৰা ৰক্তপাত হ’লে।
(৫) বিভিন্ন ধৰণৰ ৰোগ যেনে— ৰক্তস্ৰাৱযুক্ত পাইল্ছ, কলন কোৰ, এগুমেট্ৰিঅ’ছিছ, ulcerative colitis, মেলিনা, গেষ্ট্রিক বা পেপটিক আলছাৰ ইত্যাদিৰ ফলত।
(৬) পেলুৰ সংক্ৰমণৰ ফলত।
ইয়াৰ উপৰি কিশোৰী আৰু মহিলাসকল এই ৰোগত বেছিকৈ আক্ৰান্ত হোৱাৰ কাৰণসমূহ হৈছে—
(১) ঋতুকালত হোৱা অধিক ৰক্তস্ৰাৱ
(২) প্ৰসৱৰ সময়ত হোৱা ৰক্তক্ষৰণ
(৩) সঘনে গর্ভপাত হোৱা
(৪) সঘনে সন্তান জন্ম দিয়া
এনিমিয়া ৰোগৰ লক্ষণসমূহ :
(১) অতি সোনকালে ভাগৰ লগা।
(২) ছাল শেঁতা পৰা
(৩) উশাহ চুটি হোৱা
(৪) মূৰ ঘূৰণি
(৫) হাত-ভৰি ঠাণ্ডা পৰি যোৱা
(৬) বুকুৰ ধপধপনি
(৭) কাম কৰাৰ ক্ষমতা হ্রাস পোৱা
(৮) শিশু বা কিশোৰ-কিশোৰীসকলৰ পঢ়াত অমনোযোগিতা
(৯) ভৰিৰ জিনজিননি
(১০) শৰীৰ দুৰ্বল ইত্যাদি।
এমিনিয়াৰ ফলত মহিলাৰ ক্ষেত্ৰত হোৱা জটিলতাসমূহঃ
(১) গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত প্ৰসৱৰ সময়ৰ আগতে সন্তান জন্ম হ’ব পাৰে (Prematured baby)।
(২) কম ওজনৰ শিশুৰ জন্ম (Low birth weight baby)।
(৩) মৃত সন্তান জন্ম (Still birth)।
(৪) মাতৃৰ মৃত্যুৰ আশংকা।
(৫) গৰ্ভস্থ সন্তানৰ আইৰনৰ অভাৱত ভোগাৰ ফলত বৃদ্ধি আৰু বিকাশত বাধাৰ সৃষ্টি হয়।
(৬) হৃদৰোগ ইত্যাদি।
এনিমিয়া ডায়েগ্ন’ছিছ :
তলত উল্লিখিত পৰীক্ষাসমূহৰপৰা এনিমিয়া নিশ্চিত কৰিব পাৰি—
(1) complete blood count (CBC)।
(২) হিম’গ্লবিন (Hb) নির্ণয়।
(৩) তেজৰ কোষবিলাকৰ আকাৰ আৰু আকৃতিৰ পৰীক্ষা ইত্যাদি।
প্ৰতিৰোধী ব্যৱস্থাসমূহ :
(১) আইৰনযুক্ত খাদ্য সেৱন : প্রায় ৯০ শতাংশ এনিমিয়া আইৰনৰ অভাৱৰ (Iron deficiency Anaemia) ফলত হয়। গতিকে প্ৰচুৰ পৰিমাণে আইৰন থকা খাদ্য যেনে – কলডিল, কাচকল, পালেং শাক, শুকান ফল, খেজুৰ, খিচমিচ, ডালিম, মৰিচা শাক, গুড়, মাছ, কণী ইত্যাদি খোৱা উচিত। আইৰন মহিলাৰ বাবে অত্যন্ত প্রয়োজনীয়।
(২) ভিটামিন-চিযুক্ত খাদ্য গ্রহণ কৰাঃ ভিটামিন-চি বা এচকৰবিক এচিডে আমাৰ শৰীৰত সঠিকভাৱে আইৰনৰ শোষণ হোৱাত সহায় কৰে। চাইট্রাচ বা টেঙাজাতীয় ফল, কমলা, আঙুৰ, মধুৰিআম, অমিতা, আনাৰস, আম, বিলাহী, আমলখি, নেমু, ব্ৰক’লি, তৰমুজ, ফুলকবি ইত্যাদি ভিটামিন চিৰ ভাল উৎস।
(৩) ভিটামিন বি-১২যুক্ত খাদ্য সেৱন : ভিটামিন বি-১২ আৰু ফলেটযুক্ত খাদ্যৰ অভাৱৰ ফলত মেগাল’ব্লাষ্টিক এনিমিয়াৰ সৃষ্টি হয়। সেয়েহে পর্যাপ্ত পৰিমাণে ভিটামিন বি-১২যুক্ত খাদ্য যেনে— মাংস, গাখীৰ, দুগ্ধজাত খাদ্য, ছ’য়াবীন ইত্যাদি গ্ৰহণ কৰা উচিত। ইয়াৰ উপৰি ফলেটযুক্ত খাদ্য যেনে— সেউজীয়া শাক-পাচলি, সেউজীয়া মটৰ, দাইল, বাদাম ইত্যাদি খাদ্য তালিকাত অন্তর্ভুক্ত কৰিব লাগে।
(৪) গৰ্ভৱতী মাতৃসকলে অতিৰিক্ত আইৰন ফলিক এচিড সেৱন কৰা : গৰ্ভৱতী মহিলাসকলে দিনে ৩০ মিঃগ্রাম অতিৰিক্ত এলিমেণ্টেল আইৰন আৰু ৪০০ মাইক্ৰ’ গ্ৰাঃ অতিৰিক্ত ফলিক এচিড আনহাতে দুগ্ধপান কৰোৱা মাতৃসকলে দিনে ১৫-২০ মিঃ গ্রাম অতিৰিক্ত এলিমেণ্টেল আইৰন আৰু ৪০০ মাইক্ৰ’গ্ৰাম অতিৰিক্ত ফলিক এচিড খোৱা উচিত।
(৫) স্কুলীয়া শিশু আৰু কিশোৰ-কিশোৰীসকলক সপ্তাহত এটাকৈ আইৰন-ফলিক এচিড পৰিপূৰক (Supplement) দিয়া উচিত।
(৬) বছৰি দুবাৰকৈ Albendazole 400mg tab খাবলৈ দিয়া : আমাৰ শৰীৰৰ অন্ত্ৰত (Intestiue) হোৱা কৃমিৰ বাবেও এনিমিয়াৰ সৃষ্টি হ’ব পাৰে। অন্ত্ৰৰ কৃমিসমূহে আমি খোৱা খাদ্যৰ পোষকতত্ত্বসমূহ শুহি খোৱাৰ ফলত এনিমিয়াই দেখা দিয়ে। সেয়েহে হাকোটা পেলুৰ সংক্ৰমণ প্ৰতিৰোধ কৰিবলৈ পেলুৰ দৰব খোৱা উচিত।
(৭) ইয়াৰ উপৰি ছোৱালীৰ উপযুক্ত বয়সৰ আগতে বিয়া বা সন্তান জন্মত বাধা প্ৰদান কৰা। উপযুক্ত পৰিয়াল পৰিকল্পনাৰে ঘনাই গৰ্ভধাৰণ বাধা দিয়া আৰু মহিলাৰ অত্যধিক ঋতুস্ৰাৱৰ চিকিৎসা কৰা উচিত।
(৮) চাহত থকা ‘টেনিন’ নামৰ উপাদানবিধে আমাৰ শৰীৰত আইৰনৰ অৱশোষণত বাধা দিয়ে। সেয়েহে আহাৰৰ লগতে চাহ খাব নালাগে। আহাৰ খোৱা আৰু চাহ খোৱাৰ মাজত কমেও এঘণ্টাৰ ব্যৱধান থকা উচিত।
আয়ুৰ্বেদত এনিমিয়াৰ চিকিৎসা : আয়ুৰ্বেদত এনিমিয়া বা ৰক্তহীনতাক ‘পাণ্ডু’ৰ লগত তুলনা কৰা হয়। পিত্তদোষৰ আধিক্যৰ ফলত এইবিধ ৰোগ হোৱা বুলি কৈছে। আয়ুৰ্বেদত ৰোগৰ কাৰণ অনুযায়ী এনিমিয়াৰ চিকিৎসা কৰা হয়।
আয়ুর্বেদত ব্যৱহৃত কেইবিধমান দ্ৰব্য তলত উল্লেখ কৰা হৈছে—
(১) আমলখিঃ আমলখিত লৌহ তত্ত্ব তথা ভিটামিন-চি প্ৰচুৰ পৰিমাণে পোৱা যায়। ভিটামিন-চিয়ে আমাৰ শৰীৰত আইৰন শোষণ কৰাত সহায় কৰে। নিতৌ আমলখি বা আমলখিৰ ৰস মৌৰ লগত মিহলাই খালে শৰীৰত আইৰনৰ পৰিমাণ বৃদ্ধি পায়।
(২) ঘৃতকুমাৰীঃ নিতৌ ঘৃতকুমাৰীৰ (Aloevera) ৰস খাওক। ই আইৰন আৰু ভিটামিন বি-১২ৰ অভাৱ দূৰ কৰিব। পিঁয়াজৰ ৰস আৰু এলোভেৰাৰ ৰস ১ঃ৩ অনুপাতত লৈ নিতৌ ১-২ চামুচ খালে অতি সোনকালে এনিমিয়াৰ পৰা হাত সাৰিব।
(৩) মেথি : ২-৩ চামুচ মেথিগুটি গোটেই ৰাতি তিয়াই ৰাখিব। পিছদিনা পুৱা চাউলৰ লগত মিহলাই ৰান্ধি খাব।
(৪) পিঁয়াজ : পিঁয়াজত যথেষ্ট পৰিমাণে আইৰন, ছালফাৰ আৰু কপাৰ থাকে। পিঁয়াজ কেঁচাকৈ বা ৰান্ধিও খাব পাৰে। আধাকাপ পিঁয়াজৰ ৰসৰ লগত এচামুচ মৌ মিলাই খালেও এনিমিয়া দূৰ হয়।
আয়ুর্বেদিক চিকিৎসাত ব্যৱহৃত কেইবিধমান ঔষধি হৈছে—
(১) লৌহ ভষ্ম
(২) লোহাসৱ
(৩) ধাত্রী লৌহ
(৪) নৱয়াস লৌহ
(৫) সোথাৰি লৌহ
(৬) পুনর্নবাদি মণ্ডুৰ
(৭) মণ্ডুৰ ভষ্ম
(৮) স্বর্ণমাক্ষিক ভষ্ম
(৯) কুমাৰী আসৱ
১০) সপ্তামৃত লৌহ ইত্যাদি।
এনিমিয়াৰ বাবে উপকাৰী কেইবিধমান যোগাসন হ’ল—
সর্বাংগাসন, পশ্চিমোত্তাসন, শৱাসন, সূৰ্য্যভেদন, ত্রিকোণাসন ইত্যাদি। আসনসমূহ অভিজ্ঞ যোগ প্রশিক্ষকৰ পৰামৰ্শ গ্ৰহণ কৰি কৰা উচিত।
নিয়ম আৰু পথ্য : খাদ্য ৰান্ধিবৰ বাবে লোহাৰ বাচন ব্যৱহাৰ কৰা উচিত। খাদ্যবস্তু আৰু খোৱাপানী সদায় ঢাকি ৰাখিব লাগে। খাদ্য খোৱাৰ আগতে হাত-মুখ পৰিষ্কাৰকৈ চাবোনেৰে ধুই ল’ব লাগে। নিয়মিতভারে নখ-চুলি কাটিব লাগে। খালী ভৰিৰে লেতেৰা ঠাই বা শৌচাগাৰলৈ যাব নালাগে। শৌচাগাৰৰ পৰা আহি হাত চাবোনেৰে ভালকৈ ধুব লাগে। নিতৌ কিছুসময় সূৰ্যৰ উত্তাপ গাত লগোৱা উচিত ইয়ে তেজৰ লোহিত ৰক্তকণিকাৰ উৎপত্তিত সহায় কৰে। তিল, খেজুৰ, দুগ্ধজাত খাদ্য, পালেং, গাজৰ, মূলা, বিলাহী, বীট, ডালিম, কল, খিচমিচ, আমলখি ইত্যাদি এনিমিয়া ৰোগৰ বাবে সুপথ্য।
গতিকে উপৰিউক্ত নিয়ম আৰু পথ্য পালন কৰাৰ লগতে প্ৰতিৰোধী ব্যৱস্থাসমূহৰ নিয়মিত অভ্যাসে মহিলা আৰু কিশোৰীসকলক এনিমিয়ামুক্ত কৰি শাৰীৰিকভাৱে সুস্থ আৰু সবল কৰি তুলিব। ইয়াৰ ফলত আদর্শ গৃহিণী বা নাৰীৰ সৃষ্টি হোৱাৰ লগতে তেওঁলোকৰ দ্বাৰা সুসন্তানৰ জন্ম হ’ব।