মহিলাই ছুটি কাপোৰ পিন্ধা বাবে ধৰ্ষণ দৰে ঘটনাবোৰ ঘটে নেকি? ৰাজশ্ৰী শৰ্ম্মা

Pc iPleaders

মহিলাই ছুটি কাপোৰ পিন্ধা বাবে ধৰ্ষণ দৰে ঘটনাবোৰ ঘটে নেকি?

ৰাজশ্ৰী শৰ্ম্মা
গোলাঘাট, বনগাঁও

ধৰ্ষণ বা বলাৎকাৰ এক ধৰণৰ যৌন আক্ৰমণ। সাধাৰণতে, এজন ব্যক্তিৰ অনুমতি ব্যতিত যাৰ লগত যৌনসঙ্গম বা অইন কোনো ধৰণৰ যৌন অনুপ্ৰৱেশ ঘটনাক ধর্ষণ বুলি কোৱা হয়। অনুমতি প্রদানত অক্ষম (যেনে- কোনো অজ্ঞান,বিকলাঙ্গ, মানসিক প্রতিবন্ধী তথা অপ্রাপ্তবয়স্ক ) ব্যক্তিৰ লগত যৌনমিলনত লিপ্ত হোৱাটো ধৰ্ষণৰ অন্তর্ভুক্ত।

ধৰ্ষণৰ দৰে ঘটনা সকলো মানুহে কৰিব নোৱাৰে। বিবেকহীন,নিয়ন্ত্ৰণহীন মানসীক বিকাৰগ্ৰষ্ট ,কামাসক্ত, পশুতুল্য বা পশুতকৈও অধম লোক থাকে, যিসকলৰ নাৰী চকুত পৰিলে কাম উত্তেজিত হৈ পৰে। মা-ভনীৰ কথা সিহঁতৰ মনলৈ নাহে এনে মানুহে এই জঘন্য কাম কৰিবলৈ সাহস কৰে।

আজিকালি সহজলভ্য ব্লু-ফ্লিম, ব্লু চিনেমা, ব্লু ভিডিঅ’ ইউ-টিউৱ, ফেচবুক আদিতো চেক্সুৱেল ৰীল সহজলভ্য। যিবোৰ দেখিলে সভ্য মানুহে চকু মুখ ঢাকি ধৰিব লগা হয়। এইবিলাক বস্তুৱে দুৰ্বলজনক অনুপ্ৰাণিত কৰে।

এতিয়া কওঁ প্ৰত্যক্ষভাৱেই হওঁক বা পৰোক্ষভাৱে হওঁক অৰ্ধ নগ্ন এক কাৰণ হ’ব পাৰে ।।আজিকালি ছোৱালীয়ে পৰিধান কৰা যৌন উত্তেজক পোচাকে বিকৃত যৌন বাসনাক বৃদ্ধি কৰাৰ পৰিবেশ আনিব পাৰে। কোনোবাই এনে পোছাক পৰিধান কৰিলে যে তেওঁকেই ধৰ্ষণ কৰিব এনে নহয়, কিন্তু তেনে যৌনগন্ধী পোছাকে বিকৃত মনৰ লোক এগৰাকীক অন্য সহজলভ্য, সহজ লক্ষ্যৰ বৃদ্ধা বা আবুৰৰ মাজত থকা আন নাৰী ,কণমানি জনী,আইতা গৰাকীৰ বলি হোৱাৰ সম্ভাৱনা থাকে। অৱশ্যে যিসকল সভ্য, সংস্কৃতিৱান ঘৰৰ লোক (পুৰুষ) হয়, তেনে লোকক হেজাৰ কাৰকেও বিচ্যুত কৰিব নোৱাৰে।মাৰ্জিত পোছাকে সমাজত যৌনতা বিষয়ক অপকৰ্মৰ এক শতাংশ হ’লেও কমাব পাৰিব।

‌সম্পুৰ্ণ নগ্নতা দেখিলেও যাৰ মন মানসিকতা নিকা সংস্কাৰেৰে ভৰা তেওঁ সেই ঠাইৰ পৰা নিজৰ দৃষ্টি ঘুৰাই আনিব আৰু যাৰ মন মানসিকতাই কুটিল সংস্কাৰেৰে ভৰা তেওঁ কাপোৰেৰে সম্পুৰ্ণ আৱৰি থকা শৰীৰ এটাতো নগ্ন অংশ বিচাৰি ফুৰিব। মন মগজু যদি সঠিক হয় একো নহয় যাৰ বিবেকৰ পতন ঘটে সেইবোৰে মাৰ্জিত সাজ পাৰতো বেয়া চকু দিয়ে আৰু যাৰ বিবেক মজবুত থাকে সেইবোৰৰ দৃষ্টিত ছুটি কাপোৰ পিন্ধা ছোৱালীও সুৰক্ষিত থাকে ।