মহাৰাষ্ট্ৰ চৰকাৰে ২০১৮ চনৰ পৰা ইন্ধন কৰ হিচাপে ৭৯,৪১২ কোটি সংগ্ৰহ কৰিছে: হৰদীপ পুৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে টুইটাৰযোগে মহাৰাষ্ট্ৰ চৰকাৰৰ ইন্ধনৰ ওপৰত মূল্য সংযোজন কৰ (ভেট) হ্ৰাস নকৰাৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।” মহাৰাষ্ট্ৰই ২০১৮ চনৰ পৰা ৭৯,৪১২ কোটি টকা ইন্ধন কৰ সংগ্ৰহ কৰিছে আৰু এই বছৰ ৩৩,০০০ কোটি টকা সংগ্ৰহ কৰিব বুলি আশা কৰা হৈছে,” তেওঁ কয়। তেওঁ লগতে কয়, “মানুহক সকাহ দিবলৈ ই পেট্ৰ’ল ডিজেলৰ ওপৰত ভেট কিয় হ্ৰাস কৰা নাছিল?”