মহাৰাষ্ট্ৰৰ ক্ৰীড়া মন্ত্ৰী মণিকৰাও কোকাটেৰ পদত্যাগ
ৰঙিলী বাৰ্ত্তাসেৱা– মহাৰাষ্ট্ৰৰ ক্ৰীড়া মন্ত্ৰী তথা এন চি পিৰ নেতা মণিকৰাও কোকাটোক এখন গৃহ নিৰ্মাণ আঁচনিৰ সৈতে জড়িত প্ৰৱঞ্চনা আৰু জালিয়াতিৰ গোচৰত দোষী সাব্যস্ত কৰি নাচিক আদালতে দুবছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। আদালতে তেওঁক দোষী সাব্যস্ত কৰাৰ কেইঘণ্টামানৰ পাছতে পদত্যাগ কৰে মহাৰাষ্ট্ৰৰ ক্ৰীড়া মন্ত্ৰী মণিকৰাও কোকাটে। গৃহ নিৰ্মাণ আঁচনিত অৰ্থনৈতিকভাৱে দুৰ্বল অংশৰ বাবে নিৰ্ধাৰিত ১০% কোটাৰ অপব্যৱহাৰৰ অভিযোগৰ সৈতে জড়িত গোচৰটোত কোকাটে আৰু তেওঁৰ ভাতৃ বিজয় কোকাটেক দোষী সাব্যস্ত কৰা হয়।মুখ্যমন্ত্ৰী দেবেন্দ্র ফড়নবিসলৈ প্ৰেৰণ কৰা এখন পত্ৰত ৰাজ্যপাল দেৱব্ৰতে কয় যে, “আপোনাৰ ১৭ ডিচেম্বৰ, ২০২৫ তাৰিখৰ পত্ৰখন পাইছো, য’ত প্ৰধান মণিক্ৰাও সৰস্বতী শিৱাজী কোকাটেৰ হাতত থকা ক্ৰীড়া আৰু যুৱ কল্যাণ, সংখ্যালঘু উন্নয়ন আৰু আউকাফৰ পৰ্টফলিঅ’টো উপ-মুখ্যমন্ত্ৰী (বিত্ত) শ্ৰী অজিত আছাতাই অনন্তৰাও পাৱাৰক আবণ্টন দিয়াৰ পৰামৰ্শ দিয়া হৈছে আৰু পৰিকল্পনা, ৰাজ্যিক আবকাৰী।”ৰাজ্যপালগৰাকীয়ে লগতে কয়, ‘মই ইয়াৰ দ্বাৰা আপোনাৰ ওপৰত উল্লেখ কৰা পৰামৰ্শৰ প্ৰতি মোৰ অনুমোদন জনাইছো।
