মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ সুনেত্ৰা অজিত পাৱাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- সদ্যপ্রয়াত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী তথা এনচিপিৰ মুৰব্বী অজিত পাৱাৰৰ শোকাৱহ মৃত্যুৰ পিছত তেওঁৰ পত্নী সুনেত্রা পাৱাৰক ৰাজ্যখনৰ উপ-মুখ্যমন্ত্রী পদত অধিষ্ঠিত কৰে। প্ৰয়াত অজিত পাৱাৰৰ পত্নী সুনেত্ৰা অজিত পাৱাৰে শনিবাৰে এক ঐতিহাসিক অনুষ্ঠানত মহাৰাষ্ট্ৰৰ প্ৰথমগৰাকী মহিলা উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ শনিবাৰে বিয়লি এনচিপিৰ কাৰ্যালয়ত এখন সভাত সুনেত্রা পাৱাৰক বিধায়িনী দলৰ নেতা হিচাপে বাছনি কৰে। শনিবাৰে সন্ধিয়া সুনেত্রা পাৱাৰে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী ৰূপে শপতগ্ৰহণ কৰে।মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছ, উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দে, এন চি পিৰ নেতা আৰু ঘনিষ্ঠ পৰিয়ালৰ সদস্যৰ উপস্থিতিত মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে সুনেত্ৰাক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায় ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সুনেত্ৰা পাৱাৰক মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে । সামাজিক মাধ্যম এক্সৰ এক পোষ্টত তেওঁ কয়, “এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যকাল আৰম্ভ কৰাৰ বাবে সুনেত্ৰা পাৱাৰজীলৈ অভিনন্দন । মই নিশ্চিত যে তেওঁ ৰাজ্যবাসীৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰিব আৰু প্ৰয়াত অজিতদাদা পাৱাৰৰ দৃষ্টিভংগী পূৰণ কৰিব ।”
