মহাৰাষ্ট্ৰত থানেত জন প্রতিনিধিসকলৰ সমাজৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি আৰু সাংগঠনিকভাৱে কাৰ্যক্ষম কৰি তোলাৰ কাৰ্যসূচী

Pc- The Economic Times

মহাৰাষ্ট্ৰত থানেত জন প্রতিনিধিসকলৰ সমাজৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি আৰু সাংগঠনিকভাৱে কাৰ্যক্ষম কৰি তোলাৰ কাৰ্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা-  মহাৰাষ্ট্ৰত থানেত জন প্রতিনিধিসকলৰ সমাজৰ প্ৰতি দায়বদ্ধতা বৃদ্ধি আৰু সাংগঠনিকভাৱে কাৰ্যক্ষম কৰি তোলাৰ বাবে কালিৰে পৰা তিনিদিনীয়াকৈ আয়োজিত প্রশিক্ষণ কাৰ্যসূচীত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ সকলো বিজেপি বিধায়কে অংশগ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কাৰ্যসূচীৰ মাজতে থানেৰ উট্রান জিলাৰ ৰামভাও প্ৰবোধিনী কেশৱ শ্ৰুষ্টিত এটা ভৱনৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰে। ভূমি পূজন অনুষ্ঠানত ড০ শৰ্মাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা উপস্থিত থাকে। উল্লেখযোগ্য যে, পণ্ডিত দীনদয়াল উপাধ্যায়, শ্যামাপ্রসাদ মুখার্জী আৰু প্ৰয়াত প্রধানমন্ত্রী অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰাজিৰে বিজেপি বিধায়কসকলক উদ্বুদ্ধ কৰি তুলিবলৈ এই প্রশিক্ষণ কাৰ্যসূচী আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত দেশৰ চৈধ্যশৰো অধিক বিজেপি বিধায়কে অংশগ্ৰহণ কৰিছে।