মহাভাৰতৰ কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা পংকজ ধীৰ আৰু নাই
ৰঙিলী বাৰ্ত্তাসেৱা- বি আৰ চোপ্ৰাৰ নিৰ্দেশনাত নিৰ্মিত ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা পংকজ ধীৰে ৬৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি কৰ্কট ৰোগৰ সৈতে যুঁজি থকা অভিনেতাগৰাকী কেইবাদিনো ধৰি চিকিৎসালয়ত ভৰ্তি হৈ আছিল। কিন্তু অৱশেষত জীৱন যুদ্ধত হাৰ মানি শেষ নিশ্বাস ত্যাগ কৰে পংকজ ধীৰে। তেওঁৰ আকস্মিক মৃত্যুৱে চলচ্চিত্ৰ আৰু টেলিভিছন উদ্যোগক স্তম্ভিত কৰি তুলিছে। উজ্জ্বল অভিনয় দক্ষতা আৰু শক্তিশালী কণ্ঠৰ বাবে পংকজ ধীৰ পৰিচিত আছিল যদিও ১৯৮৮ চনৰ ঐতিহাসিক ধাৰাবাহিক ‘মহাভাৰত’ত কৰ্ণৰ চিত্ৰণেই তেওঁক সঁচা অৰ্থত অমৰ কৰি তুলিছিল। তেওঁৰ কৰ্ণৰ অভিনয়ে ইমানেই জনপ্ৰিয়তা লাভ কৰিছিল যে দেশৰ বহু ঠাইত তেওঁৰ প্ৰতিমূৰ্তি পূজা কৰা হৈছিল। ‘সাদক’, ‘ছোল্ডাৰ’, ‘বাদশ্বাহ’কে ধৰি কেইবাখনো ছবিতো অভিনয় কৰাৰ লগতে টেলিভিছনৰ পৰ্দাতো সক্ৰিয় আছিল পংকজ ধীৰ।