মহাবাহুৰ বুকুত উটুৱাই দিয়া হ’ল অমৃতকণ্ঠৰ চিতাভস্ম

মহাবাহুৰ বুকুত উটুৱাই দিয়া হ’ল অমৃতকণ্ঠৰ চিতাভস্ম

ৰঙিলী বাৰ্ত্তাসেৱা- মই মৰিলে মোক ব্ৰহ্মপুত্ৰত উটুৱাই দিবা। ব্ৰহ্মপুত্ৰ মোৰ দেউতাৰ দৰে। সাগৰতকৈ মই ব্ৰহ্মপুত্ৰক ভালপাও। পৃথিৱীৰ একমাত্ৰ পুৰুষ নদ ব্ৰহ্মপুত্ৰ। – এই বাক্। সততে যিকোনো স্থানত বাৰে বাৰে উল্লেখ্য কৰিছিল জুবিন গার্গে। ব্ৰহ্মপুত্ৰৰ লগত তেওঁৰ যি আত্মিক সম্পর্ক, সেই কথাও প্রতিক্ষণতে কৈছিল জুবিনে। সেই আশা আজি যেন সাকাৰ হল। ব্রহ্মপুত্রতেই বিলীন হৈ গল জুবিন গাৰ্গৰ চিতাভস্ম। পত্নী গৰিমা গাৰ্গে মাংগলিক কৰ্মৰে আজি ব্ৰহ্মপুত্তত অর্পণ কৰে জুবিনৰ চিতাভস্ম। গুৱাহাটীস্থিত কাছমাৰী ঘাটত পৰিয়ালৰ সদস্য আৰু গুণমুগ্ধৰ উপস্থিতিত পত্নী গৰিমা গার্গে অশ্রুসিক্ত নয়নেৰে স্বামী জুবিনৰ তথা মৰমৰ গণ্ডীৰ চিতাভস্ম বিসর্জন দিয়ে। উল্লেখ্য যে ১৯ ছেপ্টেম্বৰত কোনো কালে কোনো দিনে অসমীয়াই আশা নকৰা, নভবা সেই বেদনাহত খবৰটো পাইছিল- জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। অসম অসমীয়াক শোকসাগৰত এৰি দিনৰ বাবে ছিংগাপুৰৰ সাগৰৰ বুকুত বিলীন হৈ গল হার্টথ্রব জুবিন গাৰ্গ। ১৯ ছেপ্টেম্বৰৰ পিছত আজি ২৯ অক্টোবৰত জুবিনৰ চিতাভস্ম ধর্মীয় নিয়ম অনুসৰি ব্ৰহ্মপুত্রত বিসর্জন দিয়া হয়। আনহাতে যোৰহাটত জুবিন গার্গে পুত্ৰজ্ঞান কৰা আৰু মুখাগ্নি কৰা অৰুণ গাৰ্গে ব্ৰহ্মপুত্ৰৰ বুকুত চিতাভস্ম বিসর্জন কৰে।