মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ নিৰ্মল জলধাৰা ” ভক্তি মঙ্গল ঘোষা ”: এক অৱলোকন
পংকজ দাস ,
গহপুৰ,ব্ৰহ্মাজান
যেতিয়াই বিশ্ব অজ্ঞান অন্ধকাৰত গভীৰ নিদ্ৰাত পৰি আছিল তেতিয়াই ভাৰতবৰ্ষৰ জ্ঞানৰ উজ্জ্বল পোহৰেৰে জকমকাই আছিল। সেইসকল মহাপুৰুষে মহামন্ত্ৰ অনুসন্ধান কৰি ভাৰতবাসীক উন্নত জীৱন যাপন কৰাৰ উপায় দিছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৰ অসমৰ সাহিত্য, সমাজ আৰু সংস্কৃতিৰ বৰভেঁটি গঢ়ি থৈ গৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ কালত অসমৰ ভক্তি ধৰ্মৰ ইতিহাসৰ ক্ৰমবিৱৰ্তনৰ পাত লুটিয়ালে দেখা যায় যে মহাপুৰুষ মাধৱদেৱৰ একান্ত ভক্ত ভৱানীপুৰীয়া গোপাল আতাৰেই এজন প্ৰধান ভক্ত হ’ল শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱ। অষ্টাদশ শতিকাৰ অসমৰ সমাজ জীৱনত মায়ামৰাসকলে ৰাজনৈতিক বিপ্লৱৰ সৃষ্টি কৰা অনিৰুদ্ধদেৱ হ’ল মায়ামৰা অথবা মোৱামৰীয়া সম্প্ৰদায়ৰ আদিগুৰ ভৱানীপুৰীয়া গোপাল আঁতাৰ অন্যতম প্ৰধান ভক্ত। মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ (হৰকণ্ঠ) গোবিন্দগিৰি ঔৰষে আজলী আই দেৱৰ গৰ্ভত ১৪৭৫ শকৰ (১৫৫৩ চন) ১৫ ব’হাগ শুক্ল নৱমী তিথিত বৃহস্পতিবাৰে লুইতৰ উত্তৰ পাৰত অৱস্থিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ অন্তৰ্গত বিষ্ণু বালিকুছি অঞ্চলত জন্ম গ্ৰহণ কৰে।
মহাপুৰুষ শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মৰ মূল ধাৰণাটোৱেই হৈছে ভক্তি। সংস্কৃতৰ ‘ভজ’ ধাতুৰ লগত ‘ক্তিন’ প্ৰত্যয় যুক্ত হৈ গঠন হোৱা ‘ভক্তি’ শব্দৰ অৰ্থ হৈছে প্ৰেমযুক্তভাৱে একমাত্ৰ পৰমেশ্বৰৰ পাদপদ্মত সেৱা কৰা মঙ্গল। সৰল আৰু চমুকৈ কবলৈ হ’লে ইন্দিয়সমূহক মায়াৰ কৱলৰ পৰা মুক্ত কৰি পৰম পুৰুষ জনা আছিল নিৰ্গুণ , নিৰাকাৰ, ব্ৰক্ষাৰূপী পৰম পুৰুষ যাক কৃষ্ণ বা বিষ্ণু ৰূপত ভক্তি কৰিব পাৰে । ভক্তি কৰিলে ভকতৰ মঙ্গল হয়, অৰ্থাৎ আধ্যাত্মিক উন্নতি হয়। এই কথা য’ত অৰ্থাৎ যি শাস্ত্ৰত বাৰম্বাৰ ঘোষণা কৰা হৈছে সেই শাস্ত্ৰৰ নামেই “ভক্তি মঙ্গল ঘোষা”। (৮০৫ জনা ঘোষাযুক্ত)
“ভক্তি মঙ্গল ঘোষা” এখনি ঘোষা পুথি। বিভিন্ন গ্ৰন্থৰ আধাৰত ৰচিত ভক্তিতত্ব নিৰ্ণায়ক এই পুথি অনিৰুদ্ধদেৱৰ মৌলিক সৃষ্টি। মাধৱদেৱৰ “নামঘোষা”ৰ দৰেই বিভিন্ন বৈষ্ণৱ গ্ৰন্থৰ সংস্কৃত শ্লোক অনুবাদ কৰি লগতে নিজৰ ৰচনাও সংযোগ কৰি অনিৰুদ্ধদেৱে পুথিখন ৰচনা কৰিছে।
“ওঁ নমো ভগৱতে বাসুদেৱায়” বুলি মূল ভাগৱতৰ আৰ্হিত আৰম্ভ কৰি ছবি ছন্দত লিখা “জয় জয় কৃষ্ণ দেৱ ভক্তৰ কাৰণে যিটো ভৈলা পূৰ্ণ বেকত গোবিন্দ।হেনয় পৰমান্দ কৃষ্ণক ভজোহো সদা হৃদয়ত পদ অৰবিন্দ” ভজনেৰে অনিৰুদ্ধদেৱে “ভক্তিমঙ্গল ঘোষা ” আৰম্ভ কৰিছে।মুঠ ৮০৫ টা পদৰ পুথিখনত পটল বিভাজন কৰি ৩৭টা ভাগ কৰি বিষয়বস্তুৰ নামাকৰণ এনে দৰে কৰিছে :- (১)ভজন (২)নমস্কাৰ (৩)শৰণ (৪)সম্প্ৰদা (৫)স্তুতি (৬)গুৰু নিৰ্ণয়(৭) ঈশ্বৰ নিৰ্ণয় (৮) তাৎপৰ্য (৯) পৰমাৰ্থ সাৰ (১০)প্ৰাৰ্থনা (১১)কাকুতি নিবেদন (১২)ভক্তিৰ মহিমা (১৩)নাম মহিমা(১৪) নাম প্ৰসংগ (১৫)নাম ঘোষা (১৬) মহিমা (১৭)নৃ-দেহ প্ৰশংসা (১৮)ভাগৱত প্ৰশংসা (১৯)ভাৰত ভূ-প্ৰশংসা (২০)সৎসঙ্গ প্ৰশংসা পথক (২১)প্ৰশংসা বিপথক নিন্দা (২২) প্ৰশংসা (২৩)জ্ঞানযোগ ভকতি (২৪)ভগীৰথৰ আগত পৰাশৰ বচন -কৰ্ম্মযোগ ভকতি (২৫)ভক্তি যোগৰ ঘোষা (২৬)মহিমাযুক্ত উপদেশ (২৮)উপদেশ (২৯)আত্মা উপদেশ (২৯)উপকাৰ স্মৰণ (৩০)কলিধৰ্ম নিৰ্ণয় (৩১)বদ্ধ মুকুতৰ হেতু (৩২)আত্মানিন্দা (৩৩)খেদ (৩৪)নিন্দা (৩৫)ভক্তদ্বেষিক নিন্দা (৩৬)মহন্ত আচাৰে ৰৈয়া অন্যত্ৰ আচাৰে নিন্দা আৰু (৩৭)সন্মোধনী ।
১৬০৬চনৰ পৰা ১৬২৬ চনলৈকে লখিমপুৰ জিলা বিহপুৰীয়া নগৰৰ পৰা সাত কিলোমিটাৰ দক্ষিণ পূৱত ” নাহৰআটী ” সত্ৰতে “ভক্তি মঙ্গল ঘোষা” ভাগ ৰচনা কৰে। “ভক্তি মঙ্গল ঘোষা”ৰ মূল উপাদান শ্ৰীমদ্ভাগত। ইয়াৰ উপৰিও শ্ৰীধৰ স্বামীৰ টীকা, শংকৰাচাৰ্যৰ ভূজঙ্গ প্ৰয়াৰ স্ত্ৰোত, চাণক্য নীতি, বৃহদনাৰদীয় পুৰাণ,নৃসিংহ পুৰাণ, পদ্ম পুৰাণৰ স্বৰ্গখণ্ড,শাৰদীয় ভক্তি সূত্ৰ, গৰুড় পুৰাণ, পাণ্ডৱ গীতা , মাহাত্ম্য ভক্তি ৰত্নৱলী আৰু নামঘোষাৰ কিছুমান জটিল শ্লোক প্ৰাঞ্জল অসমীয়ালৈ অনুবাদ কৰি সুশ্ৰাব্য অথচ তত্ত্বযুক্ত, সুৰ-তাল নিবন্ধিত পদ্যাৱলী ৰচনা কৰি কেৱল মায়ামৰা ধৰ্ম লোকসকলেই নহয় সকলো সংহতিৰ ভক্ত সমাজলৈ ভক্তিৰ পথ মুকলি কৰি থৈ গৈছে।
মহাপুৰুষ অনিৰুদ্ধদেৱ গুৰুজনাই ঈশ্বৰৰ আদি অৱতাৰ গোবিন্দই যে পূৰ্ণ কৃষ্ণৰূপে ভকতৰ মঙ্গলৰ কাৰণে ব্যক্ত হ’ল আৰু কৃষ্ণ পদাৰবিন্দ আন্তৰিকতাৰে ভজনা কৰিলেহে ভক্ত মঙ্গল হয় তাকে ঘোষণা কৰি ভক্তি মঙ্গল ঘোষাভাগ আৰম্ভ কৰিছে_
জয় জয় কৃষ্ণ ভক্তৰ কাৰণে যিটো
ভৈলাপূৰ্ণ বেকত গোবিন্দ
হেনয় পৰমান্দ কৃষ্ণক ভজোহো সদা
হৃদয়ত পদ অৰবিন্দ।।(ভক্তি মঙ্গল ঘোষা -১)
কৃষ্ণই যে একমাত্ৰ শ্ৰেষ্ঠ দেৱতা ঈশ্বৰৰ ভক্তি বাহিৰে যে আন বস্তু গ্ৰহণ নকৰে।ভকতেও ভক্তিৰ ফল বাঞ্ছা কৰিলে ভক্তি দি উদ্ধাৰ কৰে । সেই কথা অনিৰুদ্ধদেৱে দৃঢ়ভাৱে প্ৰকাশ কৰিছে।
প্ৰেমৰ মুৰ্তি নন্দ নন্দন নাহিকে যাহাৰ সাধ্য সাধন
ভকতি সি গ্ৰাহ্য হোন্ত আতি কৃপাময়।
ভকতিৰ ফল ভক্তি দিয়া সমস্ত লোককে উদ্ধাৰিয়া
হেন ঈশ্বৰত নাহিকে কিছু সংশয়। (ভক্তি মঙ্গল ঘোষা -২৯)
শ্ৰীমন্ত শংকৰদেৱ -মাধৱদেৱৰ দ্বাৰা প্ৰচাৰিত ধৰ্মমত মাধৱদেৱৰ আজ্ঞাবাহী ভৱানীপুৰীয়া গোপাল আঁতাৰ মুখেদি তিলমানো লৰচৰ নোহোৱাকৈ প্ৰচাৰ হোৱাৰ কথা অনিৰুদ্ধদেৱে মুক্তকণ্ঠে ব্যক্ত কৰিছে । কিন্তু এই পৱিত্ৰ ধৰ্মীয় পৰম্পৰাক দূৰ্ভগীয়াসকলে নানা অপপ্ৰচাৰ চলাই বিকৃত ৰূপ দিয়াৰ বাবে সেই সকলক অনিৰুদ্ধদেৱে চকু থাকিও অন্ধৰ ভাও ধৰা লোক বুলি কবলৈ কূণ্ঠাবোধ কৰা নাই _
সেহি শাস্ত্ৰমত গোপালৰ মুখে, হৰি হৰি হৰি হৰি এ
অনুমাত্ৰ ভেদ নাহি শুদ্ধ ৰূপ দেখি।
লোকৰ অভাগ্য নিমিত্তে ইদানি,হৰি হৰি হৰি হৰি এ
তাকো নিন্দা কৰি খাইলে যেন দুই আসি
(ভক্তি মঙ্গল ঘোষা -৩৯)
মোক্ষৰ অধিকাৰী ঈশ্বৰ। একান্ত চিত্তে ভকতি কৰাজনেই সহজে মুক্তিৰ অধিকাৰী হ’ব পাৰে। ভক্তিসুখ আৰু স্বৰ্গসুখৰ পাৰ্থক্য দেখুৱাই অনিৰুদ্ধদেৱে কৈছে যে-
“মোক্ষৰ ঈশ্বৰ হৰি তাহান্তে একান্ত চিত্তে
যিটোজনে ভকতি কৰয়।
অমৃত সাগৰে ক্ৰীড়ে খাইৰ জলক সম
স্বৰ্গাদিক কহিত গাণয়।।
(ভক্তি মঙ্গল ঘোষা -১১৮)
অনিৰুদ্ধদেৱৰ একশৰণ আৰু একেশ্বৰবাদৰ বৈশিষ্ট্য তেওঁ সাহিত্য কৰ্মত মুকলিকৈ প্ৰকাশ হৈছে। তেওঁ কৈছে সেইজনেই বাপেকৰ উপযুক্ত পুত্ৰ যিজনে হৰিচৰণত শৰণ গ্ৰহণ কৰি হৰিৰ গুণ নামত সদায়ে ৰত কৰে।সেইজনেই সংসাৰৰ সকলো দায়ৰ পৰা মুক্ত হয় আৰু তেনে জন লোকৰ জাত কুল ধন্য হয়।
সেহিহে বাপৰ বেটা এৰাইলে সৱাৰে ছটা
হৰি পাৱে শৰণ পশিয়া।
হৰি গুণ নাম মাত্ৰ সদায় কৰয় পান
ধন্য তাৰ জাতি কুল ক্ৰিয়া।(ভক্তি মঙ্গল ঘোষা -১২০)
কৃষ্ণৰ যে একমাত্ৰ শৰণ্য দেৱতা , তেওঁয়ে কেৱল কৃপা কৰি মায়াৰ বান্ধোন ছেদ কৰিব পাৰে সেই কথা অনিৰুদ্ধদেৱে দৃঢ়ভাৱে প্ৰকাশ কৰিছে-
যাত হন্তে ভকত জন্ম হয় পালন কৰন্ত অতিশয়
হৰি ভক্তি ৰস অমৃত পান কৰায় ।
ভক্তি বিনে আন কৃশতাক সংহৰন্ত নিজ ভকতক
তান্ত বিনে আন শৰণ্য দেৱতা নাই।।
– (ভক্তি মঙ্গল ঘোষা -১৯৩)
ভক্তিমঙ্গল ঘোষাত অনিৰুদ্ধদেৱে সৎসঙ্গ অথাৎ ভকতৰ সংগৰ মহিমা বিভিন্ন ঠাইত উল্লেখ কৰিছে আৰু ভকতৰ সংগত থাকি হৰিভক্তি কৰিবলৈ উপদেশ দিছে। কলি কালত ভকতৰ সংগ অবিহনে আন গতি নাই । ভকতৰ সংগত থাকিলে শ্ৰৱণ কীৰ্তন পাব পাৰি। অনিৰুদ্ধদেৱেও নিজে ভকতৰ সংগ লাভৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে ভগৱানৰ পাদপদ্মত ৰতি কৰি “ৰামকৃষ্ণ” নাম সৰ্বক্ষণ মুখত থাকিবৰ কাৰণে আৰু হৰি ভক্তৰ সংগত ৰাখিবলৈ অনুগ্ৰহ প্ৰাৰ্থনা কৰিছে। তেওঁ ভক্তিমঙ্গল ঘোষাত পৰম পুৰুষক বন্দনা কৰি কৃষ্ণ, বিষ্ণু, নাৰায়ণ,হৰি আদি বিভিন্ন নামেৰে অসীম অনন্ত শক্তিৰ অধিকাৰী একমাত্ৰ উপাস্যদেৱ কৃষ্ণৰ চৰণ ভিক্ষা মাগি দাস ৰূপে গ্ৰহণ কৰিবলৈ কাতৰ মিনতি জনাইছে। ঘোষণা পুথিখনত বিভিন্ন ঠাইত এই ভাৱ প্ৰকাশ পাইছে।
“ভক্তি মঙ্গল ঘোষা” ভাগত দেখা যায় যে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ দৰে দৰ্শন শাস্ত্ৰ তত্ত্ব, অদ্বৈতবাদ,মায়া , মোক্ষ, জন্মান্তৰবাদ আদি দৰ্শন শাস্ত্ৰ তত্ত্বসমূহ , ভক্তিমাৰ্গ, দাস্য ভকতি , ভক্তিৰ মাহাত্ম্য ৰসযুক্ত, সৎ সংগ মাহাত্ম্য আদি সুন্দৰ ভাবে তেওঁ সাহিত্যকৃতিৰ মাজেৰে কাব্যিক অনুভুতিৰ প্ৰতিভাৱে উজ্জ্বলি উঠিছে।
“ভক্তি মঙ্গল ঘোষা” মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মৌলিক সৃষ্টি ভাষা আৰু প্ৰকাশ ভংগী প্ৰাঞ্জল। বিবিধ উপমা,ৰূপক, চিত্ৰকল্প আদিৰ প্ৰয়োগত স্বত:স্ফূৰ্তভাৱে কাব্যিক প্ৰতিভাই প্ৰকাশ লাভ কৰিছে। ছবি , দুলড়ী, লেছাড়ি আৰু পদ এই চাৰিটা ছন্দত সুন্দৰভাৱে সজাই পৰাই তুলিছে।
মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱে তেৰাৰ শাস্ত্ৰভাগৰ শেষত নিজৰ জ্ঞাতে অজ্ঞাতে ৰৈ যোৱা ত্ৰুটি বিচ্যুতিৰ বাবে জ্ঞানী সমাজৰ লোকক সন্মান কৰি কৈছে যে এটা অপবিত্ৰ পাত্ৰত থাকিলেও অমৰত্ন দান কৰিব পৰা অমৃত জানো কোনোবাই চিনি পাই ত্যাগ কৰিব পাৰে । মোৰ লিখা মেলাত অগা-পিচা ,বঢ়া-টুটা নানা ত্ৰুটি-বিচ্যুতিৰ হ’লেও এই শাস্ত্ৰত উল্লেখ কৰা হৰিৰ গুণ নামক যে কোনেও অপবিত্ৰ বুলি নাভাৱে আৰু অৱহেলা নকৰে।
“ই কথা থাকোক হৰি নাম গুণ গাই।
চাণ্ডালো পৱিত্ৰ হোৱে জানা সমুদায়।।
(ভক্তি মঙ্গল ঘোষা ৮০৫)
