মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ – সবিতা বেগম

PC - Assam.MyGov.in

Assam.MyGov.in , বৰপেটা

জন্ম: ১৪৪৯ খ্ৰীষ্টাব্দত নগাঁৱৰ আলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আৰু মাতৃৰ নাম সত্য সন্ধ্যা ।

শিক্ষা: শংকৰদেৱৰ সৰুতে মাক-দেউতাক মৃত্যু হোৱাত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক যত্ন লৈ লালন-পালন কৰি তুলি-তালি ডাঙৰ-দীঘল কৰে। খেৰসুতীৰ যত্নতেই মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে পঢ়িবলৈ ললে।বাৰ বছৰ বয়সতে তেওঁ কবিতা লিখিছিল। স্বৰবৰ্ণৰ চিহ্ন (‘ া’ কাৰ ‘ি’ কাৰ) ব্য়ৱহাৰ নকৰাকৈ , কবিতাটি  “কৰতলৰ কমল কমল দল নয়ন”……। তেওঁ সংস্কৃত শাস্ত্ৰত গভীৰ জ্ঞান লাভ কৰিবলৈ সক্ষম হৈছিল।

কৰ্মজীৱন: শংকৰদেৱ আছিল একাধাৰে সাহিত্যক, নাট্যকাৰ সমাজ-সংগঠক আৰু ধৰ্ম-প্ৰচাৰক। তেওঁ উজনিত বেলগুৰি সত্ৰ, নামনিত বৰপেটা সত্ৰ আৰু কোচবিহাৰতো সত্ৰ পাতিছিল। সংস্কৃত নাটৰ আৰ্হিত অসমীয়া অনুষ্ঠানবোৰৰ উপাদানেৰে অঙ্কীয়া নাট ৰচনা কৰিছিল। কীৰ্ত্তন-ঘোষা, বৰগীত, দৰ্শন, ভাগৱত আদি তেওঁ ৰচনা কৰিছিল। শংকৰদেৱ আছিল মানৱতাবাদী।

শংকৰদেৱৰ ৰচনা সমূহ: শংকৰদেৱৰ সাহিত্যক জীৱনৰ কীৰ্তিস্তম্ভ আছিল ❛কীৰ্ত্তন-ঘোষা❜ তাৰো উপৰি ভাগৱতৰ কেইবাটাও স্কন্ধ, ‘উত্তৰাখণ্ড ৰামায়ণ’ তেওঁৰ অসমীয়ালৈ অনুবাদ কৰে।’ ৰুক্মিণীহৰণ’, ‘হৰিচন্দ্ৰ উপাখ্যান’ আদি কাব্য ৰচনা কৰাৰ লগতে বৰগীতো ৰচনা কৰিছিল। ‘ৰুক্মিণীহৰণ’, ‘পাৰিজাতহৰণ’, ‘কেলিগোপাল’, ‘কালিয়দমন’, ‘ৰামবিজয়’ আদি অঙ্কীয়া নাট ৰচনা কৰিছিল। ‘ভক্তিৰত্নাকৰ’ শংকৰদেৱৰ এখন শ্ৰেষ্ঠ তত্ত্বমূলক গ্ৰন্থ। সংলাপবিহীন নাট ‘চিহ্নযাত্ৰা’ উৎকৃষ্ট ৰচনা ।

মৃত্যু: শংকৰদেৱ মাত্ৰ ছ’কুৰি বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে। ১৫৬৮ চনত কোচবিহাৰৰ ভোলা-ডোঙা সত্ৰত তেখেতৰ মৃত্যু হয়।