মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰু গ্ৰাম্য পুথিভঁড়াল সমিতিৰ উদ্যোগত বটদ্ৰৱা বৰহিছা ৰঙালী বিহু উদযাপন

মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰু গ্ৰাম্য পুথিভঁড়াল সমিতিৰ উদ্যোগত বটদ্ৰৱা বৰহিছা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পাঁচদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহুৰ সামৰণি

আদিলুৰ ৰহমান,টুকটুকী ,ৰঙিলী বাৰ্ত্তাসেৱা-  নগাঁও জিলাৰ বটদ্ৰৱা মহাপুৰুষ শ্ৰীমন্ত শংকৰগুৰু গ্ৰাম্য পুথিভঁড়াল সমিতিৰ উদ্যোগত বটদ্ৰৱা বৰহিছা ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত পাঁচদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ৰঙালী বিহুৰ আজি সামৰণি পৰে। যোৱা চাৰি দিনে অনুষ্ঠিত বিভিন্ন থলুৱা খেল ধেমালিৰ অন্তত যোৱা নিশা স্থানীয় শিল্পীয়ে পৰিবেশন কৰে গীত মাত নৃত্যৰ মনোমোহা অনুষ্ঠান। আজিওঁ পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচীৰ পাছত সন্ধ্যা ৬ বজাত অনুষ্ঠিত হয় “অসমীয়া সংস্কৃতি” শীৰ্ষক কুইজ প্ৰতিযোগিতা। ডিজিটেল কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে দিব্যজ্যোতি বৰুৱা আৰু আচিম আহমেদ হাজৰিকাই। নিশা ৯ বজাৰ পৰা লোকনৃত্যৰ অনুষ্ঠানৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দেৱজিৎ বৰাৰ গীতৰ অনুষ্ঠানে উপস্থিত দৰ্শককক মোহাচ্ছন্ন কৰে।