মহাপুৰুষ শংকৰদেৱলৈ শতকৌটি প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসমীয়াত টুইট
ৰঙিলী বাৰ্ত্তাসেৱা- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত অসমৰ নামঘৰ,সত্ৰ সকলোতে মুখৰিত হৈছে নাম-প্ৰসংগৰ ধ্বনি।তিৰোভাৱ তিথিত মহাপুৰুষজনালৈ শতকৌটি প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও অসমীয়াত টুইট কৰিলে।অসমীয়াত টুইট কৰি গুৰুজনাক সশ্ৰদ্ধ প্ৰণাম জনালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অসমীয়াতে টুইট কৰি অৰবিন্দ কেৰজিৱালে লিখিছে,”‘হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।’উল্লেখযোগ্য যে,এইদৰে অসমীয়াত টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে সশ্ৰদ্ধ প্ৰণিপাত।
