মহান বীৰ
অনামিকা (সংগীতা)কলিতা, শুৱালকুছি
অসমী আইৰ বুকুৰ মাণিক
বুৰঞ্জীত অংকিত এটি
নাম লাচিত বৰফুকন।
দেশ মাতৃৰ সেৱা কৰা
অক্লান্ত সৈনিক বীৰ ,
আছিলা জন জীৱনৰ
তুমি জাগ্ৰত প্ৰহৰী ।
দেশ মাতৃৰ ৰক্ষাৰ বাবেই
লৈছিলা পণ “মোৰ দেশতকৈ
মোমাই ডাঙৰ নহয় “।
তোমাৰ বজ্ৰকঠিন দেহ
মন শৰীৰত শতুৰুক
ৰুধিবলৈ আছিল অপৰিসীম শক্তি,
তোমাক শতবাৰ প্ৰণাম জনাওঁ।