মহান বিজ্ঞানী “লিঅʼনাৰ্ডʼ ডা ভিন্সি”
বন্দিতা শৰ্মা কন্দলি, দেৰগাঁও
লিঅʼনাৰ্ডʼ ভিন্সি ৰ সম্পূৰ্ণ নাম হৈছে লিঅʼনাডʼ দি চেৰ পিয়েৰʼ দা ভিন্সি। তেওঁক আমি এজন প্ৰখ্যাত চিত্ৰশিল্পী হিচাপে জানো। কিন্তু তেওঁ আছিল একেধাৰে বিজ্ঞানী, গণিতজ্ঞ, অভিযন্তা,উদ্ভাৱক,শৰীৰ বিজ্ঞানী, সংগীতজ্ঞ, স্থপতিবিদ, ভাস্কৰ্যবিদ,ভূবিজ্ঞানী, উদ্ভিদ বিশেষজ্ঞ আৰু লেখক। সেয়ে তেওঁক সৰ্বকালৰ শ্ৰেষ্ঠ চিত্ৰশিল্পী আৰু বহুমুখী দক্ষতাৰ ব্যক্তি হিচাপে গণ্য কৰা হয়। চিত্ৰকৰ্মৰ ভিতৰত “মনালিছা ” হৈছে সকলোতকৈ বিখ্যাত আৰু দা লাষ্ট চাপাৰ হৈছে সকলোতকৈ বেছি পুনঃ অঙ্কিত ধৰ্মীয় চিত্ৰ। চিত্ৰকৰ হিচাপে তেওঁ যিমান প্ৰখ্যাত আছিল বিজ্ঞান – প্ৰযুক্তিৰ উদ্ভাৱনৰ ক্ষেত্ৰতো অসাধাৰণ আছিল। তেওঁ হেলিকপ্টাৰৰ টেংক, সৌৰশক্তি,কেলকুলেটৰ, আৰু প্লেট টেক্ টনিকছৰ ধাৰণা আগবঢ়াইছিল। তেওঁৰ স্বয়ংক্ৰিয় ববিন ৱাইনণ্ডাৰ আৰু তাঁৰৰ শক্তি পৰীক্ষা কৰা সঁজুলিয়ে বাণিজ্যিক সফলতা লাভ কৰিছিল।
১৪৫২ চনৰ ১৫ এপ্ৰিলত ইটালীৰ ফ্লʼৰেঞ্চ প্ৰদেশৰ আনছিয়ানো নামৰ এখন সৰু নগৰত জন্ম গ্ৰহণ কৰা ভিন্সিৰ পিতৃ পিয়েৰ দা ভিন্সি আৰু মাতৃ আছিল কৃষক মহিলা কেটেৰিনা। সৰুৰে পৰা তেওঁৰ কীট-পতংগৰ প্ৰতি বিশেষ আকৰ্ষণ আছিল।১৫ বছৰ বয়সতে তেওঁ বিভিন্ন ধৰণৰ কীট পতংগ সংগ্ৰহ কৰিছিল আৰু সেই বোৰৰ বিষয়ে অধ্যয়ন কৰি ছবি আঁকি ৰাখিছিল। তেওঁ পুতলাৰ পৰা অস্ত্ৰ -শস্ত্ৰ সজালৈ স্থপতিবিদ্যাৰ সকলো জ্ঞান আয়ত্ত কৰিছিল। তেওঁ জ্যামিতি , উদ্ভিদ বিজ্ঞান আৰু যান্ত্ৰিক নিয়মবোৰ একে সময়তে অধ্যয়ন কৰিছিল। তেওঁৰ টোকাবহীখন সাত হাজাৰতকৈয়ো অধিক তথ্যৰে সমৃদ্ধ আছিল। তেওঁৰ টোকা সমূহ গোপন কৰি ৰাখি ভাল পাইছিল সেয়ে টোকাবহী খন পোনপটীয়াকৈ কোনেও পঢ়িব পৰা নাছিল, আইনাৰ সন্মুখত ধৰিলেহে পঢ়িব পৰা গৈছিল।
তেওঁৰ গণিতৰ প্ৰতি থকা ধাউতিৰ বাবেই দিনটো আন কাম কৰাৰ পাচতো গণিতৰ কিতাপ সংগ্ৰহ কৰি অধ্যয়ন কৰিছিল । গণিতৰ প্ৰিয় বিষয় সমূহ আছিল ক্ষেত্ৰ ফলন, সুষম বহুফলক,সুষম বহুভুজ,দ্বি-বক্ৰতাযুক্ত বক্ৰ আৰু কঠিন পিণ্ড ( গোলক) ৰ ভাৰকেন্দ্ৰ উলিওৱা আদি। অৰ্থাৎ ভিন্সি আছিল এজন প্ৰায়োগিক গণিতজ্ঞ। ভিন্সিৰ গাণিতিক প্ৰতিভাই সমসাময়িক চিত্ৰকলাৰ ওপৰত প্ৰভাৱ পেলোৱা দেখা যায়। গাণিতিক চিত্ৰ আৰু প্ৰতীকৰ ব্যৱহাৰে চিত্ৰৰ মানদণ্ড আৰু সৌন্দৰ্য বৃদ্ধি কৰে বুলি তেওঁলোকে বিশ্বাস কৰিছিল।আন আন মহৎ সৃষ্টিৰ তুলনাত চিত্ৰকলাই সাধাৰণ মানুহৰ মন সহজে আকৰ্ষণ কৰিব পাৰিছিল। সেয়ে তেওঁ চিত্ৰশিল্পী হিচাপে প্ৰখ্যাত আছিল। এইগৰাকী মহান বিজ্ঞানীৰ ১৫১৯ চনৰ ২ মে’ তাৰিখে ফ্ৰান্সত মৃত্যু বৰণ কৰে।