মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন – ৰিদম কন্দলী

মহান বিজ্ঞানী এলবাৰ্ট আইনষ্টাইন

ৰিদম কন্দলী, অষ্টম শ্ৰেণী
অমৰ শৰ্মা উচ্চ মাধ্যমিক বিদ্যালয়, দেৰগাঁও

এলবাৰ্ট আইনষ্টাইনৰ জন্ম হৈছিল ১৮৭৯ চনৰ ১৪ মাৰ্চত দক্ষিণ জাৰ্মানিৰ উলম্ চহৰত। তেওঁৰ পিতৃ আছিল হাৰমেন আইনষ্টাইন আৰু মাতৃ আছিল পাউলিন আইনষ্টাইন। এলবাৰ্টৰ মাক পাউলিনে সংগীত বৰ ভাল পাইছিল।মাকৰ পৰাই এলবাৰ্টৰ সংগীতৰ প্ৰতি ধাউতি জন্মিছিল আৰু সৰুৰেপৰাই বেহেলা বজাই ভাল পাইছিল। তেওঁৰ মাত বহু দেৰিকৈ ফুটিছিল আৰু ভাবুক প্ৰকৃতিৰ আছিল। গণিত আৰু বিজ্ঞান তেওঁৰ প্ৰিয় বিষয় আছিল।

তেওঁ জাৰ্মানীত শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল। পাছত তেওঁ চুইজাৰলেণ্ডৰ জুৰিকৰ বিখ্যাত পলিটেকনিক একাডেমিৰ পৰা ১৯০০ চনত পদাৰ্থ বিজ্ঞান আৰু গণিতবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিছিল। প্ৰথমতে তেওঁ কিছুদিন শিক্ষকতা কৰি পাছত চুইজাৰলেণ্ডৰ বাৰ্ণ চহৰৰ পেটেণ্ট অফিচত কেৰাণীৰ চাকৰি কৰিছিল। সেই সময়তে তেওঁ ৫ খন গৱেষণা পত্ৰ প্ৰকাশ কৰে। তাৰে এটা বিষয় “আলোক বৈদ্যুতিক প্ৰভাৱ ” ৰ বাবে ১৯২১ চনত নʼবেল বঁটা লাভ কৰিছিল।আন এটা বিষয় আছিল “আপেক্ষিকতাবাদ”। বিজ্ঞান জগতৰ নতুন নতুন আৱিষ্কাৰে আইনষ্টাইনক বিশ্ববিখ্যাত কৰি তুলিছিল। ১৯৫৫ চনৰ ১৮ এপ্ৰিল তাৰিখে তেওঁৰ মৃত্যু হৈছিল।

আইনষ্টাইন মহান বিজ্ঞানী আছিল যদিও সহজ সৰল জীৱন যাপন কৰিছিল। তেওঁ শিশু সকলক বৰ ভাল পাইছিল। শিশুক গণিত শিকাইছিল, শিশু হঁতৰ গানৰ লগত বেহেলা বজাইছিল। এবাৰ এজনী ছয় বছৰীয়া ছোৱালীয়ে আইনষ্টাইনলৈ এখন চিঠিত লিখিছিলঃ “মৰমৰ আইনষ্টাইন , মই তোমাৰ ছবিখন বাতৰি কাকতত দেখিলোঁ। তোমাৰ জপৰা চুলিবোৰ কাটি পেলাবা। তেতিয়া তোমাক দেখাত ভাল লাগিব।