মহানায়ক বিজু ফুকন
আজি ১৮ ফ্ৰেব্ৰুৱাৰী।১৯৪৭ চনৰ আজিৰ দিনটোতেই ডিব্ৰুগড় জিলাত বিজু ফুকনে জন্মগ্ৰহণ কৰিছিল।আজি তেখেতৰ শুভ জন্ম দিন।তেখেতৰ প্ৰকৃত নাম বিজয় ফুকন আছিল যদিও ঘৰুৱা বিজু নামেৰেই অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰখনতো পৰিচিত হৈ পৰিল।চলচ্চিত্ৰ উদ্যোগৰ মহানায়ক বিজু ফুকনে অসমীয়া চলচ্চিত্ৰৰ লগতে বঙালী চলচ্চিত্ৰ আৰু ভ্ৰাম্যমান উদ্যোগটোৰ বাবে বহুখিনি কাম কৰি গৈছে আৰু বহুখিনি কাম কৰিবলৈ আছিল যদিও সময়ে তেঁওক সেই সুবিধাৰ পৰা বঞ্চিত কৰিলে।আজি তেখেতৰ জন্মদিনত চলচ্চিত্ৰ উদ্যোগটোলৈ আগবঢ়াই থৈ যোৱা উপহাৰ সমূহৰ বিষয়ে আলোকপাত কৰোঁ আহকচোন।যাতে নতুন প্ৰজন্মই এই মহানায়ক গৰাকীক সদায় মনত ৰাখে।তেখেতে প্ৰথম অভিনয়ৰ খোজ পেলোৱা চিনেমা খনৰ নাম আছিল ব্ৰজেন বৰুৱাৰ “ডাঃ বেজবৰুৱা,১৯৭০” যিখন চিনেমা জুবিন গাৰ্গে “ডাঃ বেজবৰুৱা-২” নামেৰে প্ৰয়াত নিপন গোস্বামীৰ পৰিচালনাৰে ২০২৩ বৰ্ষৰ ফ্ৰেব্ৰুৱাৰী মাহত নতুন ৰূপত পুনৰ দৰ্শকৰ মাজলৈ উলিয়াই দিছে।ব্যৱসায়িক ভাৱেও চিনেমা খন যথেষ্ট সফল বুলি কব পাৰি।তাৰ পিচতেই ক্ৰমে নিপ বৰুৱাৰ “বৰুৱাৰ সংসাৰ, ১৯৭০”, সমৰেন্দ্ৰ নাৰায়ন দেৱৰ “অৰণ্য, ১৯৭১”,ব্ৰজেন বৰুৱাৰ “ললিতা,১৯৭২”,”ওপজা সোণৰ মাটি, ১৯৭২”, অতুল বৰদলৈৰ “বনৰীয়া ফুল, ১৯৭৩”,”অনুতাপ, ১৯৭৩”, প্ৰফুল্ল বৰুৱাৰ “ৰশ্মি-ৰেখা, ১৯৭৩”, নলীন দুৱৰাৰ “মমতা,১৯৭৩”, এ কে ফিল্মছ ইউনিটৰ “গণেশ, ১৯৭৩”, দেউতী বৰুৱাৰ “বৃষ্টি, ১৯৭৪”,নিপ বৰুৱাৰ “আজলী নবৌ, ১৯৭৪”, ভবেন দাসৰ “ধৰ্মকাই, ১৯৭৭”, প্ৰৱীৰ মিত্ৰৰ “নতুন আশা,১৯৭৭”, উপেন কাকতীৰ “বিশেষ এৰাতি, ১৯৭৯”, হেমন্ত দত্তৰ “মেঘমুক্তি ১৯৭৯, বন্ধু, উপপথ, ১৯৮০”,”ইতিহাস ,১৯৮০”, প্ৰফুল্ল বৰুৱাৰ “ৰজনীগন্ধা,১৯৮১”, শিৱপ্ৰসাদ ঠাকুৰৰ “বোৱাৰী,১৯৮২”, সমৰেন্দ্ৰ নাৰায়ন দেৱৰ “ৰাজা ,১৯৮২”
জাহ্নু বৰুৱাৰ “অপৰূপা,১৯৮২”, শিৱপ্ৰসাদ ঠাকুৰৰ “ঘৰ-সংসাৰ, ১৯৮৩”, শম্ভু গুপ্তা আৰু দাৰা আহমেদৰ “দেৱী,১৯৮৪”, ভবেন্দ্ৰনাথ শইকীয়াৰ “অগ্নিস্নান, ১৯৮৫”, জন্ছ মহলীয়াৰ “বহাগৰ দুপৰীয়া, ১৯৮৫”, শিৱপ্ৰসাদ ঠাকুৰৰ “মন-মন্দিৰ, ১৯৮৫”, নিপ বৰুৱাৰ “এণ্টনী মোৰ নাম, ১৯৮৬”, ভবেন দাসৰ “মা,১৯৮৬”, জাহ্নু বৰুৱাৰ “পাপৰি,১৯৮৬”, শিৱপ্ৰসাদ ঠাকুৰৰ “এই দেশ মোৰ দেশ, ১৯৮৬”, চন্দ্ৰ তালুকদাৰৰ “জেতুকী, ১৯৮৭” ,মুনিন বৰুৱাৰ “পিতা-পুত্ৰ, ১৯৮৮”,”পাহাৰী কন্যা, ১৯৯০”, মৃদুল গুপ্তাৰ “অভিমান,১৯৯০”, দঢ়ৰা আহমেদৰ “যখিনী, ১৯৯১”, ব্ৰজেন বৰাৰ “ৰঙানদী,১৯৯১”, শিৱপ্ৰসাদ ঠাকুৰৰ “অশান্ত প্ৰহৰ, ১৯৯৪”, প্ৰদীপ গগৈৰ “আই কিল্ড হিম ছাৰ, ১৯৯৫” , বাহাৰুল ইছলামৰ “আছেনে কোনোবা হিয়াত, ২০০০”, তৌফিক ৰহমানৰ “এই মৰম তোমাৰ বাবে, ২০০১”, অলক নাথৰ “ইমান মৰম কিয় লাগে, ২০০২”, যদুমণি দত্তৰ “অগ্নিসাক্ষী,২০০৩”, শংকৰ বৰুৱাৰ “হেঁপাহ,২০০৩”, মুনিন বৰুৱাৰ “বাৰুদ,২০০৪”,”ৰং, ২০০৪”, ৰমেশ মোডীৰ “দেউতা দিয়া বিদায় ,২০০৬”, দেৱজিত মজুমদাৰৰ “স্নেহবন্ধন, ২০০৬”, মুন্না আহমেদৰ “অচিন চিনাকি, ২০১০”, গৌতম বৰুৱাৰ “ৰ’দ্,২০১২”, শংকৰ বৰুৱাৰ “খাণ্ডব দাহ,২০১৫”, কংকণ ৰাজখোৱাৰ “দূৰ, ২০১৬”, ৰাজেশ য্যশপালৰ “দ্য আণ্ডাৰৱ’ৰ্ল্ড,২০১৮ ” ইত্যাদি।ইয়াৰোপৰি তেখেতে কেইবাখনো বঙালী চিনেমাত অভিনয় কৰি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল।সেই সমূহ হৈছে ক্ৰমে- হোটেল শ্বোফক্স,অপৰাজিত,দস্যু ৰত্নাকৰ আৰু গজমুক্তা। তদুপৰি তেখেতে অভিনয় কৰা ভ্ৰাম্যমান নাট সমূহ হৈছে-প্ৰফুল্ল বৰাৰ চিত্ৰনাট্য আৰু পৰিচালনাৰে “সময়”,”নেতা”,”কেপ্টেইন গগৈ”,”ফল্গু”,”হিয়া ধুৱাই নিলে” ইত্যাদি।ইমানবোৰ ছবিত অভিনয় কৰি অসমীয়া তথা বঙালী ছবিৰ লগতে ভ্ৰাম্যমান উদ্যোগটোক অধিক শক্তিশালী কৰি তোলা এই গৰাকী মহান অভিনয় শিল্পীক আজিৰ প্ৰজন্মই মনত ৰাখিব লাগিব।এই শিল্পী সকলৰ বাবেই আজিৰ আমাৰ সাংস্কৃতিক ক্ষেত্ৰখন জীয়াই আছে।মহানায়ক গৰাকী সকলোৰে মাজত অমৰ হৈ থাকক।তাৰেই কামনাৰে…।
সত্যজিৎ গগৈ
নাহৰকটীয়া