মহানায়ক ৰাহুল দ্ৰাবিড়ৰ মহানুভৱতা আৰু এজন অসমীয়া – মুনিন্দ্ৰ বৈশ্য

মহানায়ক ৰাহুল দ্ৰাবিড়ৰ মহানুভৱতা আৰু এজন অসমীয়া

মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি

বিশ্ব ক্ৰিকেটৰ মহানায়কসকলৰ ভিতৰত ধ্ৰুপদী বেটাৰ ৰাহুল দ্ৰাবিড় অন্যতম। ৰাহুল দ্ৰাবিড় কেৱল এটা নাম নহয়, বিশ্ব ক্ৰিকেট ইতিহাসৰ এটা সোণালী অধ্যায়। ক্ৰিকেট ইতিহাসত যিদৰে দ্ৰাবিড়ৰ বেটিং শৈলী যুগ যুগান্তৰলৈ চৰ্চিত হৈ থাকিব, সেইদৰে দ্ৰাবিড়ৰ শান্ত-সৌম্য আকর্ষণীয় ব্যক্তিত্বও চিৰকাল বন্দিত হৈ থাকিব। অকল ক্ৰিকেটতেই কিয়, বিশ্ব ক্ৰীড়াৰ বিশাল প্ৰাংগণত দ্ৰাবিড়ৰ দৰে নিৰহংকাৰি, অমায়িক, ভদ্ৰ আৰু শান্ত-সৌম্য প্ৰকৃতিৰ ক্ৰীড়াবিদ বিৰল।

দ্ৰাবিড়ে বিশ্ব ক্ৰিকেটক কি দিয়া নাই? ক্ৰিকেট কেৱল বেট-বলৰ খেল নহয়, ক্ৰিকেটৰ ব্যাকৰণ আয়ত্ব কৰিব পাৰিলেই ক্ৰিকেটাৰ হ’ব নোৱাৰি যদিহে নাথাকে অপৰিমেয় ধৈৰ্য আৰু সহ্য। ঘণ্টাৰ পিছত ঘন্টা ধৰি বাইছ গজৰ পিটছত এঠাৰ দৰে লাগি থাকিবলৈ জানো দ্ৰাবিড়েই শিকাই থৈ যোৱা নাই? ক্ৰিকেটে দ্ৰাবিড়ক যিমান দিছে, ক্ৰিকেটক দ্ৰাবিড়ে তাতকৈ অধিক দিছে। বিশ্ব ক্ৰিকেট দ্ৰাবিড়ৰ ওচৰত ঋণী। সেইবাবেই বিশ্বকাপৰ ৰাজমুকুট পিন্ধাৰ পিছত অধিনায়ক ৰোহিত শৰ্মাই অকপটে স্বীকাৰ কৰি কৈছিল― “এই মুকুট আমাতকৈও অধিক গুৰুত্বপূৰ্ণ আছিল প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে। দ্ৰাবিড়ৰ হাতত বিশ্বকাপ তুলি দিবলৈ আমি প্ৰাণপনে চেষ্টা কৰিছিলোঁ।” ৰাজমুকুট হাতত লৈ সমগ্ৰ খেলুৱৈ জীৱনত কোনোদিনে নকৰা আনন্দত-ফুৰ্তিত যিদৰে দ্ৰাবিড় ফাটি পাৰিছিল, সি যেন এই কথাকেই প্ৰতিপন্ন কৰে।

ক্ৰিকেট ফিল্ডত দ্ৰাবিড়ৰ যিদৰে এখন অপ্ৰতিৰোধ্য ‘ৱাল’ আছিল, সেইদৰে ড্ৰেছিং ৰুমত আছিল এখন বিশাল আকাশস্বৰূপ। যিখন আকাশৰ তলত সকলো নিৰাপদ। সেইজন জানো দ্ৰাবিড়েই নাছিল যিয়ে বিশ্ববিদ্যালয়ে প্ৰদান কৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰত্যাখ্যান কৰি বিনম্ৰতাৰে কৈছিল― “মোৰ মা আৰু পত্নীক ডক্টৰেট ডিগ্ৰী ল’বলৈ অহোৰাত্রী কষ্ট কৰা দেখিছিলোঁ, কিন্তু মইতো তেনে একো কৰা নাই?” — চোলা–/ তেনে এগৰাকী বিৰল ব্যক্তিত্বসম্পন্ন ক্ৰিকেটাৰক এবাৰ কাষৰ পৰা লগ পাবলৈনো কাৰ মন নাযায়! দ্ৰাবিড়ৰ সান্নিধ্য লাভ কৰাৰ তেনে এটা তৃষ্ণাতুৰ মন লৈয়ে এদিন অসমৰ পৰা বাংগালোৰলৈ যাত্ৰা কৰিছিল প্ৰসিদ্ধ অসমীয়া বিজ্ঞানী ডঃ পদ্মাপাণি। সংগ দিছিল বাংগালোৰস্থিত সুলেখক প্ৰীতি এচ অৰ্জুনাগী আৰু তেওঁৰ স্বামীয়ে। দ্ৰাবিড়ৰ ঘৰ বাংগালোৰত। প্ৰীতিও বাংগালোৰৰ স্থানীয় বাসিন্দা যদিও তেওঁলোকে দ্ৰাবিড়ৰ ঘৰ চিনি নাপায়। তাতে মনত ভয়― এজন বিশ্ব বিখ্যাত খেলুৱৈয়ে জানো অচিনাকি লোকক দেখা কৰিব? ৰক্ষীয়েও জানো ইমান সহজতে অনুমতি দিব? তথাপিও ডঃ পদ্মপাণিৰ দুচকুত দ্ৰাবিড়ক এবাৰ লগ পোৱাৰ অদম্য হাবিয়াস দেখি ওলাই গ’ল দ্ৰাবিড়ৰ ঠিকনা বিচাৰি।

২০০৩ চন; সেই সময়ত আজিৰ দৰে মোবাইল-ইণ্টাৰনেট সহজলভ্য নাছিল যে তাৰ সহায়ত দ্ৰাবিড়ৰ ঠিকনা সহজতে উলিয়াব পাৰিব। গতিকে কেৱল মানুহক সুধি সুধি তেওঁলোক আগবাঢ়িছিল। কোনোৱে দ্ৰাবিড়ৰ ঘৰৰ ঠিকনা চিনি নাপায়, কোনোৱে ভুল ঠিকনা দিয়ে, কোনোৱে ভেকাহি মৰি উঠে। এইদৰে ঘূৰি ঘূৰি লাভ কৰা অভিজ্ঞতাই লেখক দম্পতিক অতিষ্ঠ কৰি তুলিছিল। কিন্তু ডঃ পদ্মপাণিয়ে নেৰা নেপেৰাকৈ লাগি থাকিল। বিচাৰিয়ে আছে, বিচাৰিয়ে আছে। অৱশেষত এজন দোকানীয়ে দিলে দ্ৰাবিড়ৰ ঘৰৰ ঠিকনা। ডঃ পদ্মপাণিৰ মুখত যেন পূৰ্ণিমাৰ চন্দ্ৰমাইহে স্থান ল’লেহি। দোকানীজনে ক’লে যে দ্ৰাবিড়ক লগ পোৱাটো জটিল হ’ব। কিয়নো তেওঁৰ মাক অত্যন্ত কঠোৰ। সহজতে কাকো লগ কৰিব নিদিয়ে। ডঃ পদ্মপাণিৰ সেইবোৰলৈ গুৰুত্ব নাই। “ঘৰৰ কাষ পাইছোঁহি যেতিয়া কিবা এটা হেস্ত-নেস্ত কৰিহে যাম।”― এই মনোভাব।

তিনিও গৈ দ্ৰাবিড়ৰ ঘৰৰ সমুখত উপস্থিত হ’ল। দেখি আচৰিত যে গেটত নাই কোনো ৰখীয়া। কলিং বে’ল বজালে। এগৰাকী মহিলা ওলাই আহিল। স্থানীয় ভাষাত প্ৰীতিয়ে সুধিলে― “এইটো মি: ৰাহুল দ্ৰাবিড়ৰ ঘৰ হয়নে?” “হয়, কিন্তু তেওঁ বৰ্তমান ঘৰত নাই।”― মহিলাগৰাকীয়ে উত্তৰ দিলে। “আমি বাৰু কাইলৈ আহিলে তেওঁক লগ পামনে?”― প্ৰীতিয়ে বৰ আগ্ৰহেৰে সুধিলে। তেওঁ উত্তৰ দিলে― “কাইলৈ খুব পুৱাই দ্ৰাবিড় দক্ষিণ আফ্ৰিকালৈ বুলি উৰা মাৰিব। ইতিমধ্যে বিশ্বকাপৰ দলটোৰ অন্য সকলো সদস্য গ’লগৈ। কিন্তু অত্যন্ত এৰাব নোৱৰা অসুবিধাৰ বাবে তেওঁ যাব নোৱাৰিলে।” কথাষাৰ শুনি তেওঁলোক হতাশ হ’ল, বিশেষকৈ ডঃ পদ্মপাণি। অৱশেষত তেওঁলোকে দ্ৰাবিড় উভতি নহালৈকে গেটৰ বাহিৰতে অপেক্ষা কৰি থকাৰ সিদ্ধান্ত ল’লে।

তেতিয়া সন্ধ্যা ৭ বাজিছে। তদুপৰি দ্ৰাবিড়ৰ ঠিকনা বিচাৰি বিচাৰি তেওঁলোক ভাগৰিও পৰিছে। সেয়ে তেওঁলোকে নিকটৱৰ্তী হোটেল এখনত চাহ-তাহ খাই আকৌ এঘণ্টা পিছত উভতি অহাৰ সিদ্ধান্ত ল’লে। সেই মতে এঘণ্টা পিছত আহিল, কিন্তু তেতিয়ালৈ দ্ৰাবিড় আহি পোৱাই নাই। সময়বোৰ গৈ থাকিল, নিশা গভীৰ হৈ আহিল; কিন্তু দ্ৰাবিড়ৰ নাহেহে নাহে। এনেদৰে অপেক্ষা কৰাৰ অন্তত দেখিলে এখন গাড়ী দ্ৰাবিড়ৰ ঘৰ অভিমুখে আহি আছে। গাড়ীখন যিমানেই আগুৱাই আহি আছে, সিমানেই তেওঁলোকৰ হৃদস্পন্দন বাঢ়ি আহিছে। চাওঁতে চাওঁতে গাড়ীখন আহি গেটৰ কাষত ৰ’ল। হয় হয়, সেইজন দ্ৰাবিড়েই হয়। চালকৰ আসনত স্বয়ং ৰাহুল দ্ৰাবিড়; অকলশৰে। গেটখন খোল খালে, দ্ৰাবিড়ৰ গাড়ী সোমাই গ’ল। পিছে পিছে ডঃ পদ্মপাণি আৰু অৰ্জুনাগী দম্পতি। সময় তেতিয়া নিশা ১১’৩০।

মহিলাগৰাকীয়ে তেওঁলোকক দেখি সুধিলে― “আপোনালোকে এই নিশালৈকে অপেক্ষা কৰিয়েই আছেনে?” তেওঁলোকৰ কথা-বতৰা শুনি ঘৰৰ ভিতৰৰ পৰা এজন আদহীয়া ব্যক্তি ওলাই আহিল। আটায়ে তেওঁক নমস্কাৰ জনালে। তেওঁ দ্ৰাবিড়ৰ দেউতাক। অত্যন্ত ভদ্ৰ আৰু অমায়িক ব্যক্তি। মুখত হাঁহি এটা ওলমিয়ে থাকে। প্ৰীতিয়ে ডঃ পদ্মপাণিক চিনাকি কৰি দি ক’লে― “এখেত ডঃ পদ্মপাণি। অসমৰ এগৰাকী ডাঙৰ অফিচাৰ আৰু প্ৰখ্যাত বিজ্ঞানী। আগন্তুক বিশ্বকাপৰ বাবে দ্ৰাবিড়ক শুভেচ্ছা জনোৱাৰ উদ্দেশ্য অসমৰ পৰা আহিছে।”

তেওঁ বৰ আন্তৰিকতাৰে আটাইকে ভিতৰলৈ লৈ গ’ল। বহিব দিলে, চাহ-পানীৰে আপ্যায়ন কৰিলে। ডঃ পদ্মপাণিয়ে দ্ৰাবিড়লৈ বুলি এখন চিঠি লৈ গৈছিল। চিঠিখন দেউতাকৰ হাতত তুলি দিলে; তেওঁ পঢ়ি চালে। তেওঁৰ চকু-মুখ অনন্ত প্রশান্তিৰে দিপ্তীমান হৈ উঠিল। তেওঁ ক’লে― It’s only with blessings of people like you my son is able to achieve such a success in life.”

দেউতাকে দ্ৰাবিড়ক মাতিলে। দ্ৰাবিড় ওলাই আহিল। প্ৰীতিয়ে ডঃ পদ্মপাণিক চিনাকি কৰাই দি ক’লে― “এখেত অসমৰ এজন ডাঙৰ চৰকাৰী অফিচাৰ আৰু ফৰেণ্সিক বিজ্ঞানী। সমাগত বিশ্বকাপৰ বাবে আপোনাক শুভেচ্ছা জনোৱাৰ হেঁপাহতে তেওঁ অসমৰ পৰা আহিছে। কিন্তু আপুনি ঘৰত নথকা বাবে গেটৰ বাহিৰত কেইবাঘণ্টা ধৰি থিয় দি আছিল।”

দ্ৰাবিড়ে স্বভাৱসুলভ সৰলতাৰে নমস্কাৰ জনালে। ডঃ পদ্মপাণিয়ে ক’লে― “মই অসমৰ পৰা আহিছোঁ। সমূহ অসমবাসীৰ হৈ মই আপোনাক শুভেচ্ছা জ্ঞাপন কৰিছোঁ যাতে আপোনালোকে দক্ষিণ আফ্ৰিকাৰ ভূমিত বিশ্ব বিজয় কৰি এশ কৌটি ভাৰতীয়ক গৰ্বিত কৰিব পাৰে।” এইবুলি কৈ তেওঁ দ্ৰাবিড়ৰ ডিঙিত ফুলাম গামোচা এখন পিন্ধাই দিলে।

মন পৰশা হাঁহি এটা মাৰি দ্ৰাবিড়ে ক’লে― “এইদৰে আপুনি গেটৰ সন্মুখত থিয় হৈ থকা বুলি জানি মই বৰ দুঃখিত। আপোনাৰ এই শুভেচ্ছা মোৰ বাবে আশীৰ্বাদস্বৰূপ। আপোনাক ধন্যবাদ জনাই লঘু নকৰোঁ। অসমবাসীক মোৰ কৃতজ্ঞতা জনালোঁ। অসমবাসী তথা ভাৰতবাসীৰ আশা-আকাংক্ষা পূৰ কৰিবলৈ নিজক সম্পূৰ্ণ উজাৰি দিম।”

নিশা ১০’০০ বজাত তিনিজন অচিনাকি মানুহক দ্ৰাবিড়ে নিভাঁজ আন্তৰিকতাৰে সাক্ষাৎ দিলে। নিদিওঁ পাৰিলেহেঁতেন, কিয়নো পিছদিনা ঢল পুৱাতে তেওঁ উৰা মাৰিব লাগিব দক্ষিণ আফ্ৰিকা অভিমুখে। তাৰ বাবে হয়তো প্ৰস্তুতি এতিয়া বহু বাকী। কিন্তু মহান ব্যক্তি সদায়েই মহান। সুভাকাংশীৰ অকৃত্ৰিম মৰম আৰু শুভকামনাই তেওঁলোকৰ সফলতাৰ মূল আধাৰ।

মহানায়ক দ্ৰাবিড়ৰ সৈতে পোন্ধৰ মিনিটমান অন্তৰংগ আলাপ কৰি তিনিও ওলাই আহিল। লগত লৈ আহিল জীৱনত কশ্মিনকালেও পাহৰিব নোৱৰা এবুকু স্মৃতিৰ সঁফুৰা। অৰ্জুনাগী দম্পতি দ্ৰাবিড় আৰু দেউতাকৰ প্ৰশংসাত পঞ্চমুখ। ইফালে সমগ্ৰ অসমবাসীৰ হৈ দ্ৰাবিড়ক শুভেচ্ছা জনোৱাৰ সোণালী সুযোগ লাভ কৰি ডঃ পদ্মপাণিৰ এনে লাগিল তেওঁ যেন দ্ৰাবিড়ৰ ডিঙিত গামোচা আৰি দিয়া নাই, হাতত বিশ্বকাপৰ ট্রফিহে তুলি দি থৈ আহিল। দ্ৰাবিড় পৰিয়ালৰ আতিথ্য আৰু আচাৰ-ব্যৱহাৰত মুগ্ধ ডঃ পদ্মপাণিয়ে অৰ্জুনাগী দম্পতিক মাথোঁ ক’লে― “Now I know the source from where Rahul Dravid inherited his grace and dignity.”