মহানায়ক : জুবিন দা
নাচিমা য়াচমিন,
বিশ্বনাথ চাৰিআলি
হে মহানায়ক,
কিনো লিখিম আপোনাৰ বিষয়ে,
লিখিবলৈ বিচাৰিলে
সহস্ৰ পৃষ্ঠায়ো কম পৰে;
কিন্তু লিখিবলৈ আৰম্ভ কৰিলেই
শব্দবোৰে অশ্ৰু হৈ নিগৰে।
আজি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে
সকলোৱেই আহি একগোট হৈছে;
আপুনি চোন এদিন এইখন
অসম গঢ়াৰেই সপোন দেখিছিলে ।
কেনেকৈ মানি লও এই কঠোৰ সত্য
ভাষাহীন আজি অসমবাসী;
কিয় গুচি গ’ল আপুনি শূণ্যতা এৰি
এইখন ধৰাক পৰ কৰি,,?
এখন সাগৰে উটুৱাই নি
অসমত বিশাল সাগৰৰ সৃষ্টি কৰিলে;
আপুনি তো গুচি গ’ল গোপনে
কিন্তু গোটেই অসমবাসীৰ যেন
প্ৰাণবায়ু বিলাকো লগতেই নিলে।
আশা কৰিছোঁ,
নহয়, এইয়া আমাৰ দাবী বুলিয়েই কম —
আপুনি আকৌ উভতিবই লাগিব
আপোনাৰ সোণৰ অসমৰ বুকুত,
আপোনাৰ অসম , আপোনাৰ অনুৰাগী
সদায় অপেক্ষাৰত।