মহানগৰ জিলাত নতুনকৈ ক’ভিডত সংক্ৰমিত ৯১ জন

pc PAHO

মহানগৰ জিলাত নতুনকৈ ক’ভিডত সংক্ৰমিত ৯১ জন

অনলাইন বাৰ্ত্তাসেৱা – ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ। ৰাজ্যত নতুনকৈ ২৫৯জন লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্রান্তসকলৰ ভিতৰত সৰ্বাধিক কামৰূপ মহানগৰ জিলাৰ ৯১জন। মুঠ ৩১,৯০৬টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে। ৰাজ্যখনত নতুনকৈ প্ৰাণ হেৰুৱাইছে ১১জন লোকৰ। ইয়াৰ পৰিবৰ্তে ক’ভিডৰ পৰা সুস্থ হৈছে ৪৫৯জন লোক। বর্তমান চিকিৎসাধীন ৰোগীৰ সংখ্যা হৈছে ৪,৩৫৫জন। আনহাতে ৰাজ্যত অব্যাহত আছে ক’ভিড ভেকচিন প্রদান প্রক্রিয়া। ইতিমধ্যে ভেকচিন প্ৰদান কৰা লোকৰ সংখ্যাই ২ কোটিৰ ঘৰ অতিক্ৰম কৰিছে। আজিপর্যন্ত ৰাজ্যৰ মুঠ ২,০১,৪৮,৫৩৭জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। ইয়াৰে ১,৬৪,৪৮,৮১৪জনে প্ৰথম পালি আৰু ৩৬,৯৯,৭২৩জন লোকে দুয়োপালি ভেকচিন লাভ কৰিছে৷ উল্লেখ্য যে ভ্ৰাম্যমাণ ক’ভিড প্রতিষেধক প্ৰদানকাৰী বাহনৰ জৰিয়তে গাঁৱে গাঁৱে গৈ ১৮ বছৰৰ ঊৰ্ধ্বৰ ব্যক্তিক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে। ১৫খন ভ্রাম্যমাণ ক’ভিড ভেকচিন প্ৰদানকাৰী বাহনৰ ফ্লেগ অফ কৰিব স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই। ইতিমধ্যে বাক্সা, কোকৰাঝাৰ আৰু বজালীৰ বাবে ১৫খন ক’ভিড ভেকচিন প্রদানকাৰী বাহনৰ সেৱা মুকলি কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই।

(UD.)