মহানগৰী চচলত বিশ্ব পৰিৱেশ দিৱস উদযাপন

মহানগৰী চচলত বিশ্ব পৰিৱেশ দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- “আমাৰ ভৱিষ্যত আমাৰ ভূমি, পুনৰুদ্ধাৰৰ প্ৰজন্ম আমি ” – মূলমন্ত্ৰলৈ সমগ্ৰ বিশ্বতে আজি ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস উদযাপিত হৈছে ৷ ইয়াৰ অংশ হিচাপে বৃহত্তৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ উদ্যোগত স্বেচ্ছাসেৱী অনুষ্ঠান সুৰক্ষা আৰু টেপুৰাম টেৰণ হাইস্কুলৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শতাধিক লোকৰ উপস্থিতিত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় ৷ কাৰ্যসূচীৰ অংশ হিচাপে স্কুলৰ চৌহদত শতাধিক বিভিন্ন প্ৰজাতিৰ গছপুলি ৰোপন কৰাৰ লগতে পুলিসমূহ সংৰক্ষণৰ ব্যৱস্থা কৰি চৌদিশ নেট আৰু বাঁহেৰে ঘেৰ দিয়া হয় ৷ এই কাৰ্যসূচীত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, উদ্যোক্তা আৰু সহযোগী অনুষ্ঠানৰ উদ্যোক্তামণ্ডলীয়ে অংশগ্ৰহণ কৰে ৷ গছপুলি ৰোপন কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট পৰিবেশ বিজ্ঞানী ড° কৃষ্ণগোপাল ভট্টাচাৰ্যই ৷ গছপুলি ৰোপন কাৰ্যসূচীৰ পিচতে পৰিৱেশ সংৰক্ষণ আৰু সজাগতাৰ ওপৰত এক মননশীল আলোচনা চক্ৰ বৃহত্তৰ চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাধাৰণ সম্পাদক ডা° বুধিন শইকীয়াৰ সঞ্চলনাত অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰৰ মুখ্য আলোচক হিচাপে বিশিষ্ট পৰিৱেশ বিজ্ঞানী ড° কৃষ্ণগোপাল ভট্টাচাৰ্যই পৰিৱশৰ সংৰক্ষণ আৰু সজাগতা, গোলকীয়কৰণৰ উষ্ণতা বৃদ্ধিৰ কাৰণ আৰু ইয়াৰ পৰিত্ৰাণৰ উপায় বিষয়ৰ ওপৰত এক তত্ত্বগধুৰ বক্তৃতাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ আলোচনা চক্ৰত বিষয়বস্তুৰ ওপৰত টেপুৰাম টেৰণ হাইস্কুল পৰিচলনা সমিতিৰ সভাপতি থানেশ্বৰ মালাকাৰ, স্বেচ্ছাসেৱী অনুষ্ঠান সুৰক্ষা ৰ সভাপতি তথা বিশিষ্ট পশুবিজ্ঞানী ড° মিনেশ্বৰ হাজৰিকাই বিষয়বস্তুৰ ওপৰত বক্তৃতা আগবঢ়ায় ৷ অনুষ্ঠানত চচল জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সভাপতি কুমুদেশ্বৰ শৰ্মা, চচল নামঘৰ সমিতিৰ সভাপতি ড° নব নাহৰডেকা, ওপৰ চচল বিহু সন্মিলনৰ সভাপতি পৱণ বুঢ়াগোঁহাইৰ লগতে চচল জেষ্ঠ নাগৰিক সন্মিলন, চচল শতদল শাখা সাহিত্য সভা, ওপৰ চচল বিহু সন্মিলন , চচল ৰাজহুৱা নামঘৰ সমিতি, চচল শাখা লেখিকা সমাৰোহ, চচল মহিলা কৃষ্টি সমাজ আৰু সুৰক্ষাৰ কৰ্মকৰ্তাসকল, টেপুৰাম টেৰণ হাইস্কুলৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থাকে ৷