মহানগৰীৰ Sohum Emporiaত ভয়ংকৰ অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড । মহানগৰীৰ জি এছ ৰোডৰ এবিচিৰ SOHUM EMPORIAত সংঘটিত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ড । অট্টালিকাটোৰ ছটা মহলাতে চানি ধৰিছে জুয়ে । মঙলবাৰে মাজনিশা সংঘটিত হোৱা এই অগ্নিকাণ্ডটোত কোটি-কোটি টকাৰ সামগ্ৰী ভস্মীভূত।অৱশ্যে এই অগ্নিকাণ্ডত বৰ্তমানলৈ কোনো লোক হতাহত হোৱাৰ তথ্য লাভ কৰা হোৱা নাই ৷মঙলবাৰৰ মাজনিশা প্ৰায় ১২.৩৫ বজাত এই অগ্নিকাণ্ড সংঘটিত হয় । মাজনিশা জুই লগাৰ পাছতেই কলা ধোঁৱাই সমগ্র অট্টালিকা ঢাকি ধৰে। ঘটনাৰ খবৰ পোৱাৰ লগে লগেই অগ্নিনির্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয়। কেইবাখনো অগ্নিনির্বাপক বাহিনীৰ গাড়ীয়ে নিশাৰ পৰা অবিৰতভাৱে চেষ্টা অব্যাহত ৰাখিছে, তথাপিও জুই সম্পূৰ্ণভাবে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই।

গুৱাহাটী আৰু সমীপৰ জিলা অঞ্চলসমূহৰ পৰা ২৫খনতকৈও অধিক অগ্নিনির্বাপক বাহনৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলি আছে। বিভিন্ন স্থানৰ পৰা অগ্নিনির্বাপক বাহিনীৰ বাহন ঘটনাস্থলীত উপস্থিত হয়। যদিও জুই নির্বাপণ হোৱা নাই। অগ্নিকাণ্ডৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই আৰু তদন্ত অব্যাহত আছে। উল্লেখযোগ্য যে, Sohum Emporia শ্বপিং কমপ্লেক্সটোৰ ভিতৰত একাধিক বুটিক, ব্যৱসায়িক প্ৰতিষ্ঠানৰ উপৰি ভাৰতীয় ষ্টেট বেংকৰ কেইবাটাও শাখা অৱস্থিত। আগ্নিকাণ্ডই মলটোৰ আভ্যন্তৰীণ অংশত ব্যাপক ক্ষতি সাধন কৰিছে বুলি অনুমান কৰা হৈছে। ঘটনাস্থলীত বর্তমানো জুই নিয়ন্ত্ৰণৰ প্ৰচেষ্টা অব্যাহত আছে।
