মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। ৰূপনগৰত সংঘটিত হৈছে এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। ভূমিস্খলনৰ  ফলত এগৰাকী মহিলা বৰ্তমান পৰ্যন্ত সন্ধানহীন হৈ আছে। সন্ধানহীন হৈ থকা মহিলাগৰাকীৰ নাম ৰীনা ডেকা দাস।জানিব পৰা মতে, মহিলাগৰাকীয়ে গা ধুই থকা অৱস্থাত এটা প্ৰকাণ্ড শিল পাহাৰৰ পৰা খহি পৰে। তাৰ পাছৰ পৰা মহিলাগৰাকী সন্ধানহীন হৈ আছে।  লগে লগে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হয়।পৰৱৰ্তী সময়ত ঘটনা সন্দৰ্ভত এছ ডি আৰ এফ বাহিনীক খবৰ দিয়া হয়। লগে লগে এছ ডি আৰ এফ বাহিনীয়ে মহিলাগৰাকীক বিচাৰি অভিযান চলাই যদিও মহিলাগৰাকীৰ কোনো সন্ধান লাভ কৰা নাই। এই ঘটনাই সমগ্ৰ অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইতিমধ্যে মহিলাগৰাকী মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে এছ ডি আৰ এফৰ অভিযান সম্পূৰ্ণ হোৱাৰ পাছত সম্পূৰ্ণ তথ্য পোহৰলৈ আহিব। দুৰ্গম স্থানত হোৱাৰ বাবে অসুবিধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলৰ।