মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন

মহানগৰীৰ ৰূপনগৰত ভয়ংকৰ ভূমিস্খলন

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী মহানগৰীত সংঘটিত হৈছে ভয়ানক ভূমিস্খলনৰ ঘটনা।মহানগৰীৰ ৰূপনগৰত শুকুৰবাৰে নিশা এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। এই ভূমিস্খলনৰ ঘটনাত দুটা ঘৰ প্ৰায় ধ্বংসস্তূপত পৰিণত হোৱাৰ বিপৰীতে এগৰাকী ব্যক্তি ধ্বংসস্তুপত আৱদ্ধ হৈ পৰিছে। শুকুৰবাৰে নিশা ১১.৩০ বজাত সংঘটিত হৈ এই ঘটনা।  পাহাৰৰ ওপৰৰ পৰা প্ৰকাণ্ড শিল খহি দুটা পৰিয়ালৰ ঘৰৰ ওপৰত পৰে আৰু ইয়াৰ ফলত দুয়োটা বাসগৃহ ধ্বংস হয় । এই ভূমিস্খলনৰ ফলত বিনয় সিং আৰু ৰেণু বৰ্মন নামৰ ব্যক্তি দুগৰাকী বাসগৃহ ধ্বংস হৈছে। আনহাতে ঘটনাত নিৰুদ্দিষ্ট হৈ থকা লোকজনক মনেশ্বৰ ৰাজবংশী বুলি চিনাক্ত কৰা হৈছে। নিৰুদ্দিষ্ট মনেশ্বৰ ৰাজবংশী ৰেণু বৰ্মনৰ তোলনীয়া পুত্ৰ বুলি জানিব পৰা গৈছে। এতিয়াও ধ্বংসস্তুপত আবদ্ধ হৈ আছে লোকজনক উদ্ধাৰৰ বাবে প্ৰশাসনে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। ভূমিস্খলনৰ ফলত হোৱা শব্দ শুনি উমান বুজি কিছুলোক নিৰাপদ স্থানলৈ আঁতৰি গৈছিল যদিও মনেশ্বৰ ৰাজবংশীয়ে এই শব্দ কিয় উদ্ভৱ হৈছে চাবলৈ ওলাই গৈছিল। কিন্তু সেই সময়তে ওপৰৰ পৰা বাগৰি অহা এক প্ৰকাণ্ড শিলে তেওঁক হেঁচা মাৰি ধৰে। ইয়াৰ পিছৰ পৰা সন্ধান ওলোৱা নাই মনেশ্বৰ ৰাজবংশীৰ। সম্প্ৰতি ভূমিস্খনলস্থলীত NDRF,SDRF আৰু অসম আৰক্ষীৰ দলে উদ্ধাৰ অভিযান চলাই হৈছে। খহি অহা শিল ভাঙিবলৈ উদ্ধাৰকাৰী দলটোৱে ড্ৰিলিং মেচিনো ব্যৱহাৰ কৰিছে।ভিতৰলৈ এক্সকেভেটৰ প্ৰৱেশৰ পথ নাই। ঘটনাৰ বিষয়ে তথ্য লাভ কৰাৰ লগতে প্ৰশাসনৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰে বুলি জানিব পৰা গৈছে।