মহানগৰীৰ ৰুদ্ৰাক্ষ মলত অভিযন্তাৰ মৃতদেহ উদ্ধাৰ

মহানগৰীৰ ৰুদ্ৰাক্ষ মলত অভিযন্তাৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ভঙাগড়ত ৰহস্যজনক অৱস্থাত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ। ৰুদ্ৰাক্ষ মলৰ চতুৰ্থ মহলাত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। ৭ম মহলাৰ পৰা চতুৰ্থ মহলাত সৰি পৰে যুৱকজন। মুৰ্মূষু অৱস্থাত যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাধীন অৱস্থাত মৃত্যুক সাবটি লয় সিদ্ধান্ত দাস নামৰ যুৱকজনে। সোনকালে ওভতাৰ প্ৰতিশ্ৰুতিৰে  সোণাপুৰৰ নিজ বাসভৱনৰ পৰা ওলাই আহিছিল ২৯ বছৰীয়া যুৱ অভিযন্তা সিদ্ধান্ত দাস। কিন্তু মাজনিশা ৰহস্যজনকভাবে যুৱকজনে মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলত মৃত্যুক সাবটিবলগীয়া হোৱাক কেন্দ্র  কৰি এতিয়া চৌদিশে সৃষ্টি হৈছে চাঞ্চল্যৰ। প্রশ্ন উঠিছে- দুর্ঘটনা নে পৰিকল্পিতভাবে হত্যা কৰা হ’ল সিদ্ধান্ত দাসক? যুৱকজনৰ পিতৃ সনাতন দাসে সদৰী কৰা মতে, পুৱা প্রায় ১০.৩০ বজাত জালুকবাৰীত এটা কামৰ বাবে যুৱকজন ঘৰৰ পৰা ওলাই আহিছিল। গুৱাহাটী আহি পোৱাৰ পাছতে কামত ব্যস্ত হৈ পৰা যুৱকজনে  পুনৰ কিছুসময় পাছত মাতৃলৈ ফোন কৰি সন্ধিয়া বন্ধু এজনৰ জন্মদিনৰ পাৰ্টীলৈ যাব বুলি কৈছিল। সেইমর্মে কালি সন্ধিয়া প্রায় ৭.৫০ বজাত মাতৃয়ে ফোন কৰাত জন্মদিনৰ পাৰ্টীত সোমোৱা বুলি জনায়। অৱশ্যে এঘণ্টা পাছতে পুনৰ ঘৰলৈ উভতি যাব বুলিও মাতৃক লগতে কয়। কিন্তু প্রায় ৯ বজাত পুনৰ মাতৃলৈ ফোন কৰি ঘৰলৈ ওভতাৰ সলনি মালিগাঁৱৰ ৰে’লৱে কলনিত থকা শহুৰেকৰ ঘৰত নিশাটো কটাব বুলি তেওঁ কয়। পুত্ৰৰ অনুপস্থিতিত চিন্তিত মাতৃয়ে পুনৰ নিশা ১০.১০ বজাত ফোন কৰাত তেওঁ শহুৰেকৰ ঘৰ আহি পোৱা বুলি মাকক অৱগত কৰে। এই কথা শুনাৰ পাছতে দুয়ো পিতৃ-মাতৃয়ে নিশ্চিন্ত মনে শুই পৰে। কিন্তু আজি পুৱা প্রায় ৭.৪৫ বজাত ভঙাগড় থানাই পিতৃক ফোন কৰি জিএমচিএইচলৈ আহিবলৈ কোৱাৰ পাছতে পিতৃ-মাতৃয়ে হাস্পতালত পুত্ৰৰ নিথৰ দেহ প্রত্যক্ষ কৰি শোকত ভাগি পৰে। জানিব পৰা মতে, কালি সন্ধিয়া প্রায় ৭.৩০ বজাত সিদ্ধান্ত দাসে পত্নী দীপশিখাসহ ভঙাগড়ৰ ৰুদ্ৰাক্ষ মলৰ ষষ্ঠ মহলাত অৱস্থিত বাৰ কাম ৰেষ্টুৰেণ্টত আয়োজিত এটা পার্টীলৈ আহিছিল। অলপ সময় তাত কটোৱাৰ পাছত নিশা প্রায় ১০ বজাত পত্নীক মালিগাঁৱৰ ৰে’লৱে কলনিত থকা শহুৰেকৰ ঘৰত থৈ পুনৰ মললৈ উভতি আহিছিল সিদ্ধান্ত। তাৰ পাছতে মাজনিশা মলখনৰ চতুৰ্থ মহলাৰ এটা ছিৰিত যুৱকজনৰ ৰক্তাক্ত দেহ প্ৰত্যক্ষ কৰি মলখনৰ নিৰাপত্তাৰক্ষীয়ে ভঙাগড় থানাক অৱগত কৰে। আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনক লগে লগে জিএমচিএইচৰ জৰুৰীকালীন বিভাগত ভর্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে। যুৱকজনৰ পৰিয়ালে জানিবলৈ দিয়া মতে, সিদ্ধান্তৰ পত্নী দীপশিখাৰ কোনো বন্ধুৰ জন্মদিনত অংশ লোৱাৰ বাবে তেওঁলোকে মললৈ গৈছিল। চৰ্চিত খবৰ অনুসৰি মৃতদেহটো চতুর্থ মহলাৰ ছিৰিত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হৈছিল বুলি জনা গৈছে যদিও একাংশ লোকে পৰিয়ালক অবগত কৰা মতে, যুৱকজনে চিঞৰ-বাখৰ কৰি সপ্তম মহলাৰ পৰা নামি আহিছিল। ইয়াৰ পিছতে স্বাভাৱিকতে যুৱকজনৰ মৃত্যুক লৈ যথেষ্ট ৰহস্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, মলখনৰ বাৰ কাম ৰেষ্টুৰেণ্টখন ষষ্ঠ মহলাতহে আছে। কিন্তু একাংশই দাবী কৰা মতে, সপ্তম মহলাৰ পৰা চিঞৰ-বাখৰ কৰি ৰক্তাক্ত অৱস্থাত যুৱকজন ওলাই আহিছিল। মৃতদেহটোৰ মূৰৰ পিছফালে কটাৰ চিন থকাৰ লগতে পিঠিৰ অংশবিশেষৰ বহু স্থান ক্ষত-বিক্ষত অৱস্থাত আছিল।  পোহৰলৈ আহিব। ঘটনাটো সন্দর্ভত যুৱকজনৰ পিতৃ সনাতন দাসে পল্টন  বজাৰ থানাত এখন এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে ঘটনা সন্দর্ভত কোনোধৰণৰ মন্তব্য এতিয়ালৈকে প্রকাশ কৰা নাই যদিও সমগ্ৰ বিষয়টো পৰিকল্পিত হত্যাকাণ্ডৰ কিবা যোগসূত্র জড়িত হৈ আছে নেকি সেয়া আৰক্ষীয়ে পৰীক্ষা কৰি আছে। আজি আৰক্ষীৰ দলে মলটোৰ ভিতৰে-বাহিৰে থকা সকলো চিচি টিভিৰ ফুটেজ সংগ্ৰহ  কৰিছে। উল্লেখ্য যে ৰয়েল গ্ল’বেল বিশ্ববিদ্যালয়ৰ পৰা চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী গ্ৰহণ কৰি চৰকাৰী চাকৰিলৈ বাট নাচাই সোণাপুৰৰ নিজৰ বাসভৱনতে খোৱাপানীৰ বটলৰ ফেক্টৰী খুলি ব্যৱসায়ত নিয়োজিত হৈ আছিল সিদ্ধান্ত দাস। দীর্ঘদিনৰ প্ৰেমৰ অন্তত দীপশিখাৰ সৈতে যোৱা ৩ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হৈছিল সিদ্ধান্ত দাস। কিন্তু দুর্ভাগ্যজনকভাবে বিবাহ হোৱাৰ মাত্র দুমাহ পাছতে মৃত্যুমুখত পৰা সিদ্ধান্তৰ এই দুৰৱস্থাক লৈ সকলোৱে আশ্চর্য প্রকাশ কৰিছে।  জিএমচিএইচত মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে যুৱকজনৰ মৃতদেহ সোণাপুৰৰ ঘৰলৈ নিয়া হয়।