মহানগৰীৰ মালিগাঁওত চোৰৰ সন্ত্রাস

pc Shutterstock

মহানগৰীৰ মালিগাঁওত চোৰৰ সন্ত্রাস

ৰঙিলী বাৰ্ত্তাসেৱা-  নির্বাক-নিৰ্বিকাৰ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষী।  মহানগৰীৰ মালিগাঁও আদিংগিৰিত চোৰে চলাইছে সন্ত্রাস। বিগত তিনিটা দিনত তিনিটাকৈ ঘৰত চুৰি হৈছে। আদিংগিৰি কল্যাণ নগৰৰ গৃহ নং ১১৮ত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে পৰেশ ঠাকুৰীয়াৰ বাসগৃহৰ পৰা ১৪ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰসহ নগদ ২৫ হাজাৰ টকা। উল্লেখ্য যে পৰেশ ঠাকুৰীয়াৰ পৰিয়ালে শহুৰেক ঢুকোৱা বাবে গৈছিল তেজপুৰলৈ। দুটা দিন ঘৰত নথকাতে খিৰিকী ভাঙি মৰসাহ কৰি প্ৰৱেশ কৰি লুটি নিলে সকলো। ইফালে পৰেশ ঠাকুৰীয়াৰ পৰিয়ালে গোশালা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ। পিছে পাৰিবনে আৰক্ষীয়ে চোৰ সন্ধান উলিয়াব।