মহানগৰীৰ ভাড়াঘৰত প্ৰেমিক-প্ৰেমিকাই বাচি ল’লে চৰম পন্থা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত সংঘটিত হৈছে আন এক চাঞ্চল্যৰ ঘটনা। কাহিলীপাৰা কল্যাণী নগৰৰ ভাড়াঘৰত সংঘটিত হৈছে এই ঘটনা। ভাড়াঘৰত লিভ-ইন ৰিলেশ্বনশ্বিপত থকা প্ৰেমিক-প্ৰেমিকাই বাচি ল’লে চৰম পন্থা। প্ৰেমিকাৰ সমুখতে নিজৰ জীৱন শেষ কৰিলে প্ৰেমিকে। নিজৰ জীৱন শেষ কৰাৰ অপচেষ্টা প্ৰেমিকাৰো।জানিব পৰা অনুসৰি ভাড়াঘৰতে চিপ লৈ চৰম সিদ্ধান্ত ল’লে প্ৰেমিক নৱজ্যোতি তালুকদাৰে। প্ৰথমে প্ৰেমিকাক এটা কোঠাত আবদ্ধ কৰি নিজৰ জীৱন শেষ কৰি দিছিল প্ৰেমিক নৱজ্যোতি তালুকদাৰে। ঘটনা সংঘটিত হোৱাৰ লগে-লগে আৰক্ষীক খবৰ দিয়ে প্ৰেমিকাই।আৰক্ষীক খবৰ দি নিজৰ হাত কাটি আত্মহননৰ চেষ্টা চলাই প্ৰেমিকা সুস্মিতা দাসে।ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ সুস্মিতা দাসক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।ইতিমধ্যে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে নৱজ্যোতি তালুকদাৰৰ মৃতদেহ। জানিব পৰা মতে দুয়োজনৰে মাজত দীৰ্ঘদিন ধৰি প্ৰেমৰ সম্পৰ্ক আছিল। সম্পৰ্কত হোৱা সংঘাতৰ বাবেই এই সিদ্ধান্ত লোৱাৰ আশংকা কৰা হৈছে। ইফালে, সুস্মিতাক হায়াট হস্পতালত ভৰ্তি কৰা হয় যদিও তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।চিকিৎসালয়ত সোধা-পোছাৰ সময়ত সুস্মিতাই স্বীকাৰ কৰে যে তেওঁলোকৰ সম্পৰ্ক কিছুদিনৰ পৰা বেয়া হৈ আছিল। নিয়মীয়া কাজিয়া আৰু আৱেগিক চাপে দুয়োকে ক্ষতি কৰিছিল। সূত্ৰই জনোৱা মতে, সুস্মিতাই মহানগৰীৰ এটা চেটেলাইট নিউজ চেনেলত কৰ্মৰত আছিল। ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। দুয়োগৰাকীৰ ঘৰ নলবাৰীত বুলি জানিব পৰা গৈছে।