মহানগৰীৰ জু-ৰোডত বন্ধ কোঠাত যুৱতীৰ মৃতদেহ উদ্ধাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ ভাড়াঘৰত পুনৰ ৰহস্যজনক অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ। জু-ৰোডৰ জুৰণি পথৰ এটা গৃহত এগৰাকী যুৱতীৰ ৰহস্যজনক আত্মহননক কেন্দ্র কৰি তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। আত্মহননৰ দৰে চৰম পন্থা লোৱা যুৱতীগৰাকীক গীতানগৰ আৰক্ষীয়ে সৰভোগৰ ৩১ বছৰীয়া ফাৰহান চুলতানা বুলি চিনাক্ত কৰিছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, জুৰণি পথৰ এঘৰত ভাৰাতীয়া হিচাপে আছিল যুৱতীগৰাকী। বিগত তিনি দিনে কোঠাৰ দুৱাৰ খোলা নাছিল যুৱতীগৰাকীয়ে। তদুপৰি কোঠাটোৰ পৰা বিয়পি পৰা উৎকট দুর্গন্ধই বিষয়টো অধিক ৰহস্যঘন কৰি তোলে। ভাৰাঘৰটোৰ স্বত্বাধিকাৰীয়ে এই সন্দৰ্ভত স্থানীয় ৰাইজক অৱগত কৰাত ৰাইজে গীতানগৰ আৰক্ষীক খবৰ দিয়ে। তাৰ পাছত ৰাইজৰ খবৰৰ ভিত্তিত বৃহস্পতিবাৰে বিয়লি আৰক্ষীয়ে বন্ধ কোঠাৰ দুৱাৰ ভাঙি চিপ লোৱা অৱস্থাত যুৱতীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে। তিনি দিন হৈ যোৱাৰ বাবে মৃতদেহটো কিছু পৰিমাণে গেলিবলৈ আৰম্ভ কৰিছিল বুলি জানিব পৰা গৈছে। পৰৱৰ্তী সময়ত আৰক্ষীয়ে যুৱতীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। প্রাথমিক তদন্তত আৰক্ষীয়ে এয়া আত্মহত্যাৰ ঘটনা বুলি উল্লেখ কৰিছে। অৱশ্যে কি কাৰণত যুৱতীগৰাকীয়ে এই পন্থা গ্রহণ কৰিছে তাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
