মহানগৰীৰ জালুকবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত
ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে মাজনিশা মহানগৰীৰ জালুকবাৰীত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।আমিনগাঁৱৰ পৰা জালুকবাৰী অভিমুখী এএছ ১৭ চি ০২৯৩ নম্বৰৰ এখন ট্ৰাকে জালুকবাৰীস্থিত ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত প্ৰচণ্ড বেগত খুন্দা মাৰে। এই দুৰ্ঘটনাত ট্ৰাকখনৰ চালক-হেণ্ডিমেন গুৰুতৰভাৱে আহত হয়। উল্লেখ্য যে, দুৰ্ঘটনাটোত চালক-হেণ্ডিমেন দুয়োজনেই ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ পৰে। জালুকবাৰী যানবাহন আৰক্ষী আৰু ৰাইজৰ দুঘন্টাজোৰা প্ৰচেষ্টাৰ অন্তত দুয়োকে উদ্ধাৰ কৰা হয়। লোক দুজনক উদ্ধাৰৰ পাছতেই চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। আনহাতে, এই দুৰ্ঘটনাটোত ট্ৰাকখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয়।