মহানগৰীৰ চচলত মহিলাৰ দিহানাম প্ৰতিযোগিতাৰ সফল সামৰণি

মহানগৰীৰ চচলত মহিলাৰ দিহানাম প্ৰতিযোগিতাৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়া কৃষ্টি-সংস্কৃতি শুদ্ধ অনুশীলন, প্ৰসাৰ আৰু প্ৰচাৰৰ উদ্দেশ্যে আগত ৰাখি গঠিত ‘চচল মহিলা কৃষ্টি সমাজ’ ৰ উদ্যোগত ৩১ মাৰ্চত চচল শতদল শাখা সাহিত্য সভাৰ ৰৱীন্দ্ৰ নাথ দাস সভাগৃহৰ মঞ্চত দিনজোৰা কাৰ্য্যসূচীৰে মহিলাৰ দলীয় দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ এই প্ৰতিযোগিতাত মহানগৰ জিলাৰ বিভিন্ন অঞ্চলৰ ১০ টি দলে যোগদান কৰে ৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে চচল অঞ্চলৰ জ্যেষ্ঠা সমাজকৰ্মী বিনা দাসে ৷ প্ৰতিযোগিতাৰ মঞ্চ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চচল শতদল শাখা সাহিত্য সভাৰ সভাপতি থানেশ্বৰ মালাকাৰে৷প্ৰতিযোগিতাৰ বিচাৰকৰ আসন অলংকৃত কৰে অসমীয়া কৃষ্টি সংস্কৃতি বিশেষজ্ঞা ড° ডালিমী কোঁৱৰ আৰু কৃষ্টি-সংস্কৃতিৰ সাধক ভুৱন গন্ধিয়াই প্ৰতিযোগিতাত প্ৰথম , দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে একাদিক্ৰমে নবৰূপা নামতি দল ২ নং মঠঘৰীয়া, মিনতি দেৱীৰ দল নাৰেংগী আৰু মৰমী দাসৰ শংকৰ নামঘৰ দলে ৷ চচল জনজাতি নামতি দলে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে ৷ শ্ৰেষ্ঠ নামতি হিচাপে পাঞ্জাবাৰী অমৃতপুৰ কলা কৃষ্টি কেন্দ্ৰ দলৰ নামতী ভবানী বৰা আৰু শ্ৰেষ্ঠ নেগেৰা বাদকৰ সন্মান নবৰূপা নামতি দলৰ হিতেশ দাসে লাভ কৰে ৷ প্ৰতিযোগিতাৰ অন্তত বঁটা দাতা তনুজ কুমাৰ মহন্ত, মন্টু বমৰ্ণ, প্ৰণামী মহন্ত, নিকুঞ্জ কুমাৰ দাস আৰু থগেশ্বৰী দাসে উপস্থিত থাকি বঁটা প্ৰদান কৰে ৷ ত্ৰি-শতাধিক ধৰ্মপ্ৰাণ ভকত-বৈষ্ণৱ, আই-মাতৃ উপস্থিত থকা দিনজোৰা প্ৰতিযোগিতাৰ সফল সমাপ্তিৰ বাবে চচল মহিলা কৃষ্টি সমাজৰ সভানেত্ৰী চিত্ৰা দাস আৰু সম্পাদিকা জোন বৰাই কৃতজ্ঞতা জ্ঞাপন কৰে ।