মহানগৰীৰ গান্ধীবস্তিত ভয়াৱহ অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । গুৱাহাটীৰ গান্ধীবস্তিৰ অনু বৰা পথৰ শুভম ইলাইট এপাৰ্টমেণ্টৰ ওচৰত দুপৰীয়া সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ সময়ত বাসগৃহত থকা কেইবাটাও গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় বুলি স্থানীয় ৰাইজে সদৰী কৰিছে । অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য জানিব পৰা হোৱা নাই ।দুপৰীয়াৰ ভাগত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোতবহুকেইটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ওচৰা-ওচৰিকৈ থকা তিনিটাকৈ চৌহদ অগ্নিৰ কবলত পৰে । ফলত চৌহদ তিনিটাত থকা বহুকেইটা ঘৰ ভস্মীভূত হয় । হঠাতে সূত্ৰপাত হোৱা জুয়ে মুহূৰ্ততে আগুৰি ধৰে কেইবাটাও বাসগৃহ । ইয়াৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হয় । ফলত জুই আৰু অধিক বিয়পি পৰে । অগ্নিকাণ্ডৰ ফলত আবাসীসকলৰ মাজত হুৱাদুৱা লাগে । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও বহুকেইটা ঘৰৰ সকলো সা-সামগ্ৰী জুইত জাহ যায় ।নিমিষতে ক’লা ধোঁৱাই ছানি ধৰে গান্ধীবস্তি অঞ্চল । ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে । পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্রণ কৰে যদিও বহুকেইটা ঘৰ ইতিমধ্যে জুইত জাহ যায় ।