মহানগৰীৰ গড়চুকত গাঞ্জা জব্দ
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ গড়চুকত ৫০০ কেজি গাঞ্জা জব্দ। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩.৫ কোটি টকা। এখন কণ্টেইনাৰত কঢ়িয়াই আনিছিল গাঞ্জাখিনি। ত্ৰিপুৰাৰ পৰা বিহাৰলৈ সৰবৰাহ কৰাৰ পৰিকল্পনাৰে অনা হৈছিল গাঞ্জাখিনি।গাঞ্জা জব্দৰ লগতে গ্ৰেপ্তাৰ কৰা হয় ৪জন গাঞ্জা সৰবৰাহকাৰীক। সৰবৰাহকাৰীকেইজন হৈছে মনীষ কুমাৰ, নবীন কুমাৰ, দীনবন্ধু কুমাৰ আৰু সঞ্জয় কুমাৰ। কণ্টেইনাৰত অন্য চেম্বাৰ বনাই সৰবৰাহ কৰিছিল গাঞ্জাখিনি।