মহানগৰীৰ খানাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

pc- onmanorama

মহানগৰীৰ খানাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ খানাপাৰত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰেইলাৰে মহতিয়াই নিলে কেইবাখনো বাহন। যোৰাবাটৰ পৰা খানাপৰা অভিমুখী আছিল ট্ৰেইলাৰখন। ট্ৰেইলাৰখনে এখন এল্ট’, এখন ইকৌ, এখন ইন’ভাকে ধৰি মুঠ ৪ খন বাহনক ক্ষতিগ্ৰস্ত কৰে। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেইলাৰখনৰ নম্বৰ ইউ পি ৫৩ ই টি ৬১৬১। ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। সৌভাগ্যক্ৰমে ঘটনাত কোনো লোক আহত হোৱা নাই