মহানগৰীৰ ওদালবাক্রাত বিধ্বংসী অগ্নিকাণ্ড
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগীৰৰ ওদালবাক্রাত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। এই বিধ্বংসী অগ্নিকাণ্ডত পাঁচখনকৈ দোকান আৰু এখন টাটা হুম’ বাহন সম্পূর্ণৰূপে ভস্মীভূত হয়। শনিবাৰে দিনৰ প্ৰায় ১.৫০ বজাত ওদালবাক্ৰাৰ সাবিত্রী ভৰালী বিদ্যালয়ৰ সমীপত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে অঞ্চলটোত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। অগ্নিকাণ্ডৰ ফলত জুইৰ লেলিহান শিখাই নিমিষতে পাঁচখনকৈ দোকান আগুৰি ধৰে। অগ্নিকাণ্ডত দিগন্ত বৈশ্যৰ ডি বি এণ্টাৰপ্ৰাইজ, নীলু ফাৰ্নিছাৰ, এটা গেৰেজ আৰু সমীপৰ আন দুখন দোকানৰ নগদ ধনকে ধৰি সকলো সা-সামগ্রী জুইত জাহ যায়। স্থানীয় ৰাইজৰ খবৰৰ ভিত্তিত ১০খনকৈ অগ্নিনির্বাপক বাহিনীৰ গাড়ীৰে কেইবাঘণ্টাজোৰা চেষ্টাৰ অন্তত জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ পিছতে লালগণেশ-কাহিলিপাৰা সংযোগী পথটো সম্পূর্ণৰূপে বন্ধ কৰি অগ্নি নির্বাপক বাহিনীয়ে জুই নিয়ন্ত্রণ কৰে। অগ্নিকাণ্ডৰ পিছতে লালগণেশ কাহিলিপাৰা সংযোগী পথত তীব্র যানজটৰ সৃষ্টি হয়। শ্বর্ট চাৰ্কিটৰ ফলতেই অগ্নিকাণ্ডৰ সূত্রপাত হোৱা বুলি অগ্নিনির্বাপক বাহিনীয়ে জানিবলৈ দিছে। এই অগ্নিকাণ্ডত কেইবালাখ টকাৰ সা-সামগ্রী ভস্মীভূত হয়। অগ্নি নির্বাপক বাহিনীৰ তৎপৰতাৰ বাবে বৃহত্তৰ অঞ্চলটো ৰক্ষা পৰে।