মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ

মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত ৰিক্সাচালকৰ পৰা পিষ্টল জব্দ। পল্টনবজাৰ থানাই আটক কৰে ৰিক্সাচালকজনক। পল্টনবজাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে । ধৃত ৰিক্সাচালকজনৰ নাম অজয় কুমাৰ প্ৰসাদ। অজয় কুমাৰ প্ৰসাদৰ ঘৰ বিহাৰত।আৰক্ষীয়ে এক অভিযান চলাই পল্টন বজাৰৰ পৰা কৰায়ত্ত কৰে অজয় কুমাৰ প্ৰসাদ নামৰ ৰিক্সাচালকজনক। ৰিক্সাচালক জনৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৫টা সজীৱ গুলীসহ এটা পিষ্টল। বিহাৰত অপৰাধ সংঘটিত কৰি অসমলৈ আহিছিল ধৃত অজয় কুমাৰ। গুৱাহাটীটো ৰিক্সা ভাড়াত লোৱা ব্যক্তিক পিষ্টল দেখুৱাই ধন দাবী কৰাৰ অভিযোগ আছিল অজয় কুমাৰৰ বিৰুদ্ধে। ঘটনা সন্দৰ্ভত পল্টনবজাৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।