মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক হিট এণ্ড ৰাণৰ ঘটনা

মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক হিট এণ্ড ৰাণৰ ঘটনা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত পুনৰ সংঘটিত হৈছে আন এক হিট এণ্ড ৰাণৰ ঘটনা। বন্ধুৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান লৈ আহি দুৰ্ঘটনাতপতিত হৈ অকাল মৃত্যুক আঁকোৱালি ল’লে বাদ্যশিল্পীয়ে। নিহত শিল্পীগৰাকীৰ নাম কমল বৰুৱা বুলি জানিব পৰা গৈছে।ভৰলু পইন্টত সংঘটিত হৈছিল সেই ভয়ংকৰ দুৰ্ঘটনা। এখন বাহনৰ খুন্দাত থিতাতে নিহত হয় কমল বৰুৱা। দুৰ্ঘটনা সংঘটিত কৰি পলায়ন বাহনখনৰ। ভৰলু আৰক্ষীয়ে উদ্ধাৰ কৰিছে কমলৰ মৃতদেহ আৰু দুৰ্ঘটনাগ্ৰস্ত বাইকখন।কটন বিশ্ববিদ্যালয়ৰ এক অনুষ্ঠানত অংশগ্ৰহণৰ বাবে আহিছিল কমল বৰুৱা নামৰ শিল্পীগৰাকী। SMACK BAND নামৰ সংগীত পৰিৱেশন কৰা দলটোৰ এগৰাকী ড্ৰাম বাদক হিচাপে আছিল কমল বৰুৱা।আকস্মিক এই দুৰ্ঘটনাৰ পিছত কটনৰ অনুষ্ঠান বাতিল কৰিছে উদ্যোক্তা ‘আৱেগ’এ।