মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ

Pc The Indian Express

মহানগৰীত পুনৰ উদ্ধাৰ এগৰাকী লোকৰ মৃতদেহ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীত পুনৰ উদ্ধাৰ হৈছে এগৰাকী লোকৰ মৃতদেহ। গুৱাহাটীৰ চুপাৰ মাৰ্কেট অঞ্চলৰ এটা লজৰ সমীপত ৰহস্যজনক পৰিস্থিতিত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হয়। ইতিমধ্যে আৰক্ষীয়ে তদন্তত নামিছে। বিভাস ল’জৰ সমীপতে উদ্ধাৰ হয় মৃতদেহটো।মৃত ব্যক্তিজনৰ পৰিচয় জানিব পৰা হোৱা নাই । প্ৰাপ্ত খবৰ অনুসৰি, পত্নীৰ চিকিৎসাৰ বাবে গুৱাহাটীলৈ আহি বিভাস ল’জত আছিলহি তেওঁলোক। কিন্তু পুৱাৰ ভাগত বিভাস ল’জৰ ওলাই অহাৰ পাছতে ৰাজপথৰ কাষত উদ্ধাৰ হয় লোকগৰাকীৰ মৃতদেহ। বিভাস ল’জৰ ৪নং কোঠাত আছিল লোকগৰাকীৰ পত্নী আৰু মাতৃ। বৰ্তমানেও পত্নী আৰু মাতৃক অৱগত কৰা হোৱা নাই লোকগৰাকীৰ মৃত্যুৰ খবৰ। জি এন আৰ চিত চিকিৎসাৰ বাবে তেওঁলোক আহিছিল বুলি জানিব পৰা গৈছে।