মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ প্রকল্প উদ্বোধন 

মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ প্রকল্প উদ্বোধন 

ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই লোকসেৱা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত গুৱাহাটী মহানগৰীত পাইপযোগে প্রাকৃতিক গেছ যোগানৰ এই অভিলাষী প্রকল্প আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে। এই অনুষ্ঠানৰ জৰিয়তে প্রথম পৰ্যায়ত গীতানগৰ অঞ্চলৰ ১০১টা পৰিয়ালক সামৰি লোৱা হৈছে। আনহাতে, এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড° শৰ্মাই শিলচৰত বৰাক উপত্যকাৰ প্ৰথমটো চিএনজি ষ্টেচন আভাসীয়ভাবে উদ্বোধন কৰাৰ লগতে হাজো, শুৱালকুছি, ৰঙিয়া আৰু বাইহাটা চাৰিআলিত পাইপযোগে গেছ যোগানৰ প্ৰাৰম্ভিক কামৰো শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই আজিৰ দিনটো এটা গৌৰৱৰ দিন বুলি অভিহিত কৰি পূৰ্ব ভাৰতী গেছ প্রাইভেট লিমিটেডৰ দ্বাৰা পাইপযোগে প্রাকৃতিক গেছ যোগানৰ এই পদক্ষেপক এক উজ্জ্বল ভৱিষ্যতৰ আৰম্ভণি তথা এক সূর্যোদয়ৰ যাত্ৰা আখ্যা দি তেওঁ কয় যে কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলা তথা কাছাৰ, হাইলাকান্দি আৰু শ্রীভূমি জিলাত চিটী গেছ বিতৰণ নেটৱৰ্ক স্থাপনৰ উদ্দেশ্যে অসম গেছ কোম্পানী লিমিটেড, অইল ইণ্ডিয়া লিমিটেড আৰু গেইল গেছ লিমিটেডৰ যৌথ প্রতিষ্ঠান হিচাপে পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেড গঠন কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে এটা স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে অসমত চিটী গেছ বিতৰণ নেটৱৰ্ক স্থাপনৰ কাম আৰম্ভ কৰিছে। ৰাজ্যৰ অন্যান্য অঞ্চলতো এইদৰে পাইপযোগে প্রাকৃতিক গেছ যোগানৰ উদ্দেশ্যে কাম-কাজ অব্যাহত আছে। এইদৰে প্ৰাকৃতিক গেছ যোগানৰ কামত জড়িত আন ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠানৰ তুলনাত পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে দ্রুতগতিত গুৱাহাটীত পাইপযোগে গেছ যোগানৰ কাম সম্পূৰ্ণ কৰা কাৰ্যই প্রতিষ্ঠানটোৰ পাৰদৰ্শিতাকে প্রতিফলিত কৰিছে। তেওঁ সদৰী কৰা মতে, পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে এই সমগ্র প্রকল্পটোত ২৬১৬.৯৫ কোটি টকা ব্যয় কৰিব আৰু কামৰূপ তথা কামৰূপ (মহানগৰ) জিলাত এই কাম ২০২৮ চনৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত সমাপ্ত হ’ব। মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গুৱাহাটী মহানগৰীত ঘৰে ঘৰে প্ৰাকৃতিক গেছ যোগানৰ বাবে পাইপ স্থাপনৰ কাম যথেষ্ট প্রত্যাহ্বানমূলক আছিল। গুৱাহাটীত নলযোগে পানী যোগানৰ উদ্দেশ্যে পাইপ স্থাপনৰ কামত জড়িত প্রতিষ্ঠানসমূহেও যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছিল। পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডে পাইপ স্থাপনৰ এই কাম অত্যন্ত দক্ষতাৰে সমাপন কৰাৰ বাবে মহানগৰবাসীৰ বিশেষ কোনো অসুবিধা হোৱা নাছিল। পূর্ব ভাৰতীয়ে ৰূপায়ণ কৰা চিটী গেছ প্ৰকল্পৰ অধীনত ইতিমধ্যে প্রায় ৭৬৫ কিলোমিটাৰ মধ্যম ঘনত্বৰ পলিইথাইলিন পাইপলাইন আৰু প্রায় ৪৩ কিলোমিটাৰ ষ্টীল পাইপলাইন স্থাপন কৰা হৈছে। ৩০,৬৯৩টা পৰিয়ালে ইতিমধ্যে ঘৰুৱা পাইপযুক্ত প্রাকৃতিক গেছৰ সংযোগৰ বাবে পঞ্জীয়ন কৰিছে বুলিও জানিবলৈ দি তেওঁ কয় যে ‘লাষ্ট মাইল’ অর্থাৎ শেষৰ শাৰীৰ ৬,১৭৫টা ঘৰুৱা পাই পযুক্ত প্রাকৃতিক গেছৰ সংযোগো সম্পূৰ্ণ কৰা হৈছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ উদ্যোগত গেছ গ্রীড স্থাপন হোৱাৰ পিছত ৰাজ্যত গেছৰ অভাৱ দূৰ হৈছে। ইতিমধ্যে যাৱতীয় আন্তঃগাঁথনি নির্মাণ হৈ উঠাৰ ফলত এইদৰে পাইপযোগে গেছ যোগান ধৰাৰ কাম বিভিন্ন অঞ্চললৈ সম্প্ৰসাৰণ কৰিব পৰা যাব। এনে গেছ সংযোগৰ সুবিধা গ্ৰহণৰ বাবে আগবাঢ়ি আহিবলৈ জনসাধাৰণক তেওঁ আহ্বান জনায়।  আনহাতে, হাজো, শুৱালকুছি, ৰঙিয়া আৰু বাইহাটা চাৰিআলিত পাইপযোগে গেছ যোগানৰ প্ৰাৰম্ভিক কামৰ শুভাৰম্ভ হোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰৰ দৰে গুৱাহাটীক কেন্দ্ৰ কৰি ৰাজ্যিক ৰাজধানী ক্ষেত্ৰ গঠনৰ পৰিৱেশ এটা লাহে লাহে গঠন হ’ব ধৰিছে। প্রস্তাবিত ৰিং ৰোডৰ কাম সম্পৰ্ণ হৈ উঠাৰ পিছত গুৱাহাটীৰ সমীপৱৰ্তী এই অঞ্চলসমূহ প্ৰকৃতাৰ্থতে ‘ৰিং’ এটাৰ বাট হৈ পৰিব। তেওঁ উল্লেখ কৰে যে চলিত বছৰৰ ডিচেম্বৰ মাহত গুৱাহাটী-উত্তৰ গুৱাহাটী দলঙৰ কাম সম্পূৰ্ণ হ’ব। আনহাতে, সম্প্রতি দ্রুতগতিত নির্মাণকার্য চলি থকা পলাশবাৰী-শুৱালকুছি দলঙৰ কাম ২০২৭ চনত শেষ হ’ব। তেনেদৰে নাৰেংগী-কুকৰুৱা সংযোগী দলং নির্মাণ হৈ উঠাৰ পিছত বৰ্তমান গুৱাহাটীৰ সমীপৱতী এক বৃহৎ অঞ্চলৰ পৰা মহানগৰীলৈ যাতায়াত এটা সময়ত যথেষ্ট সুচল আৰু কম সময়সাপেক্ষ হৈ পৰিব। ভাষণত মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্যত চিএনজি ষ্টেচনৰ সংখ্যা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে দিল্লীকে ধৰি দেশৰ বহু অঞ্চলত এনে চিএনজি ষ্টেচন ইতিমধ্যে স্থাপন কৰা হৈছে। অসমতো এনে চিএনজি ষ্টেচনৰ সংখ্যা বৃদ্ধিয়ে এনে ইন্ধনেৰে চালিত বাহনৰ সংখ্যা বৃদ্ধিত উদ্‌গনি যোগাব আৰু ইয়ে বায়ুৰ গুণমান উন্নত কৰি ৰখাত অৰিহণা যোগাব। তেওঁ লগতে উল্লেখ কৰে যে ৰাজ্যত বৰ্তমান ২৩টা এনে ষ্টেচন আছে আৰু শিলচৰৰ পিছত হাইলাকান্দি আৰু শ্রীভূমিত এনে ষ্টেচন স্থাপনৰ পদক্ষেপ গ্রহণ কৰা হৈছে। তেওঁ লগতে পূর্ব ভাৰতী গেছ প্রাইভেট লিমিটেডক অতি স্বচ্ছতা আৰু উদ্যমেৰে কাম-কাজ অব্যাহত ৰাখিবলৈও আহ্বান জনায়। তেওঁ লগতে কয় যে পেহেলগামৰ ঘটনাক কেন্দ্ৰ কৰি দেশত বিৰাজমান শেহতীয়া পৰিস্থিতিৰ বাবে বৰ্তমানৰ ৰাজ্য চৰকাৰখনে কাৰ্যকালৰ চতুৰ্থটো বর্ষ পূৰ্ণ কৰা আজিৰ দিনটো বিশেষ উলহ-মালহেৰে পালন কৰাৰ পৰা বিৰত আছে।

এই অনুষ্ঠান উপলক্ষে পূর্ব ভাৰতী গেছ কোম্পানী প্রাইভেট লিমিটেডে প্রকাশ কৰা ‘শিখা’ শীর্ষক স্মৰণিকাখনো মুখ্যমন্ত্রী ড° শর্মাই আনুষ্ঠানিকভাবে উদ্বোধন কৰে। অনুষ্ঠানত উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়া, জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্রিয়া, মুখ্য সচিব ড° ৰবি কোটা, পূর্ব ভাৰতী গেছ কোম্পানী প্রাইভেট লিমিটেডৰ মুখ্য কার্যবাহী বিষয়া মনোজ বৰুৱা, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্র গগৈকে ধৰি কেইবাগৰাকীও গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।